দিল্লীত কৃত্ৰিম বৰষুণেৰে প্ৰদূষিত বায়ুণ্ডল মুকলি কৰাৰ চিন্তা চৰকাৰৰ...

দিল্লীৰ ভয়ানক বায়ু প্ৰদূষণৰ ফলত কিংকৰ্তব্যবিমূঢ় হৈ পৰিছে দিল্লী চৰকাৰ। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাত চতুৰ্থ স্তৰৰ নিয়ন্ত্ৰণ ব্যৱস্থা কাৰ্যকৰী কৰিছে যদিও দিল্লীত বায়ু প্ৰদূষণৰ মাত্ৰা হ্ৰাস কৰিব পৰা নাই।

author-image
Asomiya Pratidin
New Update
কৃত্ৰিম বৰষুণ

ডিজিটেল ডেস্কঃ দিল্লীৰ ভয়ানক বায়ু প্ৰদূষণৰ ফলত কিংকৰ্তব্যবিমূঢ় হৈ পৰিছে দিল্লী চৰকাৰ। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাত চতুৰ্থ স্তৰৰ নিয়ন্ত্ৰণ ব্যৱস্থা কাৰ্যকৰী কৰিছে যদিও দিল্লীত বায়ু প্ৰদূষণৰ মাত্ৰা হ্ৰাস কৰিব পৰা নাই।

এনে পৰিস্থিতিত এতিয়া দিল্লী চৰকাৰে চিন্তা কৰিছে কৃত্ৰিম বৰষুণৰ। দিল্লীৰ পৰিবেশ মন্ত্ৰী গোপাল ৰাই দিল্লীৰ বায়ু প্ৰদূষণৰ পৰিস্থিতিক লৈ কেন্দ্ৰীয় চৰকাৰৰ সৈতে জৰুৰী বৈঠকত বহিবলৈ সাজু হৈছে। 

মঙ্গলবাৰে দিল্লীৰ মুঠ ৮ টা ষ্টেচনত এয়াৰ কোৱালিটি ইনডেক্স চমুকৈ AQI ৫০০ পৰ্যন্ত ৰেকৰ্ড হৈছে। এয়াৰ কোৱালিটি ইনডেক্স ৪৫০ হোৱা মানেই বায়ুৰ প্ৰদূষণ চূড়ান্ত পৰ্যায়ত অৱনমিত। দিল্লীত এই সংখ্যা অতিক্ৰম কৰি ৫০০ ত উপনীত হৈছেগৈ।

আন আন ষ্টেচনসমূহত এয়াৰ কোৱালিটি ইনডেক্স ৫০০ হোৱা নাই যদিও ৫০০ স্পৰ্শ কৰো কৰো অৱস্থাত আছে। সোমবাৰতকৈ মঙ্গলবাৰে আৰু অধিক বিপদজনক হৈ পৰিছে দিল্লীৰ বায়ুমণ্ডল।

এনে পৰিস্থিতিত এতিয়া দিল্লীত কৃত্ৰিম বৰষুণৰ চিন্তা কৰিছে দিল্লী চৰকাৰে। আজি এই সন্দৰ্ভত পৰিবেশ মন্ত্ৰী গোপাল ৰায়ে কয়, কেন্দ্ৰই এতিয়ালৈকে দিল্লী চৰকাৰে বাৰে বাৰে কৰা অনুৰোধৰ কোনো পদক্ষেপ গ্ৰহণ কৰা নাই। আমি আকৌ কেন্দ্ৰীয় পৰিবেশ মন্ত্ৰী ভূপেন্দ্ৰ যাদৱলৈ এখন পত্ৰ লিখিম।

তেওঁ সংবাদ মেলত প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে দিল্লী চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ সমূহৰ বিষয়েও উল্লেখ কৰিছে। ৰাষ্ট্ৰীয় ৰাজধানীখনত ইতিমধ্যে গ্ৰেডেড ৰেছপনছ একচন প্লান চমুকৈ জি আৰ এ পি ষ্টেজ-৩ কাৰ্যকৰী কৰা হৈছে।

এই নিয়মৰ আধাৰতে দিল্লীত ব্যক্তিগত যানবাহন আৰু ট্ৰাক চলাচলত নিষেধাজ্ঞা জাৰি কৰা হৈছে। বন্ধ কৰা হৈছে সকলো নিৰ্মাণ কাৰ্য। তাৰোপৰি দিল্লীৰ বায়ু মণ্ডলৰ প্ৰদূষণ হ্ৰাস কৰিবলৈ বিশেষজ্ঞৰ আলোচনা কৰাৰ কথাও উল্লেখ কৰিছে গোপাল ৰায়ে।

তেওঁ কয়, আমি বিশেষজ্ঞৰ সৈতে আলোচনা কৰি বায়ুমণ্ডলৰ প্ৰদূষণৰ আৱৰণ কিছু হ্ৰাস কৰিবলৈ কিছু উপায় বিচাৰি উলিয়াইছো।কৃত্ৰিম বৰষুণ এই সমস্যাৰ এক সাম্ভাৱ্য সমাধান হব পাৰে।

কৃত্ৰিম বৰষুণৰ ফলত প্ৰদূষিত বায়ু মণ্ডলৰ তৰপবোৰক নিৰ্দিষ্ট স্থানলৈ নমাই আনি আৰু বায়ু পৰিস্কাৰ কৰিবলৈ সহায়ক হব। অৱশ্যে দিল্লী চৰকাৰৰ এই প্ৰস্তাৱৰ প্ৰতি কেন্দ্ৰীয় চৰকাৰে এতিয়ালৈকে কোনো সহাৰি দিয়া নাই।

সেয়ে এক জৰুৰী বৈঠক আহ্বান কৰি এই বৈঠকতে কৃত্ৰিম বৰষুণৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ পৰা অনুমতি আদায় কৰিবলৈ প্ৰচেষ্টা চলাইছে আপে। তেওঁ পুনৰ কয়, যদিহে কেন্দ্ৰীয় পৰিবেশ মন্ত্ৰীয়ে তেনে কোনো পদক্ষেপ গ্ৰহণ নকৰে তেন্তে তেওঁ পদত্যাগ কৰিব লাগিব। এই ক্ষেত্ৰত প্ৰধানমন্ত্ৰী মোডীৰো হস্তক্ষেপ বিচাৰিছে গোপাল ৰায়ে।

গোপাল ৰায়ে পুনৰ কয় দিল্লী চৰকাৰ কেন্দ্ৰীয় চৰকাৰৰ সৈতে সমিলমিলেৰে কাম কৰিবলৈ সাজু। কেন্দ্ৰই এই গোটেই প্ৰক্ৰিয়াৰ নেতৃত্ব দিব লাগিব। কৃত্ৰিম বৰষুণৰ বাবে এই গোটেই বিষয়টোৰ ওপৰত কাম কৰিব কাণপুৰ আই ই টিৰ বিশেষজ্ঞসকলে।

এই প্ৰক্ৰিয়াৰ বাবে বিভিন্ন কেন্দ্ৰীয় দপ্তৰ আৰু সংস্থাৰ অনুমতিৰ প্ৰয়োজন। মন্ত্ৰীগৰাকীৰ মতে কেৱল দিল্লীতেই নহয় ভয়াৱহ বায়ু প্ৰদূষণৰ কৱলত পৰা সমগ্ৰ উত্তৰ ভাৰতত এই ব্যৱস্থা কাৰ্যকৰী কৰিব লাগে। 

দিল্লী আপ বায়ু প্ৰদূষণ