দিল্লীত আতচবাজী ব্যৱহাৰত নিষেধাজ্ঞা জাৰি

দিল্লীত শীতকালত সাধাৰণতে বৃদ্ধি পোৱা প্ৰদূষণৰ প্ৰতি লক্ষ্য ৰাখি আতচবাজী ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে।
দিল্লীত আতচবাজী ব্যৱহাৰত নিষেধাজ্ঞা জাৰি
Published on
Updated on

ডিজিটেল ডেস্ক : পোহৰৰ উৎসৱ দীপাৱলী সমাগত। এনে সময়তে দিল্লী প্ৰদূষণ নিয়ন্ত্ৰণ কমিটীয়ে ৰাজধানীখনত আতচবাজী ব্যৱহাৰত নিষেধাজ্ঞা জাৰি কৰিছে।

দিল্লী চৰকাৰে জাৰি কৰা এই নিৰ্দেশনা ২০২৫ বৰ্ষৰ ১জানুৱাৰীলৈকে কাৰ্যকৰী হ’ব। এই সময়ছোৱাত সকলোধৰণৰ ফটকা উৎপাদন, সংৰক্ষণ, বিক্ৰী, অনলাইন ব্যৱসায় আৰু বিস্ফোৰণত সম্পূৰ্ণৰূপে নিষেধাজ্ঞা আৰোপ কৰা হৈছে।

উল্লেখযোগ্য যে দিল্লী চৰকাৰৰ পৰিৱেশ আৰু বন মন্ত্ৰী গোপাল ৰায়ে সামাজিক মাধ্যমযোগে জনাই যে দিল্লীত শীতকালত সাধাৰণতে বৃদ্ধি পোৱা প্ৰদূষণৰ প্ৰতি লক্ষ্য ৰাখি আতচবাজী ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। দিল্লীবাসীক এই বিষয়টোত সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাইছে।

দিল্লীত আতচবাজী ব্যৱহাৰত নিষেধাজ্ঞা জাৰি
লোকে লোকাৰণ্য শিলচৰৰ ৰাজপথঃ এতিয়াও অন্ত পৰা নাই দেৱী বিসৰ্জন প্ৰক্ৰিয়া...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in