পুনৰ বিপদসীমাৰ ওপৰেৰে যমুনা নদীৰ পানীঃ আকৌ এবাৰ ভাবুকি ৰাজধানীলৈ

পুনৰ বিপদসীমাৰ ওপৰেৰে যমুনা নদীৰ পানীঃ আকৌ এবাৰ ভাবুকি ৰাজধানীলৈ
Published on
Updated on

ডিজিটেল ডেস্কঃ বাৰিষাৰ প্ৰথমটো বানে ধুৱা ৰাজধানী চহৰ দিল্লীৰ অৱস্থা সুস্থিৰ হোৱাৰ পূৰ্বেই পুনৰ বিপদসীমাৰ ওপৰেৰে বৈছে যমুনা নদীৰ পানী। যাৰ বাবে আকৌ এবাৰ ভাবুকি আহি পৰিছে ৰাজধানী চহৰলৈ। বিগত মাহতো যমুনা নদীৰ পানী বিপদসীমাৰ ওপৰেৰে অতিক্ৰম কৰাত ৰাজধানী দিল্লীত সৃষ্টি হৈছিল অভাৱনীয় পৰিস্থিতিৰ।

এতিয়া আকৌ যোৱা দুদিনধৰি নদীৰ কাষৰ অঞ্চলত মুষলধাৰ বৰষুণ হোৱাৰ ফলত যমুনা নদীৰ পানীৰ স্তৰে দিল্লীত ২০৪.৫০ মিটাৰ অতিক্ৰম কৰাত সতৰ্কবাণী জাৰি কৰা হৈছে কাষৰীয়া অঞ্চলত। কেন্দ্ৰীয় জল আয়োগৰ ৱেবছাইট অনুসৰি, পুৰণি ৰে'লৱে দলঙৰ পানীৰ স্তৰ সোমবাৰে আবেলি ৩ বজাত ২০৩.৪৮ মিটাৰৰ পৰা মঙলবাৰে সন্ধিয়া ৬ বজাত ২০৪.৯৪ মিটাৰলৈ বৃদ্ধি পাইছে।

পুনৰ বিপদসীমাৰ ওপৰেৰে যমুনা নদীৰ পানীঃ আকৌ এবাৰ ভাবুকি ৰাজধানীলৈ
মথুৰাপুৰত ঝুমইৰ সন্মিলনৰ লাইখুঁটা স্থাপন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in