যিমানেই পাহাৰৰ বোকামাটি খান্দিছে সিমানেই বৃদ্ধি পাইছে মৃতদেহ....

ধ্বংসস্তূপৰ মাজত নাই জীৱন্ত ব্যক্তি- পি বিজয়ন
যিমানেই পাহাৰৰ বোকামাটি খান্দিছে সিমানেই বৃদ্ধি পাইছে মৃতদেহ....
যিমানেই পাহাৰৰ বোকামাটি খান্দিছে সিমানেই বৃদ্ধি পাইছে মৃতদেহ....
Published on
Updated on

ডিজিটেল ডেস্কঃ মৃত্যু উপত্যকালৈ পৰিণত হোৱা কেৰালাৰ ৱায়নাডত মৃতকৰ সংখ্যাই ৩০০ অতিক্ৰম কৰিল। ৱায়নাডত সংঘটিত হোৱা ভয়াৱহ ভূমিস্খলনৰ মাজত এতিয়া আৰু কোনো জীৱন্ত লোক আৱদ্ধ হৈ থকা নাই।

মঙ্গলবাৰে সংঘটিত হোৱা এই ঘটনাৰ পাছতে প্ৰতিকূল বতৰকো নেওচি সকলোধৰণৰ উদ্ধাৰ অভিযান অব্যাহত আছে। তাৰ মাজতে ৰাজ্যখনৰ মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে ৱায়নাডৰ ভূমিস্খলন অঞ্চলত এতিয়া আৰু কোনো জীৱন্ত ব্যক্তি নাই।

ভূমিস্খলনৰ ফলত এতিয়াও সেই স্থানত কোনো লোকৰ মৃতদেহ আৱদ্ধ হৈ আছে নেকি সেই সন্দৰ্ভত সন্ধান বিচাৰি উদ্ধাৰকাৰীয়ে অভিযান অব্যাহত ৰখাৰ সমান্তৰালকৈ মৃতদেহৰ সন্ধান বিচাৰি ব্যৱহাৰ কৰা হৈছে বিশেষ ৰাডাৰ আৰু ড্ৰোণ।

শুকুৰবাৰে পুৱালৈকে ৱায়নাডত মৃতকৰ সংখ্যাই ৩০৮ স্পৰ্শ কৰিছে। মঙ্গলবাৰে সংঘটিত হোৱা এই ভূমিস্খলনৰ ঘটনাৰ পাছৰে পৰা কেৰালাৰ এছ ডি আৰ এফ, এন ডি আৰ এফ, ভাৰতীয় সেনা, উপকুল ৰক্ষা বাহিনী, নৌ সেনাৰ উপৰিও বায়ু সেনাৰ সহযোগত চাৰি দিন ধৰি অব্যাহত আছে উদ্ধাৰ অভিযান।কিন্তু ধাৰাবাহিক বৰষুণে এই উদ্ধাৰ কাৰ্যত বাৰে বাৰে বাধাৰ সৃষ্টি কৰিছে।

তাৰ মাজতো নৌসেনাৰ সহায়ত উদ্ধাৰকাৰীয়ে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। বহু ঠাইত পথ সম্পূৰ্ণৰূপ ধ্বংস হৈ যোৱাৰ বাবেই উদ্ধাৰকাৰীয়ে সেই স্থানত গৈ উদ্ধাৰ অভিযান চলোৱাতো ব্যৰ্থ হৈছে।

এনে পৰিস্থিতিতে কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰাই বিজয়নে বৃহস্পতিবাৰে নিশা দাবী কৰিছে ধ্বংস্তূপৰ মাজত আৰু কোনো জীৱিত ব্যক্তিক উদ্ধাৰ কৰিবলৈ বাকী থকা নাই। এতিয়া কাম কেৱল দেহ উদ্ধাৰৰহে।

এনে উদ্ধাৰ কাৰ্যক অধিক ক্ষীপ্ৰতৰ কৰিবলৈ ভাৰতীয় সেনাই আকৌ ভূমিস্খলনে সম্পূৰ্ণৰূপে ধ্বংস কৰা চুৰামালা আৰু মুণ্ডাকাৰ মাজৰ বেইলি দলংখন নিৰ্মাণ কৰি উলিয়াইছে। এই পথেৰেই এতিয়া উদ্ধাৰ কাৰ্যত ব্যৱহাৰ হ’বলগীয়া সকলো সামগ্ৰী কঢ়িয়াই নিব পাৰিব।

ইফালে সন্দেহ কৰা হৈছে ধ্বংসস্তূপৰ মাজত এতিয়াও কেইবাশ মৃতদেহ আৱদ্ধ হৈ আছে। অনানুষ্ঠানিক এক খবৰ অনুসৰি ৱায়নাডত মৃতকৰ সংখ্যা এতিয়ালৈকৈ উদ্ধাৰ হোৱাৰ সংখ্যাৰ দুগুণৰো অধিক হোৱাৰে সম্ভাৱনা আছে।

যিমানেই পাহাৰৰ বোকা মাটি খান্দিছে সিমানেই মৃতদেহৰ সংখ্যা বৃদ্ধি পাইছে। এতিয়াও বহু অঞ্চলত পাহাৰৰ বোকা মাটি খান্দিবলৈ বাকী আছে।

যিমানেই পাহাৰৰ বোকামাটি খান্দিছে সিমানেই বৃদ্ধি পাইছে মৃতদেহ....
সুস্থ হৈ GMCHৰ পৰা ঘৰলৈ উভতিল প্ৰবীণ সাংবাদিক হাইদৰ হুছেইন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in