দুৰ্ঘটনাত পতিত ডিব্ৰুগড়-চণ্ডীগড় এক্সপ্ৰেছৰ অসমৰ সকলো যাত্ৰী সুৰক্ষিত

ৰে'লখনত আছিল অসমৰ ৩৬ যাত্ৰী, দুৰ্ঘটনাৰ পূৰ্বে শুনিছিল
দুৰ্ঘটনাত পতিত ডিব্ৰুগড়-চণ্ডীগড় এক্সপ্ৰেছৰ অসমৰ  সকলো যাত্ৰী সুৰক্ষিত
দুৰ্ঘটনাত পতিত ডিব্ৰুগড়-চণ্ডীগড় এক্সপ্ৰেছৰ অসমৰ সকলো যাত্ৰী সুৰক্ষিত
Published on
Updated on

ডিজিটেল ডেস্কঃ চিন্তাৰ কোনো কাৰণ নাই। ডিব্ৰুগড়-চণ্ডিগড় এক্সপ্ৰেছত থকা অসমৰ সকলো যাত্ৰীয়েই সুৰক্ষিত হৈ আছে। উত্তৰ প্ৰদেশৰ গোণ্ডাত দুৰ্ঘটনাত পতিত হোৱা যাত্ৰীবাহী ৰে'লখনত অসমৰ যাত্ৰী আছিল মাত্ৰ ৩৬ গৰাকী। ৰে'ল বিভাগে জাৰি কৰিছে এই তথ্য।

জানিব পৰা মতে অসমৰ এই আটাইকেইগৰাকী যাত্ৰীয়েই সুৰক্ষিত অবস্থাত আছে। এই ৩৬ গৰাকী যাত্ৰীৰ ভিতৰত অধিকাংশই আছিল ডিব্ৰুগড়, তিনিচুকীয়া আৰু লামডিঙৰ।

উল্লেখ্য যে, আজি সংঘটিত হোৱা এই দুৰ্ঘটনাত ২ জন যাত্ৰীৰ মৃত্যু হৈছে বুলি আনুষ্ঠানিকভাৱে উল্লেখ কৰিছে ৰে'ল বিভাগৰ লগতে গোণ্ডা জিলা আৰক্ষী অধীক্ষকগৰাকীয়ে। আনহাতে ৬ গৰাকী আহত হাস্পতালত ভৰ্তি কৰোৱা হৈছে। অতি সামান্যভাৱে আহত কেইজনমানক গোণ্ডাৰ চি এইছ চিত প্ৰাথমিক চিকিৎসা প্ৰদান কৰি যাবলৈ দিয়া হৈছে।

ইফালে ভাৰতীয় ৰে'লৱেয়ে নিহত দুই যাত্ৰীৰ নিকটাত্মীয়লৈ ১০ লাখ টকাৰ আৰ্থিক ক্ষতিপূৰণ ঘোষণা কৰিছে। আনহাতে গুৰুতৰভাৱে আহত হৈ হাস্পতালত ভৰ্তি হোৱা যাত্ৰীক ২.৫ লাখ টকা আৰু সামান্যভাৱে আহতক ৫০ হাজাৰ টকাৰ আৰ্থিক ক্ষতিপূৰণ ঘোষণা কৰিছে। এই দুৰ্ঘটনা সন্দৰ্ভত ভাৰতীয় ৰে'লৱে এক উচ্চস্তৰীয় তদন্ত কমিটীও গঠন কৰিছে।

এই পৰ্যন্ত ৰে'ল দুৰ্ঘটনাৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই যদিও এগৰাকী যাত্ৰীৰ ভাষ্য অনুসৰি দুৰ্ঘটনাৰ পূৰ্বে তেওঁলোকে মৃদু বিস্ফোৰণ সদৃশ এটা শব্দ শুনিবলৈ পাইছিল। তাৰ পিছতেই গোটেই ৰে'লখন জোকাৰি উঠিছিল। সেই জোকাৰণিৰ মাজতেই তেওঁলোকৰ ডবাটো লাইনচ্যুত হৈছিল।

দুৰ্ঘটনাত পতিত ডিব্ৰুগড়-চণ্ডীগড় এক্সপ্ৰেছৰ অসমৰ  সকলো যাত্ৰী সুৰক্ষিত
সন্তান অধিক সফল হ'লে পিতৃ-মাতৃয়েই আটাইতকৈ বেছি সুখী হয়: পীযুষ হাজৰীকা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in