ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নিৰাপত্তাত বিসংগতি ! প্ৰধানমন্ত্ৰীৰ বাসভৱনৰ ওপৰত পৰিলক্ষিত হ’ল ড্ৰোণ। এই ড্ৰোণ কোনে আৰু কিয় ব্যৱহাৰ কৰিছিল সেই বিষয়ে এতিয়াও সবিশেষ প্ৰকাশ পোৱা নাই।
নিৰাপত্তীৰক্ষীয়েও এই বিষয়ে একো তথ্য লাভ কৰা নাই। ঘটনা সন্দৰ্ভত দিল্লী আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত। উল্লেখ্য যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বাসভৱন ন’ফ্লাইং জ’নৰ অন্তৰ্গত।
এই অঞ্চলৰ ওপৰেদি কোনেও বিমান অথবা ড্ৰোণ উৰুৱাব নোৱাৰে। কিন্তু তাৰ পাছতো কেনেকৈ আৰু কোনে প্ৰধানমন্ত্ৰীৰ বাসভৱনৰ ওপৰত ড্ৰোণ উৰুৱালে তাক লৈ ৰহস্যৰ সৃষ্টি হৈছে।
দিল্লী আৰক্ষীক সোমবাৰে পুৱা প্ৰায় ৫ বজাত দিল্লী আৰক্ষীক এই বিষয়ে অভিযোগ দিছে স্পেছিয়েল প্ৰটেকশ্যন গ্ৰুপে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নিৰাপত্তাৰ দায়িত্বত আছে এই বিশেষ সুৰক্ষা বাহিনী।
পুৱাৰ আকাশত এই ড্ৰোণ প্ৰত্যক্ষ কৰিয়েই এই সুৰক্ষা বাহিনীয়ে দিল্লী আৰক্ষীক খবৰ দিছে। অৱশ্যে এই পৰ্যন্ত আৰক্ষীয়ে কোনো ড্ৰোণৰ সম্ভেদ পোৱা নাই। এতিয়া প্ৰশ্ন উঠিছে, ন’ ফ্লাইং জ’ন হিচাপে থকাৰ পাছতো প্ৰধানমন্ত্ৰীৰ বাসভৱনৰ আকাশত কিদৰে উৰিল ড্ৰোণ?
বিশেষ সুৰক্ষা বাহিনীয়ে এই ড্ৰোণ প্ৰত্যক্ষ কৰাৰ পাছতো কিয় ব্যৱস্থা গ্ৰহণ নকৰিলে? কোনে, কিয় এই ড্ৰোণ উৰুৱালে সেয়াও এতিয়া এক বৃহৎ প্ৰশ্ন।
Also Read: চলন্ত ৰে'লৰ এলাৰ্ম চেইন টানিলে, শিলগুটি নিক্ষেপ কৰিলে ৰক্ষা নাই...