সামান্য বিবাদক কেন্দ্ৰ কৰি সাম্প্ৰদায়িক সংঘৰ্ষঃ ৫১ জনক গ্ৰেপ্তাৰ...

যোধপুৰত সংঘটিত হোৱা এই ঘটনাত আৰক্ষীসহ আহত বহু কেইজন
সামান্য বিবাদক কেন্দ্ৰ কৰি সাম্প্ৰদায়িক সংঘৰ্ষঃ ৫১ জনক গ্ৰেপ্তাৰ...
সামান্য বিবাদক কেন্দ্ৰ কৰি সাম্প্ৰদায়িক সংঘৰ্ষঃ ৫১ জনক গ্ৰেপ্তাৰ...
Published on
Updated on

ডিজিটেল ডেস্কঃ যোধপুৰত শুকুৰবাৰে নিশা সংঘটিত হোৱা এটা সৰু বিবাদক কেন্দ্ৰ কৰি সাম্প্ৰদায়িক ৰূপ ধাৰণ কৰে। সুৰসাগৰ আৰক্ষী থানাৰ এলেকাত সংঘটিত হোৱা এই ঘটনাত দুটা ফৈদে এটাই আনটোলৈ শিল নিক্ষেপ কৰাৰ লগতে অগ্নি সংযোগৰ দৰে ঘটনাও সংঘটিত কৰে।

ফলত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে কন্দুৱা গেছ নিক্ষেপ কৰাৰ লগতে লাঠি চালনা কৰিবলগীয়া পৰিস্থিতিৰ সূচনা হয়। আনহাতে এনে সংঘৰ্ষই সমগ্ৰ অঞ্চলটোকে উত্তপ্ত কৰি তোলাত বৃহৎ সংখ্যক আৰক্ষীৰ লগতে বিশেষ বাহিনীও মোতায়েন কৰিবলগীয়া এক পৰিস্থিতিৰ সূচনা হয়।  

শুকুৰবাৰে সৃষ্টি হোৱা এই পৰিস্থিতিৰ অৱশ্যে এতিয়া নিয়ন্ত্ৰণলৈ আহিছে। শনিবাৰে দিনটোত কোনোধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি উদ্ভৱ হোৱা নাই বুলি জনাইছে যোধপুৰৰ আৰক্ষী আয়ুক্ত ৰাজেন্দ্ৰ সিঙে। বাতৰি লিখা সময়লৈকে অঞ্চলটোত সম্পূৰ্ণ শান্তিৰ পৰিবেশ ঘূৰি আহিছে।

সমগ্ৰ ঘটনা সন্দৰ্ভত স্থানীয় আৰক্ষীয়ে এক গোচৰ পঞ্জীয়ন কৰি তদন্ত আৰম্ভ কৰিছে। আৰক্ষী আয়ুক্ত ৰাজেন্দ্ৰ সিঙে জনোৱা মতে প্ৰথমে দুয়োপক্ষৰ মাজত এটা সৰু বিবাদ হয়। আৰক্ষীয়ে দুয়োপক্ষৰ লোকসকলক ফোন কৰি বিষয়টোৰ মীমাংসা কৰে। ইয়াৰ পিছত দুয়ো পক্ষ আঁতৰি যায়।

কিন্তু ইয়াৰ পিছতে পুনৰ দুয়ো পক্ষৰ মাজত বিবাদ আৰম্ভ হয় আৰু এটা পক্ষই আনটো পক্ষলৈ শিল নিক্ষেপ কৰিবলৈ আৰম্ভ কৰে। এই ঘটনাত জড়িত ৫১ জনক এতিয়ালৈকে গ্ৰেপ্তাৰ কৰা হৈছে। শিল নিক্ষেপৰ এই ঘটনাত বহু লোক আহত হৈছে। গ্ৰেপ্তাৰ কৰাসকলৰ মাজতো আছে কেইবাজনো আঘাতপ্ৰাপ্ত।

আনহাতে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সেই স্থানত উপনীত হোৱা আৰক্ষী উপ-পৰিদৰ্শক আৰু এজন পৰিদৰ্শকো আহত হৈছে বুলি আৰক্ষী আয়ুক্ত ৰাজেন্দ্ৰ সিঙে জানিবলৈ দিছে।

স্থানীয় সুৰসাগৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে সংবাদ মাধ্যমক কয়, বিবাদিত স্থানত ঈদগাহৰ মূল গেটৰ কাষতে এজোপা গছ আছে। এই স্থানতে এটা শিৱ মন্দিৰ নিৰ্মাণৰো পৰিকল্পনা আছিল। কিন্তু দুয়ো পক্ষ বুজাবুজিৰ মাজলৈ আহে। এটা পক্ষই মন্দিৰ নিৰ্মাণৰ সিদ্ধান্ত বাতিল কৰে আৰু আনটো পক্ষই ঈদগাহৰ গেট মুকলি নকৰে বুলি জনায়। কিন্তু শুকুৰবাৰে পূব ফালে ঈদগাহৰ দুখন গেট খোলা হয়। ইয়াৰ পিছতে মানুবোৰ গোট হয়। মই তেওঁলোকক পূৰ্বৰ বুজাবুজিৰ কথা উল্লেখ কৰি বুজাইছিলোঁ পূব ফালে গেটখন নুখুলিব আৰু একো নিৰ্মাণ নকৰিব।

কিন্তু তেওঁৰ এই কথা নৰ'ল আৰু দুয়োপক্ষৰ মাজত সংঘাতৰ সৃ্ষ্টি হয়। এই সংঘাতক সাম্প্ৰদায়িক ৰূপ দিয়াৰো চেষ্টা চলে। আৰক্ষী বিষয়াজনে পুনৰ কয়, দুয়ো পক্ষৰ মাজত হোৱা শিল নিক্ষেপৰ ঘটনাত বহু লোক আহত হৈছে। অগ্নি সংযোগৰ ফলত এখন দোকান আৰু এখন ট্ৰেক্টৰ জ্বলি গৈছে। কেইবাখনো চৰকাৰী বাহনো ক্ষতিগ্ৰস্ত হৈছে।

সামান্য বিবাদক কেন্দ্ৰ কৰি সাম্প্ৰদায়িক সংঘৰ্ষঃ ৫১ জনক গ্ৰেপ্তাৰ...
ঐতিহ্য, পৰিচয়, মূল্যবোধ আৰু সন্মানৰ এক অন্য ৰূপ নালন্দা বিশ্ববিদ্যালয়...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in