সীমান্তৰ পৰা প্ৰত্যাহাৰ অতিৰিক্ত সেনাঃ পুনৰ মধুৰ কৰাৰ প্ৰচেষ্টা ভাৰত-চীন সম্পৰ্ক...

দীপাৱলীৰ পৰাই আৰম্ভ সেনা প্ৰত্যাহাৰৰ প্ৰক্ৰিয়া

author-image
Asomiya Pratidin
New Update
সীমান্তৰ পৰা প্ৰত্যাহাৰ অতিৰিক্ত সেনাঃ পুনৰ মধুৰ কৰাৰ প্ৰচেষ্টা ভাৰত-চীন সম্পৰ্ক...

সীমান্তৰ পৰা প্ৰত্যাহাৰ অতিৰিক্ত সেনাঃ পুনৰ মধুৰ কৰাৰ প্ৰচেষ্টা ভাৰত-চীন সম্পৰ্ক...

ডিজিটেল ডেস্কঃ ভাৰত-চীন সম্পৰ্ক উন্নতি হোৱাৰ আশা প্ৰকাশ কৰিছে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে। বিশেষকৈ সীমান্তৰ পৰা দুয়ো দেশে সেনা প্ৰত্যাহাৰ কৰাত চুবুৰীয়া দেশদুখনৰ মাজৰ কূটনৈতিক সম্পৰ্ক যথেষ্ট উন্নত হোৱাৰ সুযোগ আছে বুলি আশা ব্যক্ত কৰিছে জয়শংকৰে।

তেওঁৰ মতে বহুদিন ধৰি দুয়োখন দেশৰ সম্পৰ্ক বহু বেয়া আছিল। এনে সম্পৰ্ক উন্নত কৰাৰ বাবেই দুয়ো দেশে সীমান্তৰ পৰা সেনা প্ৰত্যাহাৰৰ বিষয়টোক স্বাগতম জনাইছে দুয়োখন দেশেই।

এনে সিদ্ধান্তৰ বাবেই ভাৰত আৰু চীনৰ মাজৰ আন আন সমস্যাৰো সমাধানৰ পথ মুকলি হ'ব বুলি আশা প্ৰকাশ কৰিছে বিদেশমন্ত্ৰীগৰাকীয়ে। জানিব পৰা মতে আগন্তুক সময়ত ভাৰত আৰু চীনৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰীৰ মাজত দ্বিপাক্ষিক বৈঠকো অনুষ্ঠিত হোৱাৰ কথা।

২০২০ চনত গালৱান সংঘৰ্ষৰ পাছতে দুয়ো দেশৰ সীমান্তৰ পৰিবেশ উত্তপ্ত হৈ পৰিছিল। অৱনতি ঘটিছিল দুয়ো দেশৰ কূটনৈতিক সম্পৰ্ক। তাৰ পাছত শেহতীয়াকৈ যোৱা দীপাৱলীত দুয়োখন দেশেই সীমান্তত সামৰিক তৎপৰতা হ্ৰাস কৰে।

আৰম্ভ কৰে সীমান্তৰ পৰা সেনা প্ৰত্যাহাৰ প্ৰক্ৰিয়া। সীমান্তত আছে কেৱল স্বাভাৱিক সুৰক্ষামূলক ব্যৱস্থাৰ অংশ স্বৰূপে নামমাত্ৰ সেনা তহলদাৰী। দীপাৱলীৰ দিনাই ভাৰত আৰু চীনৰ সেনাৰ মাজত মিঠাই আদান-প্ৰদান প্ৰক্ৰিয়াও হয়।

জানিব পৰা মতে সীমান্তৰ পৰিস্থিতিক লৈ দুয়ো দেশৰ সেনাৰ মাজত এতিয়াৰে পৰা নিয়মিত আলোচনাও হ'ব। কিদৰে কোন কোন অঞ্চলত নজৰ ৰাখিব সেই বিষয়ে এক নক্সাও প্ৰস্তুত কৰা হৈছে।

কুইন্সলেণ্ড বিশ্ববিদ্যালয়ত অনুষ্ঠিত হোৱা এখন সন্মিলনত ভাষণ দি এই সন্দৰ্ভত এছ জয়শংকৰে কয়, "ভাৰত-চীন সম্পৰ্ক নিশ্চিতভাৱে কিছু উন্নত হৈছে। সেনা প্ৰত্যাহাৰৰ পূৰ্বে  দুয়োখন দেশৰ সেনা খুব কাষত আছিল। যাৰ বাবে অপ্ৰীতিকৰ ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনাও আছিল। কিন্তু এতিয়া সেনা প্ৰত্যাহাৰ কৰাৰ ফলত, সেই সম্ভাৱনা আৰু নাথাকিব।

Also Read: অন্ধকাৰত ডুব যাব সমগ্ৰ বাংলাদেশঃ আদানীয়ে বন্ধ কৰিছে বিদ্যুৎ সৰবৰাহ...

ড০ এছ জয়শংকৰ ভাৰত চীন সংঘাত