ডিব্ৰুগড়-চণ্ডীগড় এক্সপ্ৰেছ দুৰ্ঘটনাত ৪ জন নহয়, ২ জনৰহে প্ৰাণ গৈছে...

যাত্ৰীসকলৰ গন্তব্য স্থানৰ বাবে বিকল্প ৰে'লৰ ব্যৱস্থা
ডিব্ৰুগড়-চণ্ডীগড় এক্সপ্ৰেছ দুৰ্ঘটনাত ৪ জন নহয়, ২ জনৰহে প্ৰাণ গৈছে...
ডিব্ৰুগড়-চণ্ডীগড় এক্সপ্ৰেছ দুৰ্ঘটনাত ৪ জন নহয়, ২ জনৰহে প্ৰাণ গৈছে...
Published on
Updated on

ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ গোণ্ডাত সংঘটিত হোৱা ৰে'ল দুৰ্ঘটনাৰ ফলত কেইবাখনো ৰে'ল চলাচলত ব্যাঘাত জন্মিছে। জানিব পৰা মতে প্ৰাৰম্ভিকতে ২ খন ৰে'লৰ চলাচল বাতিল কৰাৰ বিপৰীতে ১১ খন ৰে'লৰ যাত্ৰাপথ সলনি কৰা হৈছে।

উল্লেখ্য আজি বিয়লি প্ৰায় ৩-৩০ বজাত ডিব্ৰুগড়-চণ্ডীগড় এক্সপ্ৰেছখন দুৰ্ঘটনাগ্ৰস্ত হয়। ৰে'লখনৰ সৰ্বমুঠ ১২ টা ডবা লাইনচ্যুত হয়।ইয়াৰে ৫ টাকৈ দবা সম্পূৰ্ণৰূপে বাগৰি পৰাৰ সমান্তৰালকৈ এটা ডবা ট্ৰেকৰ পৰা বহু দূৰলৈ গৈ বাগৰি পৰে।

এই দুৰ্ঘটনাত ৪ জনকৈ লোকৰ মৃত্যুৰ খবৰ পোৱা গৈছে যদিও গোণ্ডা জিলা আয়ুক্তগৰাকীয়ে ২ জন লোকৰ হে মৃত্যু নিশ্চিত কৰিছে। অৱশ্যে আন ২ জন লোকৰ অৱস্থা অতি সংকটজনক বুলি জনাইছে।

ইফালে নৰ্থ ইষ্টাৰ্ণ ৰে'লৱেৰ চি পি আৰ অ' পংকজ সিঙে জনোৱা মতে ৭ জন যাত্ৰী আহত হৈছে। অৱশ্যে আহতৰ সংখ্যা তেওঁ উল্লেখ কৰাতকৈ অধিক বুলি খবৰ আহিছে। অনানুষ্ঠানিক খবৰ অনুসৰি ২০ জনকৈ যাত্ৰী আহত হৈছে।

ইফালে কেন্দ্ৰীয় মন্ত্ৰী কীৰ্তি বৰ্ধন সিঙে সংবাদ মাধ্যমৰ আগত কয়, মই সকলো বিষয়াক লগ ধৰিছো। সকলো আহত লোককে মানকাপুৰ চি এইছ চিলৈ প্ৰেৰণ কৰা হৈছে। আমি বাকী যাত্ৰীসকলক মূল পথলৈ লৈ যোৱাৰ ব্যৱস্থা কৰি আছো আৰু প্ৰশাসনেও ব্যৱস্থা কৰি আছে। তেওঁলোকৰ বাবে এখন বাছৰ ব্যৱস্থা কৰা হৈছে যাতে তেওঁলোকে মানকাপুৰ ৰে'ল ষ্টেচন পাব পাৰে। গোৰখপুৰৰ পৰা এখন বিশেষ সহায়ক ৰে'ল আহিব আৰু এই ৰে'লখনৰ জৰিয়তে যাত্ৰীসকলক তেওঁলোকৰ নিজ নিজ স্থানলৈ লৈ যোৱা হ'ব।

আনহাতে গোণ্ডাৰ আৰক্ষী অধীক্ষক বিনীত জয়ছোৱালে জনোৱা অনুসৰি এই পৰ্যন্ত এই দুৰ্ঘটনাত ২ জন লোকে প্ৰাণ হেৰুৱাইছে। প্ৰায় ৬ জন গুৰুতৰভাৱে আহত হৈছে, তেওঁলোকক হাস্পাতললৈ স্থানান্তৰ কৰা হৈছে। আন কেইজনমান লোক সামান্যভাৱে আহত হৈছে আৰু তেওঁলোকক কাষৰে চি এইছ চিত প্ৰাথমিক চিকিৎসা প্ৰদান কৰা হৈছে। ডবাবোৰ দুবাৰকৈ পৰীক্ষা কৰা হৈছে, তাত আৰু কোনো লোক আবদ্ধ হৈ থকা নাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in