দেশত শেষ হোৱা নাই কৰোনাৰ প্ৰকোপ, ৮ ৰাজ্যত বৃদ্ধি আক্ৰান্তৰ সংখ্যা

কেন্দ্ৰীয় স্বাস্থ্য সচিব ৰাজেশ ভূষণে বৃহস্পতিবাৰে এক সংবাদমেল সম্বোধন কৰে। দেশত কৰোনাৰ প্ৰকোপ বৃদ্ধি পোৱা সন্দৰ্ভত তেওঁ মন্তব্য কৰে।

author-image
Asomiya Pratidin
New Update
অসমত ক্ৰমান্বয়ে বৃদ্ধি পাইছে কোৰোনা আক্ৰান্ত লোকৰ সংখ্যা…

ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় স্বাস্থ্য সচিব ৰাজেশ ভূষণে বৃহস্পতিবাৰে এক সংবাদমেল সম্বোধন কৰে। দেশত কৰোনাৰ প্ৰকোপ বৃদ্ধি পোৱা সন্দৰ্ভত তেওঁ মন্তব্য কৰে। তেওঁ কয় যে দেশত শেষ হোৱা নাই কৰোনাৰ প্ৰকোপ।

বিগত সপ্তাহৰ তথ্য অনুসৰি, বিশ্বত দৈনিক ৯৩৯৭৭ জন লোক কৰোনাত আক্ৰান্ত হৈছে।আমেৰিকা যুক্তৰাষ্ট্ৰত ১৯%, ৰাছিয়াত ১২.৬%, চীনত ৮.৩%, দক্ষিণ কোৰিয়াত ৮% আৰু ভাৰতত ১% লোক কৰোনাত আক্ৰান্ত হোৱা দেখা গৈছে।

সচিব গৰাকীয়ে লগতে কয় যে ভাৰতত দৈনিক গড়ে ৯৬৬ জন লোক কৰোনাত আক্ৰান্ত হৈছে। ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত হাৰ আছিল ০.০৯ শতাংশ, বৰ্তমান ইয়াৰ পৰিমাণ ১ শতাংশ বৃদ্ধি পাইছে।

দেশৰ ৮ খন ৰাজ্য - মহাৰাষ্ট্ৰ, গুজৰাট, কেৰালা, কৰ্ণাটক, তামিলনাডু, দিল্লী, হিমাচল আৰু ৰাজস্থানত বৰ্তমান অধিক লোক আক্ৰান্ত হৈছে কৰোনাত। উল্লেখ্য যে, ইয়াৰ পূৰ্বে বুধবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কৰোনা সন্দৰ্ভত বৈঠক অনুষ্ঠিত কৰিছিল।

Also Read: ৰে'লৰ খুন্দাত মৃত্যু যুৱকৰ, হোৱা নাই চিনাক্ত

CORONA VIRUS