ডিজিটেল ডেস্কঃ ধাৰাষাৰ বৰষুণৰ ফলত বানৰ আশংকাত ভুগিছে ৰাজধানী চহৰ দিল্লী। বিগত কেইবাদিনো ধৰি দি থকা নেৰানেপেৰা বৰষুণৰ বাবে উদ্বিগ্নতাত ভুগিছে দিল্লী বতৰ বিজ্ঞান বিভাগ। কিয়নো অহা মঙলবাৰৰ পুৱাৰ ভিতৰত যমুনা নদীৰ জলপৃষ্ঠই বিপদসীমা অতিক্ৰম কৰাৰ আশংকা কৰিছে বিভাগটোয়ে। এই কথা প্ৰকাশ কৰিলে দিল্লীৰ লোকনিৰ্মাণ বিভাগৰ মন্ত্ৰীয়ে।
হাৰিয়াণাৰ হাথনিকুণ্ড বিৰেজৰ পৰা যমুনা নদীত প্ৰায় এক লাখ কিউচেকতকৈও অধিক পানী এৰি দিয়াৰ ফলত দিল্লী চৰকাৰে পুনৰ বানপানীৰ সতৰ্কতা জাৰি কৰিছে। যমুনা নদীৰ জলপৃষ্ঠ দ্ৰুতগতিত বৃদ্ধি পোৱাৰ ফলতেই মংগলবাৰে বিপদসীমা ২০৫.৩৩ মিটাৰ পাৰ কৰিব বুলি কেন্দ্ৰীয় জল আয়োগে দেওবাৰে আগজাননী দিছিল।
কেন্দ্ৰীয় জল আয়োগৰ বান-নিৰীক্ষণ পৰ্টেলৰ তথ্য অনুসৰি, দেওবাৰে দিনৰ ১ বজাত পুৰণি দলঙৰ জলপৃষ্ঠই ২০৩.১৮ মিটাৰ স্পৰ্শ কৰে। যাৰ বিপদসীমা হৈছে ২০৪.৫ মিটাৰ। সেয়েহে মংগলবাৰে পুৱা ১১ বজাৰ পৰা দিনৰ ১ বজাৰ ভিতৰত জলপৃষ্ঠ ২০৫.৫ মিটাৰলৈ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে বুলি কেন্দ্ৰীয় জল আয়োগ বিভাগটোয়ে জানিবলৈ দিয়ে। উল্লেখ্য যে, বিগত বছৰৰ ছেপ্টেম্বৰ মাহতো দিল্লীত যমুনা নদীয়ে দুবাৰকৈ বিপদসীমা অতিক্ৰম কৰিছিল।
দিল্লীৰ লোকনিৰ্মাণ বিভাগৰ মন্ত্ৰী আতিশীয়ে জনাই যে, "যমুনা নদীৰ পানীৰ সোঁত নিৰীক্ষণ কৰি থকা হৈছে। তদুপৰি বানপ্ৰৱন অঞ্চলত থকা লোকসকলক নিৰাপদ স্থানলৈ স্থানান্তৰিত কৰা হৈছে। উদ্ধাৰকাৰীসকলকো নাওঁ প্ৰদান কৰাৰ লগতে উদ্ধাৰ অভিযানৰ বাবে উপযুক্ত সা-সজুঁলিৰ যোগান ধৰা হৈছে। স্থানান্তৰিত লোকসকলৰ বাবেও উপযুক্ত বৱ্যস্থা গ্ৰহণ কৰা হৈছে।"
উল্লেখ্যনীয় যে, ১৯৮২ জুলাই মাহৰ পিছত এই বছৰ জুলাই মাহতেই ৰাজধানী চহৰ দিল্লীত সৰ্বাধিক বৰষুণ হোৱা দেখা গৈছে। ৰাজধানী চহৰখনত দেওবাৰৰ দিনা সৰ্বাধিক ১৫৩ মিলিমিটাৰ বৰষুণে দেখা দিছিল, যাৰ বাবে বান পৰিস্থিতি অনিয়ন্ত্ৰিত ৰূপত দেখা পোৱা গৈছিল।
আনহাতে অবিৰত বৰষুণৰ প্ৰতি লক্ষ্য ৰাখি দিল্লী চৰকাৰে সোমবাৰে সকলো বিদ্যালয় বন্ধ ৰখাৰ কথা ঘোষণা কৰাৰ লগতে চৰকাৰী বিষয়াসকলক বান এলেকাত উপস্থিত থাকিবলৈ নিৰ্দেশ দিয়াৰ লগতে দেওবাৰৰ চৰকাৰী ছুটী বাতিল কৰে।
Also Read: বিশ্বনাথত ছাগলী চোৰৰ বিলৈঃ বিলাসী বাহন ভাঙিলে উত্তেজিত ৰাইজে...