দিল্লী আৰক্ষীৰ পৰা ৰক্ষা নাপালে স্পাইডাৰমেনেও...

দিল্লী আৰক্ষীৰ পৰা ৰক্ষা নাপালে স্পাইডাৰমেনেও...
দিল্লী আৰক্ষীৰ পৰা ৰক্ষা নাপালে স্পাইডাৰমেনেও...
Published on
Updated on

ডিজিটেল ডেস্কঃ ট্ৰেফিক আইন ভংগ কৰি বিপদত স্পাইডাৰমেন। আৰক্ষীয়ে স্পাইডাৰমেন আৰু তেওঁৰ সগযোগীক বিহিলে ২৬ হাজাৰ টকাৰ জৰিমণা। এই ঘটনা সংঘটিত হৈছে দিল্লীত।

উল্লেখ্যে, যে সামাজিক মাধ্যমত প্ৰচাৰ লাভৰ আশাতে এজন যুৱকে স্পাইডাৰমেনৰ পোচাক পৰিধান কৰি এখন বাহনৰ বনেটত উঠি যাত্ৰা কৰিছিল। এই দৃশ্য সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ পিছতে ট্ৰেফিক আইন উলংঘনৰ অভিযোগ উত্থাপন হয়।

আৰক্ষীয়ে ভিডিঅ’টো পৰীক্ষা কৰি এই ভিডিঅ’ ডোৱৰকা পথৰ বুলি নিশ্চিত কৰে।তাৰ পিছতেই দিল্লী আৰক্ষীয়ে স্পাইডাৰমেন আৰু তেওঁ উঠি অহা বাহনখনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰে।

স্পাইডাৰমেনৰ পোচাক পৰিধান কৰি বাহনৰ বনেটত বহি অহা এই যুৱকজনক নজফগড়ৰ আদিত্য (২০) বুলি চিনাক্ত কৰা হয়। আনহাতে বাহনখন চলাই যোৱা চালকজনক মহাবীৰ এনক্লেভৰ বাসিন্দা গৌৰৱ সিং (১৯) বুলি চিনাক্ত কৰা হৈছে।

ট্ৰেফিক আৰক্ষীয়ে বাহনখনৰগৰাকী আৰু চালকৰ বিৰুদ্ধে বিপদজনক ড্ৰাইভিঙৰ অভিযোগ দাখিল কৰিছে। তাৰোপৰি যিখন বাহনত স্পাইডাৰমেন উঠি গৈছিল সেই বাহনখনৰ পলিউচন চাৰ্টিফিকেটো নাই।

চালকে পৰিধান কৰা নাছিল ছিট বেল্ট। সেয়ে ট্ৰেফিক আইন ভংগৰ অপৰধাত তেওঁলোকক ২৬ হাজাৰ টকাৰ জৰিমণা বিহা হৈছে।

দিল্লী আৰক্ষীৰ পৰা ৰক্ষা নাপালে স্পাইডাৰমেনেও...
বাজেট বৈষম্যঃ ৪ ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে বয়কট কৰিলে নিটি আয়োগৰ বৈঠক...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in