ইডিৰ জিম্মাৰ পৰা বাহিৰলৈ আহিব পাৰিবনে কেজৰিৱাল? বুধবাৰে দিল্লী হাই ক'ৰ্টত শুনানি...

শনিবাৰেই দাখিল কৰিছিল জৰুৰী শুনানিৰ বাবে আৱেদন
ইডিৰ জিম্মাৰ পৰা বাহিৰলৈ আহিব পাৰিবনে কেজৰিৱাল? বুধবাৰে দিল্লী হাই ক'ৰ্টত শুনানি...
ইডিৰ জিম্মাৰ পৰা বাহিৰলৈ আহিব পাৰিবনে কেজৰিৱাল? বুধবাৰে দিল্লী হাই ক'ৰ্টত শুনানি...
Published on
Updated on

ডিজিটেল ডেস্কঃ দিল্লীৰ সুৰানীতি কেলেংকাৰীৰ গোচৰত ইডিয়ে গ্ৰেপ্তা কৰা অৰবিন্দ কেজৰিৱালে দিল্লী উচ্চ ন্যায়ালয়ত দাখিল কৰা আৱেদনৰ শুনানি বুধবাৰে শুনানি আৰম্ভ হ'ব। উল্লেখ্য যে, সুৰা কেলেংকাৰীৰ গোচৰত গ্ৰেপ্তাৰ হোৱা কেজৰিৱাৰে দিল্লীৰ নিম্ন আদালতৰ নিৰ্দেশনা আৰু ইডিৰ গোচৰৰ বিৰুদ্ধে প্ৰত্যাহ্বান জনাই যোৱা শনিবাৰেই দিল্লী উচ্চ ন্যায়ালয়ত জৰুৰী শুনানিৰ বাবে আৱেদন দাখিল কৰিছিল যদিও আদালতে জৰুৰী শুনানিৰ বাবে অস্বীকাৰ কৰে।

ফলত দেওঁবাৰে ন্যায়ালয় বন্ধ থকাৰ লগতে সোম আৰু মঙ্গলবাৰেও হোলীৰ উপলক্ষত ন্যায়ালয়ৰ কাৰ্যকলাপ বন্ধ থকাত বুধবাৰহে এই আৱেদনৰ শুনানি অনুষ্ঠিত হ'ব। জানিব পৰা দিল্লী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ স্বৰ্ণকান্ত শৰ্মাৰ একক বেঞ্চত অনুষ্ঠিত হ'ব এই আৱেদনৰ শুনানি।

মন কৰিবলগীয়া যে দিল্লীৰ বহু চৰ্চিত সুৰানীতি কেলেংকাৰী গোচৰত ইডিয়ে মুঠ ৯ খনকৈ চমন প্ৰেৰণ কৰিছিল অৰবিন্দ কেজৰিৱাললৈ। ইয়াৰ পিছতো তেওঁ ইডিলৈ সহাৰি জনোৱা নাছিল। তাৰ মাজতে বিগত বৃহস্পতিবাৰে ইডিৰ এটা দল মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ বাসগৃহত উপস্থিত হয় আৰু তেওঁক প্ৰায় দুঘণ্টা ধৰি সোধপোচ কৰে।

সোধপোচৰ অন্তত দলটোৱে কেজৰিৱালক গ্ৰেপ্তাৰ কৰে। শুকুৰবাৰে কেজৰিৱালক নিম্ন আদালতত হাজিৰ কৰোৱা হয় আৰু আদালতে কেজৰিৱালক ৭ দিনৰ বাবে ইডিৰ জিম্মালৈ প্ৰেৰণ কৰে।

আদালতৰ এই নিৰ্দেশক প্ৰত্যাহ্বান জনাই কেজৰিৱালে শনিবাৰে দিল্লী উচ্চ ন্যায়ালয়ত জৰুৰী শুনানি বিচাৰি আৱেদন দাখিল কৰিছিল। সেই আৱেদনৰ শুনানি বুধবাৰে পুৱা ১০ বজাত অনুষ্ঠিত হ'ব। কেজৰিৱালে তেওঁৰ আৱেদনত উল্লেখ কৰা অনুসৰি ইডিয়ে তেওঁক গ্ৰেপ্তাৰ কৰা আৰু আদালতে তেওঁক ইডিৰ জিম্মালৈ প্ৰেৰণ কৰা কাৰ্য বেআইনী।

আদালতৰ এই নিৰ্দেশক প্ৰত্যাহ্বান জনাই কেজৰিৱালে শনিবাৰে দিল্লী উচ্চ ন্যায়ালয়ত জৰুৰী শুনানি বিচাৰি আৱেদন দাখিল কৰিছিল। সেই আৱেদনৰ শুনানি বুধবাৰে পুৱা ১০ বজাত অনুষ্ঠিত হ'ব। কেজৰিৱালে তেওঁৰ আৱেদনত উল্লেখ কৰা অনুসৰি ইডিয়ে তেওঁক গ্ৰেপ্তাৰ কৰা আৰু আদালতে তেওঁক ইডিৰ জিম্মালৈ প্ৰেৰণ কৰা কাৰ্য বেআইনী।

ইডিৰ জিম্মাৰ পৰা বাহিৰলৈ আহিব পাৰিবনে কেজৰিৱাল? বুধবাৰে দিল্লী হাই ক'ৰ্টত শুনানি...
CBSE পৰীক্ষাৰ প্ৰথম দিনাই মেধাৱী ছাত্ৰই ল'লে চৰম পন্থা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in