ডিজিটেল ডেস্ক : কৰ্ণাটকৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে নিৰ্বাচনী প্ৰচাৰৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শিশুসকললৈ উত্থাপন কৰে এক প্ৰশ্ন । কৰ্ণাটকৰ কালাবুৰাগীত এক বৃহৎ শোভাযাত্ৰাত অংশগ্ৰহণ কৰাৰ পূৰ্বে প্ৰধানমন্ত্ৰীগৰাকী দেখা যায় কেইগৰাকীমান শিশুৰ সৈতে ।
এই শিশুসকলকেই ভৱিষ্যতে কি হ'ব বিচাৰে বুলি সোধা এক প্ৰশ্নৰ উত্তৰত তেওঁলোকৰ কোনোবাই উত্তৰ দিয়ে ডাক্তৰ, কোনোবাই আৰক্ষী বিষয়া ।
তেতিয়াই প্ৰধানমন্ত্ৰীয়ে উত্থাপন কৰে এই আমোদজনক তথা গুৰুত্বপূৰ্ণ প্ৰশ্নটি । শিশুসকলক "তোমালোকে প্ৰধানমন্ত্ৰী হ'ব নিবিচাৰা নে ?" বুলি কৰা প্ৰশ্নটি হয়তো প্ৰাথমিক স্তৰত এক সাধাৰণ প্ৰশ্ন ।
কিন্তু এখন দেশৰ প্ৰধানমন্ত্ৰী কৰা এনে এটি প্ৰশ্নৰ গুৰুত্ব অনুধাৱণ কৰাতোও প্ৰয়োজনীয় । ভাৰতৰ দৰে ১৪২ কোটি জনসংখ্যাৰ এখন বিশাল দেশত ৭.৮ শতাংশ লোক নিবনুৱা । ইয়াৰ সৈতেই ভৱিষ্যতৰ সংস্থাপন যুঁজত অৱতীৰ্ণ হ'বলৈ গৈ আছে কোটি কোটি শিশু আৰু কিশোৰ-কিশোৰী । এই সকলোৰে সংস্থাপন সাধাৰণ কথা নহয় । কেৱল সংস্থাপনেই নহয় বৰং লগতে প্ৰয়োজন হ'ব উন্নত মানদণ্ডৰ জীৱন শৈলী ।
শিক্ষাগত আৰু কাৰিকৰী অৰ্হতাৰ ওপৰত নিৰ্ভৰশীল হৈ সংস্থাপন হয়তো আগন্তুক কেইটামান বৰ্ষলৈহে সম্ভৱ হ'ব । তাৰ পাছত প্ৰয়োজন হ'ব আন বহু আনুসংগিক দিশৰ । তেনেস্থলতো আজিৰ দিনলৈ ৰাজনীতিৰ প্ৰতি আকৰ্ষিত নহয় এজনো শিশু ! কিন্তু কিয় ? দেশ এখন চলাবলৈ যিদৰে আন বহু বস্তুৰ প্ৰয়োজন ঠিক একেদৰেই কিন্তু ৰাজনীতিৰো প্ৰয়োজন । সেই শিক্ষা সৰু কালৰে পৰাই লাভ কৰা উচিত এটি শিশুৱে । অন্যথা ৰাজনীতি কেৱল সুবিধাবাদীৰ কৰ্মস্থলী বুলিয়েই ভাবিবলৈ শিকিব সকলোৱে ।
Also Read: অনুৰাগ ঠাকুৰে দবাই ৰাখিব বিচাৰিছে ব্ৰীজ ভূষণৰ যৌন উৎপীড়ণৰ ঘটনা...