ডিজিটেল ডেস্কঃ দুৰ্গা পূজাৰ মাজতে সংঘটিত হৈছে ভয়ংকৰ ঘটনা। এটি ৬ বছৰীয়া শিশুক বলি দিয়াৰ ঘটনা সংঘটিত হৈছে ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত। দিল্লীৰ নিশা লোধি কলনী অঞ্চলত চি আৰ পি এফৰ মুখ্য কাৰ্যালয় নিৰ্মাণস্থলীত সংঘটিত হৈছে এই ঘটনা।
জানিব পৰা মতে দুজন যুৱকে নৰবলিৰ এই ঘটনা সংঘটিত কৰিছে। এই দুয়োজন যুৱকক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। গ্ৰেপ্তাৰ কৰা দুই যুৱকৰ নাম বিজয় আৰু অমন। দুয়ো বিহাৰৰ বাসিন্দা।
এই দুই যুৱকে চি আৰ পি এফৰ মুখ্য কাৰ্যালয় নিৰ্মাণস্থলীত চিমেণ্ট কাটাৰ হিচাপে কাম কৰিছিল। এই ঘটনা সংঘটিত কৰাৰ পূৰ্বে দুই যুৱকে গাঞ্জা সেৱন কৰিছিল। ইফালে তেওঁলোকে বলি দিয়া শিশুটিৰ নাম ধৰ্মেন্দ্ৰ। ধৰ্মেন্দ্ৰৰ পিতৃ অশোকো এজন শ্ৰমিক। তেওঁলোকৰ ঘৰ উত্তৰ প্ৰদেশত।
উল্লেখ্য যে এই ঘটনা সংঘটিত কৰাৰ সময়ত নিৰ্মাণস্থলীৰ কাষতে শিৱৰ আৰধানা কৰি আছিল। দুই যুৱকে সেই সময়ত গাঞ্জা সেৱন কৰি আহি সেই স্থানত উপস্থিত হৈছিল আৰু শিৱক আৰধনা কৰিবৰ বাবে ধূপ বিচাৰিছিল। কিন্তু তাত উপস্থিত থকা মহিলাসকলে ধূপ নাই বুলি কোৱাত দুয়ো বস্তিলৈ ঘূৰি যায়।
আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা বিজয়ে আৰক্ষীৰ আগত দিয়া ভাষ্য অনুসৰি তেওঁলোকে গাঞ্জা সেৱন কৰি আছিল। ইয়াৰ পিছতে তেওঁ সপোনত দেখিছিল য'ত শিৱই শিশুটিৰ বলি দান বিচাৰিছিল বুলি উল্লেখ কৰিছে। এই সপোনৰে আধাৰতে নিশা প্ৰায় ১০-৩০ বজাত ধৰ্মেন্দ্ৰক অকলে পাই নিজৰ বস্তিলৈ লৈ যায়।
ইয়াৰ পিছতে তেওঁলোকে শাক-পাচলি কটা চুৰিৰে বলিৰ নামত শিশুটিৰ ডিঙি ৰেপি হত্যা কৰে। ইফালে ফৰেনচিক দলে হত্যাকাণ্ডত ব্যৱহাৰ কৰা চুৰিখন উদ্ধাৰ কৰিছে।