ডিজিটেল ডেস্কঃ অৱশেষত ঘোষণা কৰা মতেই অৰবিন্দ কেজৰিৱালে (Arvind Kejriwal) দিল্লীৰ মুখ্যমন্ত্ৰী পদ ত্যাগ কৰাৰ পাছত আজি চৰকাৰ গঠন কৰাৰ দাবীৰে দিল্লীৰ লেফটেনেণ্ট গভৰ্ণৰক সাক্ষাৎ কৰিলে আপৰ বিধায়িনী দলৰ নতুন নেত্ৰী হিচাপে দায়িত্ব লাভ কৰা আতিশী মাৰ্লেনা (Atishi Marlena)ই। আতিশীয়ে চৰকাৰ গঠনৰ দাবীৰে লেফটেনেণ্ট গৰ্ভণৰক সাক্ষাৎ কৰাৰ সময়ত তেওঁক সংগ দিয়ে অৰবিন্দ কেজৰিৱালকে ধৰি কেইবাজনো নেতাই।
উল্লেখ্য যে, চাৰিদিন পূৰ্বেই অৰবিন্দ কেজৰিৱালে দিল্লীৰ মুখ্যমন্ত্ৰী (Delhi CM Arvind Kejriwal) পদ ত্যাগ কৰিব বুলি ঘোষণা কৰিছিল। সেই অনুসৰিয়েই মঙ্গলবাৰে দিল্লীৰ লেফটেনেণ্ট গভৰ্ণৰ ভি কে ছাক্সেনা (Lieutenant Governor V K Saxena) ৰ হাতত পদত্যাগ পত্ৰ দাখিল কৰে। তাৰ পাছতেই আতিশী মাৰ্লেনাই চৰকাৰ গঠনৰ দাবী কৰে। অতি শীঘ্ৰেই তেওঁ দিল্লীৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিব।
ইয়াৰ পূৰ্বে মঙ্গলবাৰে পুৱা অৰবিন্দ কেজৰিৱাল, আতিশী মাৰ্লেনা আৰু মনিষ ছিচোদিয়া উপৰাজ্যপালৰ বাসগৃহলৈ যায়। তাতেই অৰবিন্দ কেজৰিৱালে নিজৰ পদত্যাগৰ কথা চৰকাৰী ভাৱে ঘোষণা কৰে। একেদিনায় আপৰ বিধায়িনী দলৰ বৈঠকত আতিশী মাৰ্লেনাক দলটোৰ নেত্ৰী হিচাপে নিৰ্বাচন কৰা হয়।
আতিশী মাৰ্লেনাক বিধায়িনী দলৰ নেত্ৰী হিচাপে প্ৰস্তাৱ কৰে অৰবিন্দ কেজৰিৱালে নিজেই। দিল্লীৰ মুখ্যমন্ত্ৰী হিচাপে আতিশীয়ে অহা ২৬ আৰু ২৭ ছেপ্টেম্বৰত অনুষ্ঠিত হ'বলগীয়া দিল্লী বিধানসভা (Delhi Assembly) ৰ বিশেষ অধিবেশনত অংশগ্ৰহণ কৰিব।
অৱশ্যে দিল্লীৰ মুখ্যমন্ত্ৰী হিচাপে আতিশীৰ কাৰ্যকাল বৰ বেছি দীঘলীয়া নহ'ব। কিয়নো ২০২৫ ৰ ফেব্ৰুৱাৰীত আছে দিল্লীৰ বিধানসভা নিৰ্বাচন। অৱশ্যে অৰবিন্দ কেজৰিৱালে নৱেম্বৰ মাহতেই দিল্লীত নিৰ্বাচন বিচাৰিছে। এই নিৰ্বাচনত আপ পুনৰ ক্ষমতালৈ আহিলে অৰবিন্দ কেজৰিৱালেই যে পুনৰ মুখ্যমন্ত্ৰী হ'ব সেই কথা দলে ইতিমধ্যে স্পষ্ট কৰি দিছে।
আতিশী মাৰ্লেনায়ো নিজেই দিল্লীবাসীক আগন্তুক নিৰ্বাচনত অৰবিন্দ কেজৰিৱালক পুনৰ মুখ্যমন্ত্ৰী হিচাপে ক্ষমতালৈ আনিবলৈ আহ্বান জনাইছে। উল্লেখ্য যে, অৰবিন্দ কেজৰিৱালৰ মন্ত্ৰীসভাত আতিশী মাৰ্লেনা শিক্ষা আৰু ৰাজহুৱা কৰ্ম বিভাগৰ মন্ত্ৰী হিচাপে দায়িত্বত আছিল।
ৰাজনৈতিক কেৰিয়াৰত আতিশীৰ অভিজ্ঞতা যথেষ্ট নহয় যদিও তেওঁ অতি উচ্চ শিক্ষিত এগৰাকী ৰাজনৈতিক নেত্ৰী। তেওঁ যথেষ্ট দক্ষ আৰু বাকপটু বুলি নিজৰ পৰিচয় দাঙি ধৰিছে। আপৰ গঠন হোৱাৰে পৰা তেওঁ অৰবিন্দ কেজৰিৱালৰ কাষত আছে।
অক্সফোৰ্ড বিশ্ববিদ্যালয় (Oxford University)ৰ অতি মেধাৱী ছাত্ৰী আছিল আতিশী মাৰ্লেনা। তেওঁ বৰ্তমান দিল্লীৰ কালকাজি বিধানসভা সমষ্টিৰ নিৰ্বাচিত প্ৰতিনিধি। মনিষ ছিচোদিয়াৰ গ্ৰেপ্তাৰৰ পাছত তেওঁক মন্ত্ৰীসভাত শিক্ষা মন্ত্ৰী হিচাপে স্থান দিছিল অৰবিন্দ কেজৰিৱালে।
অৰবিন্দ কেজৰিৱাল কাৰাগাৰত থকাৰ সময়ত আতিশী হৈ পৰিছিল আপৰ মূল নেতা। কেজৰিৱালৰ অনুপস্থিতি গোটেই প্ৰশাসন তেওঁৰ দ্বাৰাই নিয়ন্ত্ৰিত হৈছিল। সেই বাবেই হয়তো কম সময়ৰ এই কাৰ্যকালৰ বাবে আতিশীকে প্ৰক্ষেপ কৰিলে কেজৰিৱালে।
Also Read: Supreme Court of India: অন্ত পৰিল বুলডোজাৰৰ ৰাজনীতি !