ডিজিটেল ডেস্কঃ যোৱা কেইবাসপ্তাহে ধৰি দিল্লী আৰু ইয়াৰ ওচৰ-চুবুৰীয়া অঞ্চলসমূহত ধাৰাষাৰ বৃষ্টিপাত চলি থকাৰ মাজতে ৰাষ্ট্ৰীয় ৰাজধানীত ক্ৰমাৎ বৃদ্ধি পাবলৈ লৈছে কনজানটিভাইটিছ ৰোগীৰ সংখ্যা। প্ৰতিদিনে প্ৰায় ১০০ জনকৈ কনজানটিভাইটিছ ৰোগীৰ খবৰ পোৱা গৈছে বুলি জানিবলৈ দিয়ে এইমছৰ আৰ পি চেন্টাৰ ফৰ অফথালমিক ছায়েন্সৰ মুৰব্বী ডা০ জে এচ তিতিয়ালে। ডা০ তিতিয়ালে লগতে কয় যে, এই ৰোগ মূলত ভাইৰাছৰ সংক্ৰমণৰ ফলতেই হয় আৰু বাৰিষাকালত প্ৰায়েই ইয়াৰ সংক্ৰমণ বৃদ্ধি হয়।
চেন্টাৰ ফৰ চাইটৰ চকু বিশেষজ্ঞ ডা০ হৰ্ষ কুমাৰৰ মতে, প্ৰতিবছৰেই বাৰিষাকালত কনজানটিভাইটিছৰ সমস্যা বাঢ়ি যায়। চকু ৰঙা পৰা, খজুৱতি হোৱা, চকুপানী ওলোৱা আদিবোৰ এই ৰোগৰ প্ৰধান লক্ষণৰূপে দেখা দিয়ে।
দিল্লীৰ এখন ব্যক্তিগত চকু চিকিৎসালয়ত দিল্লী এন চি আৰৰ ১০৩২ গৰাকী আৰু সমগ্ৰ ভাৰতবৰ্ষৰে ১৫২১ গৰাকী কনজানটিভাইটিছৰ ৰোগী ধৰা পৰে। এই সন্দৰ্ভত ছাৰ্প চাইট আই হাস্পতালৰ সঞ্চালক তথা সহঃ প্ৰতিষ্ঠাপক ডা০ সমীৰ ছুদে কয় যে, কনজানটিভাইটিছ ৰোগীৰ সংখ্যা যোৱাবছৰৰ তুলনাত যঠেষ্ট বৃদ্ধি পাইছে। যোৱাবছৰ একে সময়ছোৱাতে দিল্লী এন চি আৰত কংজাইটিভিছ ৰোগীৰ সংখ্যা ৬৪৬ জন আৰু সমগ্ৰ দেশৰ পৰা ১২০২ জন বুলি প্ৰকাশিত হৈছিল।ইয়াৰ লগতে তেওঁ কয় যে, এই ৰোগৰ সংক্ৰমণ নিয়ন্ত্ৰণ আৰু ইয়াৰ বিষয়ে সজাগতা বৃদ্ধিৰ বাবে শীপ্ৰ ব্যৱস্থা গ্ৰহণ কৰা উচিত।
কনজানটিভাইটিছৰ সাৱধনতা সন্দৰ্ভত অৱগত কৰি ডা০ পে এচ টিটিয়ালে কয় যে, ইয়াৰ পৰা বাছি থাকিবলৈ সাধাৰণ পৰিস্কাৰ- পৰিচন্নতাসমূহেই প্ৰধান উপায়। এই ৰোগৰ পৰা আঁতৰি থাকিবলৈ ঘৰৰ বাহিৰৰ পৰা আহি ভালদৰে হাত-মুখ ধোৱা, কনজানটিভাইটিছ হোৱা ব্যক্তিৰ পৰা দূৰত্ব বৰ্তাই ৰখা আদি উপায়সমূহৰ বিষয়েও জনায়।
কনজানটিভাইটিছত আক্ৰান্ত ৰোগীসকলৰ উদ্দেশ্যে তেওঁ কয় যে, ৰোগীসকলে ডাৰ্ক গগলচ্ ব্যৱহাৰ কৰিব লাগে, সাতোঁৰাৰ পৰা বিৰত থাকিব লাগে, সঘনাই চকু স্পৰ্শ কৰি থাকিব নালাগে আৰু আক্ৰান্ত স্কুলীয়া ছাত্ৰ-ছাত্ৰীয়ে সংক্ৰমণ বৃদ্ধি নহবলৈ কিছুদিন ঘৰতে থকা উচিত।
ডা০ হৰ্ষ কুমাৰে কংজাইটিভাইটিছৰ সাৱধনতা সন্দৰ্ভত কয় যে, পৰাপক্ষত ৰাজহুৱাস্থানত যোৱাৰ পৰা বিৰত থাকিব লাগে আৰু কেৱল এন্টিবায়টিক আই ড্ৰপহে ব্যৱহাৰ কৰা উচিত।
ডা০ সমীৰ ছুদে সাৱধনতাৰ বিষয়ে কয় যে, পৰিস্কাৰ-পৰিচন্নতা বৰ্তাই ৰখা আৰু টাৱেল আৰু চকুত ব্যৱহাৰ কৰা সাজ-সজ্জাৰ সামগ্ৰীসমূহৰ ভাগ- বতৰা নকৰা আদি অভ্যাস সমূহে সংক্ৰমণ ৰোধত যঠেষ্ট অৰিহণা যোগাব।
Also Read: ঘিলামৰাত কেলেংকাৰীঃ যোগ্যৰ বিপৰীতে গাড়ী ,পকী ঘৰ থকা লোকে লাভ কৰিলে চৰকাৰী আৱাস