কংগ্ৰেছৰ গেৰাণ্টিঃ দিব ৪ হাজাৰকৈ নিবনুৱা ভাট্টা, মহিলালৈ ২৫০০ টকা...

কংগ্ৰেছৰ গেৰাণ্টিঃ দিব ৪ হাজাৰকৈ নিবনুৱা ভাট্টা, মহিলালৈ ২৫০০ টকা...
কংগ্ৰেছৰ গেৰাণ্টিঃ দিব ৪ হাজাৰকৈ নিবনুৱা ভাট্টা, মহিলালৈ ২৫০০ টকা...
Published on
Updated on

ডিজিটেল ডেস্কঃ তামিলনাডুত আজিৰে পৰা নিৰ্বাচনী অভিযান আৰম্ভ কৰিছে কংগ্ৰেছে। দলটোৰ সাংসদ ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধী ভদ্ৰাই আজি ৰাজ্যখনত বাছ যাত্ৰা কৰাৰ পাছতে এক জনসভা সম্বোধন কৰিছে।

এই জনসভাতে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে ৰাজ্যখনত কংগ্ৰেছে চৰকাৰ গঠন কৰাৰ সুযোগ লাভ কৰিলে শিক্ষিত যুৱ প্ৰজন্মক চাকৰি প্ৰদানৰ গেৰাণ্টি প্ৰদান কৰিছে। তেলেংগানাৰ ৱাৰাংগলত অনুষ্ঠিত হোৱা এই জনসভাতে প্ৰিয়ংকা গান্ধীয়ে ৰাজ্যখনত শাসনাধিস্ত বি আৰ এছ চৰকাৰক সমালোচনাৰ লক্ষ্য কৰি লয়।

তেওঁ কয়, শাসকীয় বি আৰ এছ চৰকাৰে ৰাজ্যখনৰ যুৱকসকলক চাকৰি প্ৰদান কৰা নাই। কংগ্ৰেছ চৰকাৰ গঠন হ’লে নিবনুৱা যুৱকসকলক চাকৰি প্ৰদান কৰা হ’ব। তেওঁ কয়, বি আৰ এছে সকলো পৰিয়ালতে এটাকৈ চাকৰি প্ৰদানৰ প্ৰতিশ্ৰুতি দিছিল। আজি লাখৰ ঘৰত পদ খালী হৈ আছে কিন্তু চাকৰি দিয়া নাই।

তেলেংগানাৰ যুৱকসকল লৈ আমাৰ গেৰাণ্টিত আমি কৈছো, আন্দোলনত ছহিদ হোৱা পৰিয়ালৰ এজন সদস্যক চৰকাৰী চাকৰি প্ৰদান কৰা হ’ব।  ছহিদৰ মাতৃ-পিতৃ বা পত্নীক ২৫ হাজাৰ টকাৰ মাহেলি পেঞ্চন দিয়া হ’ব। ২ লাখ চৰকাৰী পদ খালী হৈ আছে। এইবোৰ আমি এবছৰৰ ভিতৰত পূৰণ কৰিম। নিবনুৱা যুৱকক আমি মাহে ৪ হাজাৰ টকাকৈ নিবনুৱা ভাট্টা প্ৰদান কৰিম।

আনহাতে ৰাজ্যখনৰ কৃষকসকলক উৎপাদিত শস্যত নূন্যতম সমৰ্থিত মূল্য অৰ্থাৎ এম এছ পি বৃদ্ধি কৰি প্ৰদান কৰাৰ কথাও ঘোষণা কৰে। তেওঁ ৰাজ্যখনত কৃষকৰ অৱস্থা অতি লজ্জাজনক বুলি নিজৰ ভাষণত উল্লেখ কৰে।

তেওঁ কয়, তেলেংগানাত কৃষকসকলক অৱস্থা অতি লজ্জাজনক। পে’ট্ৰল, ডিজেল, সাৰৰ মূল্য বৃদ্ধি হৈছে। তেওঁলোকৰ ঋণৰ পৰিমাণো বৃদ্ধি পাইছে। কিন্তু চৰকাৰৰ কোনো সহাৰি নাই। সেয়েহে আমি সিদ্ধান্ত লৈছো আমাৰ চৰকাৰ আহিলে আমি এম এছ পি বৃদ্ধি কৰাৰ গেৰাণ্টি দিছো।

ইফালে একেখন সভাতে কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে কয় তেলেংগানাত নিৰ্বাচন কংগ্ৰেছ আৰু বি আৰ এছৰ মাজত হ’ব। ৰাজ্যখনত কংগ্ৰেছে বিজেপিক ইতিমধ্যে পৰাজিত আৰু একাষৰীয়া কৰিছে।

তেওঁ কয়, বিজিপিয়ে বিচাৰে তেলেংগানাত বি আৰ এছ পুনৰ জয়ী হ’ব লাগে।  বিজেপি আৰু বি আৰ এছে একেলগে কাম কৰি আছে। এ আই এম আই এমো বিজেপি আৰু বি আৰ এছৰ সৈতে মিলি আছে। বি আৰ এছক তেওঁ বিজেপিৰ বি টিম আখ্যা দি ৰাজ্যখনৰ জনতাক কংগ্ৰেছক ভোট দিবলৈ আহ্বান জনাইছে।

ভাষণত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী কে চি আৰক আক্ৰমণ কৰি ৰাহুল গান্ধীয়ে কয়, আপোনালোকৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে কোনো চি বি ই, ই ডি বা আয়কৰৰ তদন্ত নাই। কিন্তু সকলো বিৰোধী নেতাৰ ক্ষেত্ৰত এনে গোচৰ আছে। তেওঁলোকে মোৰ ওপৰত ২৪ টা গোচৰ ৰুজু কৰিছে।তেওঁলোকে মোৰ সংসদৰ সদস্যপদ বাতিল কৰিছিল। তথাপিও আপোনালোকৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে কোনো গোচৰ নাই। 

সভাত প্ৰিয়ংকা গান্ধীৰ দৰেই ৰাহুল গান্ধীয়ে কংগ্ৰেছৰ গেৰাণ্টিৰ বিষয়ে উল্লেখ কৰে। তেওঁ কয়, মহালক্ষ্মী আঁচনিৰ অধীনত মহিলাসকলক প্ৰতি মাহে ২৫০০ টকা, গেছ চিলিণ্ডাৰ ৫০০ টকাত দিয়া হ’ব। প্ৰতি একৰত ১৫ হাজাৰ আৰু শ্ৰমিকক প্ৰতি মাহে ১২ হাজাৰ টকা দিয়া হ’ব বুলিও গেৰাণ্টি প্ৰদান কৰে।

কংগ্ৰেছৰ গেৰাণ্টিঃ দিব ৪ হাজাৰকৈ নিবনুৱা ভাট্টা, মহিলালৈ ২৫০০ টকা...
তেলংগানাত ৰাহুল, প্ৰিয়ংকাৰ নিৰ্বাচনী অভিযানঃ প্ৰসিদ্ধ মন্দিৰত আগবঢ়ালে পূজা অৰ্চনা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in