নিৰ্বাচনী সভাত কি ক'লে মোডীয়? তদন্ত কৰিবলৈ নিৰ্বাচনী আয়োগক আহ্বান কংগ্ৰেছৰ

নিৰ্বাচনী সভাত কি ক'লে মোডীয়? তদন্ত কৰিবলৈ নিৰ্বাচনী আয়োগক আহ্বান কংগ্ৰেছৰ
Published on
Updated on

ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে নিৰ্বাচন আয়োগক তদন্তৰ আহ্বান জনাই কংগ্ৰেছে। প্ৰধানমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে নিৰ্বাচনমুখী ৰাজস্থানত ঘৃণামূলক ভাষণ দিয়াৰ অভিযোগ উত্থাপন কৰি নিৰ্বাচন আয়োগক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাই কংগ্ৰেছে।

কংগ্ৰেছে অভিযোগ কৰি কয়, মোডীয়ে ভাষণত এনেদৰে ভোটাৰসকলক পদুম বুটাম টিপিবলৈ আহ্বান জনাইছিল যেন মৃত্যুদণ্ডহে দি আছে কংগ্ৰেছক। বৃহস্পতিবাৰে কংগ্ৰেছে এই অভিযোগ উত্থাপন কৰি নিৰ্বাচন আয়োগলৈ আহ্বান জনায় ।

কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে কয় যে মোডীৰ অহংকাৰৰ উত্তৰ ৰাইজে দিব। ছচিয়েল মিডিয়াত তেওঁ মোডীক সমালোচনা কৰি কয়, "কংগ্ৰেছ নেতাসকলৰ প্ৰতি প্ৰধানমন্ত্ৰী মোডীৰ ঘৃণা তেওঁৰ বক্তব্যৰ পৰা সহজে অনুমান কৰিব পাৰি। প্ৰধানমন্ত্ৰীৰ দৰে দায়িত্বশীল পদত অধিষ্ঠিত ব্যক্তি এজনে কেনেক ফাঁচী দিয়া বিষয়ে মানুহৰ সৈতে কথা পাতিব পাৰে? প্ৰধানমন্ত্ৰীয়ে গণতন্ত্ৰক শ্বাসৰুদ্ধ কৰি আছে।

ইয়াৰ লগতে নিৰ্বাচন আয়োগত প্ৰত্যাহ্বান জনাই তেওঁ কয় যে, যদি নিৰ্বাচন আয়োগ মুক্ত আৰু নিৰপেক্ষ নিৰ্বাচনৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ হয়, তেন্তে তেওঁলোকে লগে লগে ইয়াৰ ওপৰত গুৰুত্ব দিব লাগে আৰু কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে।

উল্লেখ্য যে, বুধবাৰে ৰাজস্থানৰ এক নিৰ্বাচনী সভাত কংগ্ৰেছক সমালোচনা কৰি মোডীয়ে কৈছিল- তেওঁলোকক(কংগ্ৰেছ) শাস্তি দিয়াৰ সুযোগ পাইছে। পদুমৰ চিহ্নটো টিপিব যাতে সেই শাস্তি নিশ্চিত হয়। পদুমৰ চিহ্নৰ বুটামটো এনেদৰে হেঁচক যেন আপুনি তেওঁলোকক ফাঁচী দিছে।

নিৰ্বাচনী সভাত কি ক'লে মোডীয়? তদন্ত কৰিবলৈ নিৰ্বাচনী আয়োগক আহ্বান কংগ্ৰেছৰ
বাঢ়িছে ভাৰতৰ চিন্তা! গৃহ যুদ্ধৰে জৰ্জৰিত ম্যানমাৰৰ পৰা পলায়ন কৰি ২৯ জনকৈ সেনা উপস্থিত মিজোৰামত

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in