১০০ কোটিৰ ষ্টক কেলেংকাৰীঃ দিল্লীত গ্ৰেপ্তাৰ চীনা নাগৰিক...

দিল্লীৰ শ্বাহাদাৰাৰ চাইবাৰ আৰক্ষী থানাই এগৰাকী চীনা নাগৰিকক ১০০ কোটিৰ অনলাইন ষ্টক ট্ৰেডিং কেলেংকাৰীৰ গোচৰত গ্ৰেপ্তাৰ কৰিছে। গ্ৰেপ্তাৰ হোৱা চীনা নাগৰিকগৰাকী ফাং চেনজিন।

author-image
Asomiya Pratidin
New Update
ষ্টক কেলেংকাৰী

ডিজিটেল ডেস্কঃ দিল্লীৰ শ্বাহাদাৰাৰ চাইবাৰ আৰক্ষী থানাই এগৰাকী চীনা নাগৰিকক ১০০ কোটিৰ অনলাইন ষ্টক ট্ৰেডিং কেলেংকাৰীৰ গোচৰত গ্ৰেপ্তাৰ কৰিছে। গ্ৰেপ্তাৰ হোৱা চীনা নাগৰিকগৰাকী ফাং চেনজিন।

তেওঁক ৪৩.৫ লাখ টকাৰ চাইবাৰ প্ৰৱঞ্চনাৰে হৰলুকি কৰাৰ লগতে মুঠ ১০০ কোটিৰ কেলেংকাৰীত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে। শ্বাহাদাৰাৰ ডি চি পি প্ৰশান্ত গৌতমে এই সন্দৰ্ভত কয়, ফাং চেনিজিনে এগৰাকী ব্যক্তিৰ পৰা অনলাই ষ্টক ট্ৰেডিঙৰ জৰিয়তে ৪৩.৫ লাখ টকা প্ৰৱঞ্চনাৰে সৰকাইছিল। এই প্ৰৱঞ্চনাৰ জালখন তেওঁ হোৱাটছএপৰ জৰিয়তে মেলিছিল।

তেওঁ পুনৰ কয়, চীনৰ এই যুৱকজনে আন দুজন ব্যক্তিকো প্ৰৱঞ্চনা কৰাৰ অভিযোগ উত্থাপন হৈছে। এই দুয়ো ব্যক্তি ক্ৰমে অন্ধ্ৰপ্ৰদেশ আৰু উত্তৰ প্ৰদেশৰ। তাৰোপৰি এই প্ৰৱঞ্চনাৰ বিৰুদ্ধে ১৭ টা ক্ৰিমিনেল অভিযোগ চাইবাৰ ক্ৰাইম পৰ্টেলত পঞ্জীয়ন হৈছে।

এই গোটেই কেইটা গোচৰেই ফাইনকেয়াৰ বেংক একাউণ্টৰ সৈতে জড়িত। এই প্ৰৱঞ্চনাৰ মুঠ পৰিমাণ ১০০ কোটি টকা। গোচৰটোৰ সন্দৰ্ভত অধিক তদন্ত অব্যাহত আছে বুলিও প্ৰশান্ত গৌতমে উল্লেখ কৰিছে।

জানিব পৰা মতে যোৱা ২৪ জুলাইত সুৰেশ কলিচিয়েলি অচ্যুতন নামৰ এজন ব্যক্তিয়ে চাইবাৰ প্ৰৱঞ্চনাৰ এক গোচৰ দাখিল কৰিছিল। এই গোচৰৰ আধাৰতে তদন্ত আৰম্ভ কৰে আৰক্ষীয়ে।

অচ্যুতনে অভিযোগ কৰা অনুসৰি তেওঁক প্ৰৱঞ্চনামূলক শ্বেয়াৰ বজাৰৰ প্ৰশিক্ষণৰ সময়ত প্ৰলোভিত কৰা হৈছিল আৰু পৰৱৰ্তী সময়ত ৪৩.৫ লাখ টকা বিনিয়োগ কৰিবলৈ কৈ প্ৰৱঞ্চনা কৰা হয়। এই বিনিয়োগ কৰা সকলো ধন প্ৰৱঞ্চকগৰাকীৰ বিভিন্ন একাউণ্টলৈ প্ৰেৰণ কৰা হৈছিল।

পৰৱৰ্তী সময়ত আৰক্ষীয়ে তদন্ত আগবঢ়াই নি ইয়াৰ সৈতে জড়িত এটা প্ৰৱঞ্চক চক্ৰত উৎখাত কৰিবলৈ সক্ষম হয়। এই চক্ৰৰ অন্যতম সদস্য ফাং চেনজিন। তেওঁ দিল্লীৰ চফদৰজং এনক্লেভৰ এটা ফ্লেটত বাস কৰে।  

দিল্লী চাইবাৰ অপৰাধ ষ্টক মাৰ্কেট কেলেংকাৰী