৭ দিনত নিৰ্মাণ কৰা ১০ মহলীয়া গুলিষ্টান এপাৰ্টমেণ্টত বি এম চিৰ বুলডোজাৰঃ নিশাৰ ভিতৰতে গৃহহীন হ'ল অবৈধ অট্টালিকাৰ আৱাসী....

অট্টালিকাটো ধ্বংস কৰিবলৈ বি এম চিয়ে সময় ল'লে আঢ়ৈ মাহ....

author-image
Asomiya Pratidin
New Update
৭ দিনত নিৰ্মাণ কৰা ১০ মহলীয়া গুলিষ্টান এপাৰ্টমেণ্টত বি এম চিৰ বুলডোজাৰঃ নিশাৰ ভিতৰতে গৃহহীন হ'ল অবৈধ অট্টালিকাৰ আৱাসী....

gulistan apartment gulistan apartment

ডিজিটেল ডেস্কঃ এক বৃহৎ উচ্ছেদ অভিযানৰ বাবে সাজু হৈছে বোম্বাই পৌৰ নিগম আৰু মুম্বাই আৰক্ষী। ৯০ টা ফ্লেটৰ এক বৃহৎ বিল্ডিংত বুলডোজাৰ চলাবলৈ সাজু হৈছে মুম্বাই আৰক্ষী। মঙ্গলবাৰে মুম্বাই পৌৰ নিগমে পাইধোনিৰ ইছমাইল কাৰ্টাই পথত থকা গুলিষ্টান এপাৰ্টমেণ্ট ধ্বংস কৰিবলৈ সম্পূৰ্ণৰূপে সাজু হৈছে।

বি এম চিয়ে ইতিমধ্যে অট্টালিকাটোৰ আবাসিকসকলক এই সম্পৰ্কে জাননী জাৰি কৰিছে। সোমবাৰে অট্টালিকাটোৰ পৰা বিজুলী সংযোগ, পানী যোগান আদি সুবিধা বিচ্ছিন্ন কৰিছে। উল্লেখ্য যে ২০২১ চনতেই বোম্বাই উচ্চ ন্যায়ালয়ে এই অট্টালিকাটো ধ্বংস কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছিল।

বোম্বাই এই নিৰ্দেশক প্ৰত্যাহ্বান জনাই গুলিষ্টান এপাৰ্টমেণ্টৰ আৱাসীসকলে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল যদিও উচ্চতম ন্যায়ালয়েও বোম্বাই উচ্চ ন্যায়ালয়ৰে নিৰ্দেশকে বাহাল ৰাখিলে। এপাৰ্টমেণ্টটোৰ আৱাসীসকলে ২০১৮ চনৰ পৰাই এই এপাৰ্টমেণ্টটো ৰক্ষাৰ বাবে আইনী যুঁজ চলাই আহিছিল।

উল্লেখ্য যে বি এম চিয়ে ধ্বংস কৰিবলৈ লোৱা এই অট্টালিকাটো ২০১৮ চনত মাত্ৰ ৭ টা দিনতেই নিৰ্মাণ সম্পূৰ্ণ কৰি উলিওৱা হৈছিল। অট্টালিকাটোত আছে মুঠ ১০ টা মহলা।এই ১০ টা মহলাত আছে মুঠ ৯০ টা ফ্লেট। এই ৯০ টা ফ্লেট অতি কম মূল্যত বিক্ৰী কৰা হৈছিল।

মাত্ৰ ৭ দিনত নিৰ্মাণ কৰা এই অট্টালিকা পৰৱৰ্তী সময়ক অবৈধ বুলি ঘোষণা কৰা হৈছিল। এই অট্টালিকাটো মঙ্গলবাৰৰ পৰা ধ্বংস কৰিবলৈ আৰম্ভ কৰিব বি এম চিয়ে। সম্পূৰ্ণ অট্টালিকাটো ধ্বংসৰ বাবে বি এম চিয়ে সময় লৈছে ৭৫ দিন। ইয়াৰ বাবে এজন ঠিকাদাৰো নিযুক্তি দিয়া হৈছে।

ইফালে গুলিষ্টান এপাৰ্টমেণ্টত বুলডোজাৰ চলাৰ লগে লগে ইয়াৰ আৱাসীসকলৰ মাজত হাহাকৰ সৃষ্টি হৈছে। তেওঁলোক নিশাটোৰ ভিতৰতে গৃহহীন হৈ পৰিছে। আশ্চৰ্যজনক কথাটো হ'ল এই আৱাসীসকলৰ এপাৰ্টমেণ্টটোৰ ফ্লেট ক্ৰয় কৰাৰ কোনো নথিপত্ৰ নাই।

mumbai maharastra gulistan apartment bmc