ডিজিটেল ডেস্কঃ প্ৰকৃতিৰ তাণ্ডৱ অন্ত পৰিল যদিও দুৰ্দশাৰ অন্ত পৰা নাই তামিলনাডুৰ জনতাৰ। ঘূৰ্ণিবতাহৰ প্ৰভাৱৰ পৰা ৰাজ্যখন মুক্ত হ'ল যদিও ৰাজ্যখনৰ বহু অঞ্চল এতিয়াও জলমগ্ন হৈ আছে। খোৱা পানীৰ সংকটে দেখা দিছে চৌদিশে।
শনিবাৰে তামিলনাডু চৰকাৰে চেন্নাইসহ একাধিক এলেকাত সকলো চৰকাৰী, বেচৰকাৰী স্কুল বন্ধ ৰখাৰ নিৰ্দেশ দিছে। চেন্নাইত ঘূৰ্ণিবতাহৰ ফলত মৃত্যু হৈছে ২৪ জনকৈ লোকৰ।
চেন্নাইৰ উপৰিও ৰাজ্যখনৰ কাঞ্চিপুৰম, তিৰুভাল্লুৰ আৰু ছেঙ্গালপাট্টুত বিদ্যালয়সমূহ বন্ধ থাকিব। বিগত প্ৰায় ৩ দিন হোৱা ধাৰাবাহিক বৰষুণৰ ফলত চেন্নাইৰ বিস্তীৰ্ণ অঞ্চল পানীৰ তলত আছে।
শিশু আৰু বৃদ্ধক উদ্ধাৰ তথা চলাচল কৰাৰ ক্ষেত্ৰত সহায় কৰিবলৈ পথত চলোৱা হৈছে নৌকা। শনিবাৰে পানীৰ পৰিমাণ কিছু হ্ৰাস হৈছে যদিও সম্পূৰ্ণৰূপে কমা নাই। এতিয়াও বহু এলেকাত উদ্ধাৰ হোৱা নাই বিদ্যুৎ সংযোগ।
চেন্নাইৰ পৰিস্থিতি কিছু উন্নত হোৱাৰ পাছতে কেইবাটাও ক্ষতিগ্ৰস্ত বাসগৃহৰ পৰা উদ্ধাৰ কৰা হৈছে কেইবাটাও মৃতদেহ। শুকুৰবাৰে বিদ্যুৎপৃষ্ট হৈ মৃত্যু হৈছে এজন লোকৰ। তাৰ আগৰ দিনটোত বানপানীত উটি গৈছিল ৩ জনকৈ লোক।
তামিলনাডুৰ চৰকাৰে ইতিমধ্যে পৰিস্থিতি দ্ৰুত উন্নতিৰ বাবে নিৰ্দেশ দিছে জিলা প্ৰশাসনসমূহক। ইয়াৰ বাবে মুকলি কৰি দিয়া হৈছে কেইবা কোটি টকা। সোমবাৰৰ ভিতৰত যাতে বিদ্যালয়ত পাঠদান আৰম্ভ কৰি পাৰিব তাৰ ব্যৱস্থা কৰিবলৈও কোৱা হৈছে।
ইয়াৰ মাজতে আকৌ শনিবাৰে বতৰ বিজ্ঞান কেন্দ্ৰই তামলিনাডু, পুডুচেৰী আৰু কেৰালাত প্ৰচুৰ পৰিমাণে বৰষুণ হোৱাৰ সম্ভাৱণীয়তাৰ কথা প্ৰকাশ কৰিছে।
Also Read: সোৱণশিৰিৰ জলপৃষ্ঠ হ্ৰাসঃ নৈৰ মাজত আৱদ্ধ মাজুলীৰ পৰা লখিমপুৰ অভিমুখে যোৱা ফেৰী...