দিল্লীত ভয়ানক পৰিস্থিতিঃ সকলো শিক্ষানুষ্ঠান বন্ধ, অনলাইন পাঠদান আৰম্ভ

অতি ভয়ানক হৈ পৰিছে ৰাষ্ট্ৰীয় ৰাজধানী নতুন দিল্লীৰ পৰিস্থিতি। দিল্লীত মঙ্গলবাৰে বায়ুৰ মানদণ্ড সূচক প্ৰায় ৫০০ হৈছেগৈ। পুৱাৰে পৰা প্ৰদূষিত বায়ুৰ বাবে একো মনিব নোৱাৰা এক অৱস্থাৰ সূচনা হৈছে দিল্লীত। 

author-image
Asomiya Pratidin
New Update
বায়ু প্ৰদূষণ

ডিজিটেল ডেস্কঃ অতি ভয়ানক হৈ পৰিছে ৰাষ্ট্ৰীয় ৰাজধানী নতুন দিল্লীৰ পৰিস্থিতি। দিল্লীত মঙ্গলবাৰে বায়ুৰ মানদণ্ড সূচক প্ৰায় ৫০০ হৈছেগৈ। পুৱাৰে পৰা প্ৰদূষিত বায়ুৰ বাবে একো মনিব নোৱাৰা এক অৱস্থাৰ সূচনা হৈছে দিল্লীত। 

দৃশ্য মানতা হ্ৰাস পোৱাত বহু কেইখন বিমানৰ উৰণো বাতিল কৰিবলগীয়া হৈছে। আজি পুৱা দিল্লীৰ বায়ুৰ গুণমান সূচক ৪৯৪ ত উপনীত হৈছে। এনে পৰিস্থিতিত দিল্লীত প্ৰদূষণৰ সৈতে মোকাবিলা কৰিবলৈ বহু ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে।

ৰাষ্ট্ৰীয় ৰাজধানীত আৰোপ ৰপা হৈছে চতুৰ্থ স্তৰৰ নিয়ন্ত্ৰণ বিধি। সোমবাৰে উচ্চতম ন্যায়ালয়ে কঠোৰ নিৰ্দেশ জাৰি কৰি কয়, ন্যায়ালয়ক অৱগত নকৰাকৈ এই চতুৰ্থ স্তৰৰ নিয়ন্ত্ৰণ বিধি শিথিল কৰিব নোৱাৰিব।

ৰাজধানী আৰু ইয়াৰ কাষৰীয়া অঞ্চলত মুঠ ৩৫ টা বায়ুগুণ নিৰীক্ষণ কেন্দ্ৰ আছে। মঙ্গলবাৰে পুৱা ইয়াৰ ভিতৰত আনন্দ বিহাৰ, অশোক বিহাৰ, ধ্যান চান্দ ষ্টেডিয়াম, জাহাংগীৰপুৰী আদি নিৰীক্ষণ স্থানত বায়ুৰ গুণগত মানদণ্ড ৫০০ ৰ সীমা অতিক্ৰম হৈছে।

দিল্লীৰ এনে পৰিস্থিতিত এতিয়া সকলো শিক্ষানুষ্ঠান বন্ধ ঘোষণা কৰি শিক্ষাৰ্থীসকলৰ পাঠদান প্ৰক্ৰিয়া অনলাইন মাধ্যমেৰে আৰম্ভ কৰা হৈছে। দিল্লী বিশ্ববিদ্যালয়ৰ অধীনস্থ কলেজ সমূহৰো পাঠদান অনলাইন মাধ্যমেৰে আৰম্ভ হৈছে।

জৱহৰলাল নেহৰু বিশ্ববিদ্যালয়, জামিয়া মিলিয়া ইছলামিয়া বিশ্ববিদ্যালয়েও একেই সিদ্ধান্ত গ্ৰহণ কৰিছে। দিল্লীয়েই নহয় গুৰুগ্ৰাম আৰু নয়ডাৰ শিক্ষানুষ্ঠানসমূহৰো পাঠদান অনলাইন মাধ্যমেৰে আৰম্ভ হৈছে।

বায়ু প্ৰদূষণে দৃশ্যমানতা হ্ৰাস পোৱাৰ বাবে দিল্লীত ৰেল চলাচলতো বাধাৰ সন্মুখীন হৈছে। বহু ৰেল সময়তকৈ বহু পলমকৈ চলিছে। এই পৰ্যন্ত ২২ খন ৰেল পলমকৈ চলিছে আৰু ৯ খন ৰেল বাতিল কৰা হৈছে।

ইণ্ডিগোৰ ফালৰ পৰা জনাইছে তেওঁলোকে দিল্লী, অমৃতচৰ, চণ্ডীগড় সংযোগী বিমান চলাচলত পলম হব। উচ্চতম ন্যায়ালয়ে চতুৰ্থ স্তৰৰ নিয়ন্ত্ৰণ বিধি কাৰ্যকৰী হৈ থকাৰ সময়ত অত্যাৱশ্যকীয় সামগ্ৰী কঢ়িওৱা ট্ৰাকসমূহৰ বাহিৰে আন ট্ৰাক চলাচল কৰিব নোৱাৰিব। দিল্লীৰ বাহিৰত পঞ্জীয়নকৃত কোনো সৰু সামগ্ৰী কঢ়িওৱা বাহনো দিল্লীত চলিব নোৱাৰিব। বন্ধ ৰখা হৈছে সকলো ধৰণৰ নিৰ্মাণকাৰ্য।

দিল্লী বায়ু প্ৰদূষণ