কিয় আৰু কেতিয়াৰ পৰা উদযাপন কৰা হয় দিপাৱলী? আঁৰত আছে এই কেইটা কাৰণ...

কিয় আৰু কেতিয়াৰ পৰা উদযাপন কৰা হয় দিপাৱলী? আঁৰত আছে এই কেইটা কাৰণ...
কিয় আৰু কেতিয়াৰ পৰা উদযাপন কৰা হয় দিপাৱলী? আঁৰত আছে এই কেইটা কাৰণ...
Published on
Updated on

ডিজিটেল ডেস্কঃ সমগ্ৰ দেশত দিপাৱলীক কেন্দ্ৰ কৰি উৎসৱমুখৰ পৰিৱেশ। অযোধ্যাত ২৪ লাখ বন্তি জ্বলোৱাৰ উপৰি আলোকৰে আলোকিত কৰি তোলা হৈছে অযোধ্যা চহৰক। অযোধ্যাৰ দৰেই দেশৰ প্ৰতিখন চহৰত ৰং, বিৰঙি আলোকৰে সজাই তোলা হৈছে অট্টালিকাসমূহ। তাৰোপৰি গাঁৱে-ভূঞে দিপাৱলী উদযাপনৰ বাবে চলিছে ব্যাপক প্ৰস্তুতি।

পোহৰৰ উৎসৱ দিপাৱলীৰ আছে এক বিশেষ তাৎপৰ্য। পোহৰৰ জৰিয়তে মানুহে জীৱন জীনাৰ প্ৰেৰণা লাভ কৰে। বিশ্বাস কৰা হয়, দিপাৱীলৰ পোহৰে মানুহৰ মনৰ এন্ধাৰ নাশে। বন্তি জ্বলাই দিপাৱলীত চৌদিশ আলোকিত কৰাৰ দৰেই মানুহে এই আলোকৰ আলোকেৰে নিজৰ মনৰ কালিমা নাশে।

কাতি মাহৰ কৃষ্ণা চতুৰ্দশী তিথিত উদযাপন কৰা হয় দিপাৱলী। এই দিপাৱলী উদযাপনৰ আঁৰত আছে কেইবাটাও লোক বিশ্বাস। প্ৰচলিত লোক বিশ্বাস অনুসৰি ৰাৱণ বধ কৰি সীতাক উদ্ধাৰ কৰাৰ লগতে ১৪ বছৰীয়া বনবাসৰ অৱসান ঘটাত শ্ৰীৰাম চন্দ্ৰই অযোধ্যালৈ ঘূৰি আহিছিল।

ৰামচন্দ্ৰৰ অযোধ্যালৈ পুনৰ আগমণে অযোধ্যাবাসীক আনন্দিত কৰি তুলিছিল। অযোধ্যাবাসীয়ে ৰামচন্দ্ৰৰ আগমণৰ আনন্দত ঘৰে ঘৰে বন্তি জ্বলাই আলোকৰে আলোকিত কৰি তুলিছিল। তেতিয়াৰে পৰা দিপাৱলী উদযাপন কৰি অহা বুলি বিশ্বাস কৰা হয়।

আনহাতে দিপাৱলীৰ সৈতে কালীপূজা উদযাপন কৰাৰ আঁৰতো আছে আন এক কাৰণ। কালী শব্দৰ অৰ্থ হ'ল অন্ধকাৰ। কালিকাপুৰাণ মতে শিৱৰ পত্নী পাৰ্বতীয়ে যেতিয়া অসুৰ বধ কৰি উগ্ৰ ৰূপ ধাৰণ কৰি জীৱ মাত্ৰকে বধ কৰিবলৈ উদ্যত হয় তেতিয়া শিৱই একো উপায় বিচাৰি নাপাই আৰু অধিক অথন্তৰ নঘটিবলৈ পত্নীয়ে যোৱা পথত ওপৰলৈ মূৰ কৰি শুই দিয়ে।

ইয়াৰ পাছতে ৰণচণ্ডী কালীয়ে আহি শিৱৰ বুকুত ভৰি থোৱাত মহাকালীকে ধৰি মুঠ দহগৰাকী দেৱীৰ ৰূপ ধাৰণ কৰে। সেইদিনাৰ পৰাই পাৰ্বতীক কলগ্ৰাসিনী, উগ্ৰমালী, চন্দেচৰী, কালিকাবদনী আদি নামেৰে জনা যায়।

পাৰ্বতীয়ে এই ৰূপ ধাৰণ কৰাৰ দিনটো আছিল কাতি মাহৰ অমাৱস্যাৰ তিথি। সেয়ে এই দিনটোত এন্ধাৰ আঁতৰাই পোহৰ বিলাবলৈ বন্তি জ্বলাই আলোকিত কৰি তুলিবলৈ দিপাৱলী উদযাপন কৰি অহা হৈছে বুলিও এক লোক বিশ্বাস প্ৰচলণ হৈ আহিছে।

আন এক লোক প্ৰবাদ অনুসৰি আকৌ প্ৰাগজ্যোতিষপুৰৰ অত্যাচাৰী শাসক নৰকক শ্ৰীকৃষ্ণই বধ কৰা দিনটোত দিপাৱলী উদযাপন কৰা হয়। ধৰ্মীয় দৃষ্টিকোণ বা লোক বিশ্বাস, পৰম্পৰা যিয়েই নাথকক কিয় দিপাৱলী সমগ্ৰ ভাৰততে উদযাপন হৈ আহিছে আৰু আহিব।

এই উৎসৱ যে কেৱল হিন্দু ধৰ্মীয় লোকসকলেহে উদযাপন কৰে তেনে নহয়। ভাৰতত হিন্দুৰ ধৰ্মাৱলম্বী লোকসকলৰ উপৰি জৈন, শিখ, বৌদ্ধ ধৰ্মীয় লোকেও এই উৎসৱ পালন কৰি আহিছে। ভাৰতৰ উপৰি আন বহু দেশত দিপাৱলী উদযাপন কৰা দেখিবলৈ পোৱা যায়। কাৰণ পোহৰৰ উৎসৱ দিপাৱলীৰ মাদকতাই সুকিয়া। দিপাৱলীৰ আলোকৰ মাজত হেৰাই কাল সন্ধ্যা।

কিয় আৰু কেতিয়াৰ পৰা উদযাপন কৰা হয় দিপাৱলী? আঁৰত আছে এই কেইটা কাৰণ...
দেশৰ প্ৰথমখন ৰাজ্য হিচাপে উত্তৰাখণ্ডত কাৰ্যকৰী হ'বলৈ আগবাঢ়িছে ইউনিয়ন চিভিল কোড...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in