অশোক গেহলটক কংগ্ৰেছ দলৰ সভাপতিৰ দৌৰৰ পৰা বৰ্খাস্ত কৰিবলৈ ছোনিয়া গান্ধীলৈ আবেদন কংগ্ৰেছী কৰ্মীৰ...

author-image
Asomiya Pratidin
New Update
অশোক গেহলটক কংগ্ৰেছ দলৰ সভাপতিৰ দৌৰৰ পৰা বৰ্খাস্ত কৰিবলৈ ছোনিয়া গান্ধীলৈ আবেদন কংগ্ৰেছী কৰ্মীৰ...

ডিজিটেল ডেস্ক : ৰাজস্থানৰ মুখ্যমন্ত্ৰী পদৰ বাবে শেহতীয়াকৈ পৰিলক্ষিত হোৱা ক্ষমতাৰ যুজক লৈ অতিষ্ঠ হৈ পৰিছে কংগ্ৰেছৰ কাৰ্যবাহী কমিটি । অশোক গেহলটৰ সমৰ্থনকাৰী ৯০ জন বিধায়কে শচীন পাইলটৰ মুখ্যমন্ত্ৰী পদৰ আগ্ৰাসনক নিস্তেজ কৰিবলৈ পদত্যাগৰ ভাবুকি জনোৱাৰ পাছতেই আৰম্ভ হয় অশোক গেহলটৰ দুৰ্দিন । এতিয়ালৈ সভাপতি পদৰ দৌৰত জনপ্ৰিয় হৈ থকা অশোক গেহলটক এতিয়া সভাপতিৰ দৌৰৰ পৰা বৰ্খাস্ত কৰিবলৈ আবেদন দিয়ে বহু কংগ্ৰেছী কৰ্মীয়ে । অৱশ্যে এই আবেদন কেৱল কাৰ্যকৰী কমিটিৰে নহয় বৰং দলীয় সিদ্ধান্ত গ্ৰহণকাৰী দলৰো ।

কেৱল কেন্দ্ৰৰ সন্মুখত নিজৰ শক্তি প্ৰদৰ্শনৰ বাবেই এই পৰিকল্পিত বিক্ষাভ সংঘটিত কৰা বুলি সন্দেহৰ আৱৰ্তত অহা অশোক গেহলটৰ বাবে এতিয়া সকলো ফালেই দেখা দিছে বিপদে । ইতিমধ্যেই পাকে প্ৰকাৰে সভাপতি পদৰ বাবে প্ৰতিযোগিতা আগবঢ়াব বুলি জনোৱা মন্ত্ৰীজনে এতিয়া কেৱল এটা ভুল পদক্ষেপৰ বাবে দলৰ বিশ্বাস হেৰুৱাৰ উপক্ৰম হৈছে । কিয়নো পৰৱৰ্তী সময়ত দলীয় সভাপতিয়ে নিজৰ শক্তি প্ৰদৰ্শনৰ বাবে এনে কাণ্ড সংঘটিত কৰিলে নিমিষতে থান-বান হৈ পৰিব দল । তেনে স্থলত দলে সভাপতি হিচাপে অশোক গেহলটৰ প্ৰতিদ্বন্দিতা খাৰিজ কৰাৰেই সম্ভাৱনা অধিক ।

indian national congress rajasthan ashok gehlot