লোকসভা নিৰ্বাচনত পৰাজিত এক নেতাৰ লগতহে কংগ্ৰেছে ব্যয় কৰিছিল সৰ্বাধিক টকা...

কংগ্ৰেছে নিৰ্বাচন আয়োগত দাখিল কৰা ব্য়য়ৰ হিচাপ তালিকা প্ৰকাশ
লোকসভা নিৰ্বাচনত পৰাজিত এক নেতাৰ লগতহে কংগ্ৰেছে ব্যয় কৰিছিল সৰ্বাধিক টকা...
লোকসভা নিৰ্বাচনত পৰাজিত এক নেতাৰ লগতহে কংগ্ৰেছে ব্যয় কৰিছিল সৰ্বাধিক টকা...
Published on
Updated on

ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচনত কংগ্ৰেছে কিমান টকা খৰচ কৰিছিল? কংগ্ৰেছে কাক নিৰ্বাচনী ব্যয়ৰ বাবে সৰ্বাধিক টকা দিছিল? এই বিষয়ে শেহতীয়াকৈ নিৰ্বাচন আয়োগত দাখিল কৰা এক হিচাপৰ তালিকাত প্ৰকাশ পাইছে।

লোকসভা নিৰ্বাচনত কেৰালাৰ ৱায়নাড আৰু উত্তৰ প্ৰদেশৰ ৰায়বেৰলী সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰি দুয়োটা সমষ্টিতে বিজয় সাব্যস্ত কৰা ৰাহুল গান্ধীক কংগ্ৰেছ দলে নিৰ্বাচনী ব্যয়ৰ বাবে দিছিল ১ কোটি ৪০ লাখ টকা। ৰাহুলক দুয়োটা সমষ্টিৰ বাবে ৭০ লাখকৈ মুঠ ১ কোটি ৪০ লাখ টকা দলে নিৰ্বাচনী ব্যয়ৰ বাবে দিছে।

কংগ্ৰেছৰ এইগৰাকী তাৰকা ৰাজনৈতিক নেতা অৱশ্যে কংগ্ৰেছৰ দামী প্ৰাৰ্থী নাছিল। কংগ্ৰেছে সৰ্বাধিক ব্যয় কৰিছিল হিমাচল প্ৰদেশৰ মাণ্ডি সমষ্টিত। সমষ্টিটোত কংগ্ৰেছে প্ৰক্ষেপ কৰা বিক্ৰমাদিত্য সিঙক নিৰ্বাচনী ব্যয়ৰ বাবে দলে দিছিল ৮৭ লাখ টকা। অৱশ্যে দলৰ পৰা সৰ্বাধিক আৰ্থিক সমৰ্থন লাভ কৰিও বিক্ৰমাদিত্য সিঙে বিজয় সাব্যস্ত কৰিব নোৱাৰিলে। তেওঁ বিজেপিৰ প্ৰাৰ্থী তথা অভিনেত্ৰী কংগনা ৰণাৱটৰ হাতত পৰাস্ত হয়।

ৰাহুল গান্ধীৰ সমানেই নিৰ্বাচনী ব্যয়ৰ বাবে দলৰ লাভ কৰিছিল আমেঠিত বিজয়ী হোৱা কংগ্ৰেছ প্ৰাৰ্থী কিশোৰীলাল শৰ্মাই। সমষ্টিটোত বিজেপিৰ হেভীৱেইট প্ৰাৰ্থী স্মৃতি ইৰাণীক পৰাস্ত কৰা কিশোৰীলাল শৰ্মাই লাভ কৰিছিল ৭০ লাখ টকা।

তাৰোপৰি কংগ্ৰেছ নিৰ্বাচী ব্যয়ৰ বাবে কংগ্ৰেছ নেতা কে চি বেণুগোপাল, মানিকৰাম ঠাকুৰকো দিছিল ৭০ লাখকৈ টকা। আনন্দ শৰ্মা, দিগ্বিজয় সিং আদিৰ দৰে জ্যেষ্ঠ কংগ্ৰেছ নেতাক দিছিল ক্ৰমে ৪৬ আৰু ৫০ লাখকৈ টকা।

লোকসভা নিৰ্বাচনত পৰাজিত এক নেতাৰ লগতহে কংগ্ৰেছে ব্যয় কৰিছিল সৰ্বাধিক টকা...
এতিয়াৰে পৰা অসম বিধানসভাত নাথাকিব জুম্মাৰ নামাজৰ বাবে ২ ঘণ্টাৰ বন্ধ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in