অংক কি? সংখ্যাগৰিষ্ঠতাৰ থকাৰ পাছতো আস্থা ভোটৰ সন্মুখীন হ'ব কেজৰিৱাল...

শুকুৰবাৰে কেজৰিৱালে কৰিলে এই ঘোষণা
অংক কি? সংখ্যাগৰিষ্ঠতাৰ থকাৰ পাছতো আস্থা ভোটৰ সন্মুখীন হ'ব কেজৰিৱাল...
অংক কি? সংখ্যাগৰিষ্ঠতাৰ থকাৰ পাছতো আস্থা ভোটৰ সন্মুখীন হ'ব কেজৰিৱাল...
Published on
Updated on

ডিজিটেল ডেস্কঃ বিধানসভাত একক সংখ্যাগৰিষ্ঠতা থকাৰ পাছতো আস্থা ভোটৰ সন্মুখীন হ'ব অৰবিন্দ কেজৰিৱাল। ৭০ খন আসনৰ দিল্লী বিধানসভাত ৬২ জনকৈ আম আদমি পাৰ্টীৰ বিধায়ক থকাৰ পাছতো হঠাৎ অৰবিন্দ কেজৰিৱালে ঘোষণা কৰিলে তেওঁ সন্মুখীন হ'ব আস্থা ভোটৰ।

উল্লেখ্য যে, শেহতীয়াকৈ কেইবাখনো ৰাজ্যৰ বিধানসভাত আস্থা ভোটৰ ব্যৱস্থা কৰা হৈছিল। মহাৰাষ্ট্ৰ, বিহাৰ, ঝাৰখণ্ড আদি ৰাজ্যৰ পাছত এইবাৰ দিল্লী বিধানসভাত দেখা যাব আস্থা ভোট। কিন্তু একক সংখ্যা গৰিষ্ঠতা থকাৰ পাছতো কিয় এই ব্যৱস্থাৰ কথা কোৱা হৈছে তাক লৈ বিভিন্ন প্ৰশ্নৰ উদ্ৰেক ঘটিছে।

স্মৰ্তব্য, বিগত মাহত অৰবিন্দ কেজৰিৱালে অভিযোগ কৰিছিল বিজেপিয়ে তেওঁৰ দলৰ বিধায়ক ক্ৰয় কৰাৰ চেষ্টা কৰিছে। তেওঁ দাবী কৰিছিল, বিজেপিয়ে আপৰ বিধায়কক দল সলনি কৰিবলৈ ঘোচ দিয়াৰ প্ৰস্তাৱ দিছে।

সেই প্ৰস্তাৱ 'ৰেকৰ্ড' কৰা হৈছে। তেওঁ কয়- আমাৰ দলৰ ৭ জনকৈ বিধায়কক দল সলনি কৰিবৰ বাবে বিজেপিৰ পৰা ২৫ কোটি টকা দিয়াৰ প্ৰস্তাৱ দিয়া হৈছে।

আনহাতে দিল্লীৰ আৱকাৰী দুৰ্নীতি গোচৰত শনিবাৰে ৰাউজ এভিনিউ আদালতে কেজৰিৱালক হাজিৰ হ'বলৈ নিৰ্দেশ প্ৰদান কৰিছে। এই গোচৰত মুঠ ৬ বাৰ কেজৰিৱালক চমন জাৰি কৰা হৈছে। কিন্তু ইয়াৰে পাঁচবাৰেই এই চমন উপেক্ষা কৰিছে কেজৰিৱালে। সেয়েহে কেজৰিৱালৰ বিৰুদ্ধে আদালতৰ কাষ চাপিছে ইডি।

এই গোচৰতে আদালতে দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীক নিৰ্দেশ দিছে, তেওঁ শনিবাৰে আদলতলৈ আহি জনাব লাগিব কিয় ইডিৰ চমন উপেক্ষা কৰি আছে। এই সন্দৰ্ভতে বুধবাৰে ইডিয়ে পুনৰ কেজৰিৱালক ১৯ ফেব্ৰুৱাৰীত হাজিৰ হ'বলৈ নিৰ্দেশ প্ৰদান কৰি চমন জাৰি কৰিছে।

ইয়াৰ মাজতে শুকুৰবাৰে হঠাৎ অৰবিন্দ কেজৰিৱালে ঘোষণা কৰিছে তেওঁ বিধানসভাত আস্থা ভোটৰ সন্মুখীন হ'ব। অৱশ্যে তেওঁ কিয় এই সিদ্ধান্ত লৈছে তাৰ কোনো ব্যাখ্যা প্ৰদান কৰা নাই।

দিল্লী বিধানসভা দখল কৰিবলৈ প্ৰয়োজন ৩৬ জন বিধায়কৰ। আপৰ নিজা বিধায়কেই আছে ৬২ জন। মাত্ৰ ৮ জন বিধায়ক আছে বিজেপিৰ। এনে পৰিস্থিতিত তেওঁ কিয় এই সিদ্ধান্ত ল'লে সেয়া এক ৰহস্য হৈ পৰিছে।

অংক কি? সংখ্যাগৰিষ্ঠতাৰ থকাৰ পাছতো আস্থা ভোটৰ সন্মুখীন হ'ব কেজৰিৱাল...
দিল্লী IIT ত এম টেকৰ ছাত্ৰই ল'লে চৰম পন্থা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in