ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক বতৰৰ ফল আম উপহাৰ দিলে বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। ৰাজনৈতিক বিবাদ, কেন্দ্ৰ-ৰাজ্যৰ সংঘাতক লৈ প্ৰায়ে চৰ্চাৰ শীৰ্ষত থাকে মমতা বেনাৰ্জী আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সম্পৰ্ক।
যিদৰে মমতাক পশ্চিমবংগৰ পৰা ক্ষমতাৰ পৰা আঁতৰাবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে নিৰ্বাচনৰ সময়ত ধাৰাবাহিক ৰোড শ্ব’ কৰাৰ লগতে বিজেপিৰ সমস্ত শক্তি প্ৰয়োগ কৰিছিল ঠিক তেনেকৈয়ে মমতা বেনাৰ্জীয়েও প্ৰধানমন্ত্ৰী মোডীক ক্ষমতাৰ পৰা আঁতৰাবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে। ঐক্যবদ্ধ বিৰোধীৰ প্ৰস্তাৱ লৈ তেওঁ বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰাৰ লগতে বিৰোধী নেতাসকলৰ সৈতে ৰণনীতি প্ৰস্তুত কৰিছে।
কিন্তু তাৰ মাজতে সৌজন্যতা ৰাখি তেওঁ প্ৰধানমন্ত্ৰী মোডীক সাক্ষাৎ কৰি বংগৰ বিখ্যাত আম উপহাৰ হিচাপে আগবঢ়ালে। বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে প্ৰধানমন্ত্ৰী মোডীলৈ উপহাৰ হিচাপে আগবঢ়োৱা আমৰ প্ৰজাতিসমূহ হৈছে হিমসাগৰ, লক্ষণভোগ, লেঙৰা আৰু ফজলি।
আনহাতে প্ৰধানমন্ত্ৰী মোডীৰ দৰেই ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু আৰু উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখেড়লৈ প্ৰেৰণ কৰিছে বাক্সবন্দি প্ৰজাতিৰ আম। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়লৈও প্ৰেৰণ কৰা হৈছে এই প্ৰজাতিৰ আম।
উল্লেখ্য যে, বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে প্ৰধানমন্ত্ৰী, ৰাষ্ট্ৰপতি আদিলৈ এইদৰে আম প্ৰেৰণ কৰাটো এয়াই নতুন কথা নহয়। বিগত ১২ বছৰ ধৰি তেওঁ এইদৰে আম উপহাৰ হিচাপে পঠিয়াই আহিছে।
প্ৰ’টকল অনুসৰিয়েই প্ৰধানমন্ত্ৰী মোডীৰ কাৰ্যালয়লৈ যায় তেওঁ প্ৰেৰণ কৰা আম। এইবাৰো তাৰ ব্যতিক্ৰম নহ’ল। উল্লেখ্য যে, শেহতীয়াকৈ বংগ আৰু কেন্দ্ৰৰ মাজত সংঘাত তীব্ৰতৰ হৈ পৰিছে।
১০০ দিনৰ নাম, আৱাস যোজনা আদি বিভিন্ন কামৰ বাবে কেন্দ্ৰই ৰাজ্যক দিবলগীয়া ধনক লৈ এই সংঘাতে চূড়ান্ত ৰূপ পাইছেগৈ। ওড়িশাৰ ৰে’ল দুৰ্ঘটনাক লৈয়ো কেন্দ্ৰক সমালোচনাৰে থকাসৰকা কৰিছে মমতাই।
কেন্দ্ৰীয় তদন্তকাৰী সংস্থা, বিভিন্ন নিয়োগ দুৰ্নীতি বিষয়টো তৃণমূল কংগ্ৰেছ আৰু বিজেপিৰ মাজৰ সংঘাত তীব্ৰ হৈছে। প্ৰধানমন্ত্ৰী মোডী তথা বিজেপি চৰকাৰক প্ৰতিদিনেই সমালোচনা কৰি আহিছে মমতাই।
এনেধৰণৰ ৰাজনৈতিক আক্ৰমণৰ মাজতো তেওঁ প্ৰধানমন্ত্ৰী মোডীলৈ বংগৰ বিখ্যাত আম প্ৰেৰণ কৰি তেওঁৰ সৌজন্যতা প্ৰকাশ কৰিলে। প্ৰতি বছৰ তেওঁ প্ৰধানমন্ত্ৰী মোডীলৈ আম প্ৰেৰণ কৰাৰ দৰেই ২০১৯ ৰ দুৰ্গাপূজাৰ পূৰ্বেও প্ৰধানমন্ত্ৰী মোডীলৈ কুৰ্তা-পাইজামা পঠিয়াইছিল। একেদৰে দিল্লীৰ দৰেই বাংলাদেশলৈও উপহাৰ হিচাপে মমতাই প্ৰেৰণ কৰি আহিছে আম। এইবাৰো তাৰ ব্যতিক্ৰম নহ’ল।
Also Read: পাৰুল বালা গোস্বামী বামুণী বৰবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত বিদায় সম্বৰ্ধনা সভা সম্পন্ন