ডিজিটেল ডেস্কঃ আৰব সাগৰৰ ওপৰত সৃষ্টি হোৱা নিম্ন চাপ যিকোনো মুহূৰ্ততে ভয়ংকৰ ঘূৰ্ণিলৈ ৰূপান্তৰ হোৱাৰ আশংকাই দেখা দিছে। বতৰ বিজ্ঞান কেন্দ্ৰই উল্লেখ কৰা অনুসৰি আৰব সাগৰৰ দক্ষিণ-পূবত এই নিম্ন চাপ ক্ৰমশঃ ঘূৰ্ণিলৈ ৰূপান্তৰ হৈছে।
গুজৰাটৰ পোৰবন্দৰৰ পৰা ১,১৬০ কি.মি. দক্ষিণত আৰু গোৱাৰ পৰা ৯২০ কি.মি. দক্ষিণ-পশ্চিমত সৃষ্টি হ'বলগীয়া ঘূৰ্ণি বতাহক নাম দিয়া হৈছে 'বিপৰ্যয়'বুলি। এই বতাহে পাকিস্তানৰ কৰাচীতো খুন্দা মৰাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞানে উল্লেখ কৰে।
Also Read: অৰুণাচলীক ডিব্ৰুগড়-তিনিচুকীয়া জিলাত প্ৰৱেশ কৰিব নিদিয়াৰ হুংকাৰ মটক যুৱ ছাত্ৰ সন্মিলনৰ