ৰাষ্ট্ৰীয় ৰাজধানীত পুনৰ দলবদ্ধ ধৰ্ষণৰ বলি ১৬ বছৰীয়া কিশোৰী...

ৰাষ্ট্ৰীয় ৰাজধানীত পুনৰ দলবদ্ধ ধৰ্ষণৰ বলি ১৬ বছৰীয়া কিশোৰী...
ৰাষ্ট্ৰীয় ৰাজধানীত পুনৰ দলবদ্ধ ধৰ্ষণৰ বলি ১৬ বছৰীয়া কিশোৰী...
Published on
Updated on

ডিজিটেল ডেস্কঃ ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত পুনৰ দলবদ্ধ ধৰ্ষণৰ বলি হ'ল এগৰাকী কিশোৰী। দিল্লীৰ শ্বাহবাদ ডায়েৰী অঞ্চলত এগৰাকী ১৬ বছৰীয়া কিশোৰী তিনি যুৱকৰ কামনাৰ বলি হ'বলগীয়া হৈছিল।

এই ঘটনা সংঘটিত হৈছিল ২৭ জুনত। এই ঘটনা সন্দৰ্ভত ইতিমধ্যে ৩ জন ব্যক্তিক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

উল্লেখ্য যে ২৭ জুনৰ নিশা ভুক্তভোগী কিশোৰীগৰাকীয়ে বন্ধুৰ সৈতে উদ্যানখনত আছিল। তেনে সময়তে ৩ যুৱক আহি সেই স্থানত উপস্থিত হয়।

এই ৩ যুৱকেই কিশোৰীগৰাকীক দলবদ্ধ ধৰ্ষণ কৰে। এই সন্দৰ্ভত কিশোৰীগৰাকীৰ পৰিয়ালৰ ফালৰ পৰা এখন এফ আই আৰ দাখিল কৰে।

আৰক্ষীয়ে অতি তৎপৰতাৰে তদন্ত কৰি তিনিও ধৰ্ষণকাৰীকে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। ঘটনাৰ অধিক তদন্ত অব্যাহত আছে।

ৰাষ্ট্ৰীয় ৰাজধানীত পুনৰ দলবদ্ধ ধৰ্ষণৰ বলি ১৬ বছৰীয়া কিশোৰী...
নলবাৰীত আৰক্ষী থানাৰ ভিতৰতে নগ্ন কৰি ফটো তুলিলে কিশোৰীৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in