ডিজিটেল ডেস্ক : ঘূৰ্ণী বতাহ "বিপৰ্যয়ে" বিপৰ্যয় ঘটোৱাৰ আশংকা দেশত । ইতিমধ্যে আগন্তুক ২৪ ঘন্টাৰ বাবে সাৱধানবাণী ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ । বৰ্তমান আৰৱ সাগৰৰ পৰা ভাৰত অভিমুখী "বিপৰ্যয়ে" আগন্তুক ২৪ ঘন্টাৰ ভিতৰত দেশখনৰ বিভিন্ন প্ৰান্তত ধ্বংসলীলা চলাব বুলিও জনাইছে বতৰ বিজ্ঞান কেন্দ্ৰই ।
১৪৫ কিলোমিটাৰ প্ৰতি ঘন্টা বেগত অহা এই ঘূৰ্ণী বতাহে মূলত: কৰ্ণাটক, গোৱা আৰু মহাৰাষ্ট্ৰত পেলাব লগীয়া প্ৰভাৱৰ সম্পৰ্কে অহৰহ সতৰ্কবাণী তিনিওখন ৰাজ্যৰ চৰকাৰে দি অহাৰ ওপৰিও আগন্তুক সময়ছোৱাত মাছমৰীয়া সকলৰ বাবেও বহু নিষেধাজ্ঞা জাৰী কৰিছে । গুজৰাটৰো বহু সমুদ্ৰ তীৰ ১৪ জুন পৰ্যন্ত বন্ধ থাকিব ক্ৰমাৎ বৃদ্ধি পাই অহা অশান্ত ঢৌৰ প্ৰতি লক্ষ্য ৰাখি ।
উল্লেখ্য যে, ইতিমধ্যে তিনিওখন ৰাজ্যত মাছমৰীয়াসকলৰ বাবে আশ্ৰয়গৃহৰ ব্যৱস্থা কৰা হৈ গৈছে । তেনেস্থলত চৰকাৰৰ কাৰ্যপ্ৰণালীলৈ লক্ষ্য কৰি আগন্তুক সময়ত "বিপৰ্যয়ে" যে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিব বুলি আশংকা প্ৰকাশ কৰিছে সকলোৱে । আনহাতে, কেৱল সমুদ্ৰ তীৰতেই ধ্বংসলীলা চলালে হয়তো ক্ষতিৰ পৰিমাণ বৰ বেছি নহ'ব কিন্তু এই ঘূৰ্ণী বতাহে পৰৱৰ্তী সময়ত কোনো এখন নিকটৱৰ্তী ৰাজ্যত প্ৰৱেশ কৰিলেই হ'ব লগীয়া ধ্বংসৰ পৰিমাণ সহজেই অনুমেয় ।
Also Read: এইবাৰো ৰানাৰ্ছ আপতেই সন্তুষ্ট হ'ব নেকি টীম ইণ্ডিয়া ?