ডিজিটেল ডেস্কঃ আৰৱ মহাসাগৰৰ পৰা সৃষ্টি হোৱা এজাক ঘূৰ্ণী বতাহ 'বিপৰ্যয়' । বৃহস্পতিবাৰে এই ঘূৰ্ণী বতাহৰ ফলত গুজৰাটৰ উপকূলীয় অঞ্চলত প্ৰবল বৃষ্টিপাত আৰম্ভ হৈছে । প্ৰতি ঘন্টাত ১০০ কিলোমিটাৰ বেগত এই ঘূৰ্ণী বতাহ বলিছে । ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ জনোৱো অনুসৰি এই বিপৰ্যয় ৬ ঘন্টা পৰ্যন্ত থাকিব ।
ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ মুৰব্বী ড০ এম মহাপাত্ৰই জনোৱা অনুসৰি এই ঘূৰ্ণীবতাহ ৰাজ্যখনৰ পৰা বৰ্তমানেও ৭০ কিলোমিটাৰ দূৰত আছে । আৰু উপকূলৰ ফালে আগবাঢ়ি আহি আছে । আৰু এই ঘূৰ্ণী বতাহ জাকে আৰব সাগৰ পাৰ হৈ গুজৰাট পাবলৈ প্ৰায় ৬ ঘন্টা সময় ল'ব ।
এই বিপৰ্যয়ক তিনিটা শ্ৰেণীভুক্ত কৰা হৈছে । প্ৰথম শ্ৰেণীৰ বতাহৰ গতিবেগ হ'ব ১১৫ ৰ পৰা ১২৫ কিলোমিটাৰ । দ্বিতীয় শ্ৰেণীৰ গতিবেগ হ'ব কেন্দ্ৰত । আৰু ঘূৰ্ণীবতাহটো কেন্দ্ৰত ৫০ কিলোমিটাৰ আগুৰি ব'ব । আৰু বৰ্তমানে এই ঘূৰ্ণীবতাহ প্ৰতি ঘন্টাত ৬০ পৰা ৮০ কিলোমিটাৰ পৰ্যন্ত বলি আছে ।
ইতিমধ্যেই বতৰ বিজ্ঞান কেন্দ্ৰই সতৰ্কবানী জাৰি কৰিছে । লগতে ১ লাখকৈ লোকক স্থানান্তৰ কৰা হৈছে । এই ঘূৰ্ণী বতাহৰ ফলত সৃষ্টি হোৱা ভূমিস্খলনৰ ফলত হোৱা সম্ভাৱ্য পৰিস্থিতিৰ বাবে সাজু হৈ আছে এছ ডি আৰ এফ, এন ডি আৰ এফ, ৰাজ্য খনৰ পথ নিৰ্মাণ বিভাগকে ধৰি, বিদ্যুৎ বিভাগ সকলোৱেই সষ্টম হৈ আছে ।
ইফালে নাঁওৰীয়া সকলক মাছ মৰা কাৰ্য বন্ধ কৰি ৰখা হৈছে । তাৰোপৰি ৰাজ্যখনৰ দুটাকৈ বিখ্যাত মন্দিৰ দ্বাৰকাধীশ মন্দিৰ আৰু সোমনাথ মন্দিৰ বন্ধ ৰখা হৈছে দৰ্শনাৰ্থীসকলৰ বাবে । গুজৰাটৰ জামনগৰ বিমানবন্দৰত বাণিজ্যিক কাৰ্যকলাপ শুক্ৰবাৰৰ লৈকে স্থগিত ৰখা হৈছে। যাতে জৰুৰীকালিন অৱস্থাত বিমানবন্দৰটো ব্যৱহাৰ কৰিবলৈ প্ৰয়োজনীয় ডিজেল আৰু পেট্ৰ'ল সংৰক্ষণ কৰা হৈছে।
Also Read: কলিয়াবৰত জোনমণি ৰাভাৰ দুৰ্ঘটনাস্থলী পৰিদৰ্শন চি বি আইৰ...