দুমহীয়া কন্যা সন্তানটিৰ মুখৰ পৰা নুশুনিলে আব্বা শব্দঃ দেশৰ বাবে ছহিদ হ'ল হুমায়ুন...

দুমহীয়া কন্যা সন্তানটিৰ মুখৰ পৰা নুশুনিলে আব্বা শব্দঃ দেশৰ বাবে ছহিব হ'ল হুমায়ুন...
দুমহীয়া কন্যা সন্তানটিৰ মুখৰ পৰা নুশুনিলে আব্বা শব্দঃ দেশৰ বাবে ছহিব হ'ল হুমায়ুন...
Published on
Updated on

ডিজিটেল ডেস্কঃ জম্মু কাশ্মীৰৰ অনন্তনাগ জিলাত সন্ত্ৰাসবাদীৰে সংঘটিত হোৱা সংঘৰ্ষত সেনা, আৰক্ষীৰ ৩ জনকৈ শীৰ্ষ বিষয়াৰ মৃত্যুৰ ঘটনাত শোকৰ ছাঁ পৰিছে দেশজুৰি। এই ঘটনাত ছহিদ হৈছে সেনাৰ এগৰাকী কৰ্নেল, মেজৰ আৰু জম্মু-কাশ্মীৰ আৰক্ষীৰ এগৰাকী ডি এছ পি। আনহাতে এতিয়াও সন্ধানহীন হৈ আছে দুজনকৈ জোৱান।

এই সংঘৰ্ষত ছহিদ হৈছে ১৯ ৰাষ্ট্ৰীয় ৰাইফলৰ কামাণ্ডিং অফিচাৰ কৰ্নেল মনপ্ৰীত সিং, মেজৰ আশীষ ধোনচাক আৰু জম্মু-কাশ্মীৰ আৰক্ষীৰ ডি এছ পি গৰাকী হল হুমায়ুন ভাট। তিনিওগৰাকী ছহিদ শীৰ্ষ বিষয়ালৈ জম্মু-কাশ্মীৰ আৰক্ষীৰ ফালৰ পৰা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হৈছে।

এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ কেইখনমান ফটো জম্মু-কাশ্মীৰ আৰক্ষীয়ে সামাজিক মাধ্যমৰ জৰিয়তে শ্বেয়াৰ কৰিছে। য'ত দেখিবলৈ পোৱা গৈছে জম্মু-কাশ্মীৰৰ আৰক্ষী সঞ্চালক প্ৰধান দিলবাগ সিং, উপ-ৰাজ্যপাল মনোজ সিনহা আদিৰ লগতে ছহিদ ডি এছ পি হুমায়ুন ভাটৰ পিতৃয়ে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে।

উল্লেখ্য যে, হুমায়ুন ভাটৰ পিতৃও আছিল এগৰাকী আৰক্ষী বিষয়া। হুমায়ুন ভাটৰ পিতৃ গুলাম হাছান ভাট জম্মু-কাশ্মীৰ আৰক্ষীৰ আই জি হিচাপে অৱসৰ গ্ৰহণ কৰিছিল। নিজে যিদৰে আৰক্ষীত যোগদান কৰি সেৱা আগবঢ়াইছিল ঠিক সেইদৰে নিজৰ সন্তানকো তেওঁ আৰক্ষী সেৱাত নিয়োগ হ'বলৈ আগবঢ়াই দিছিল।  

ইফালে এইগৰাকী সাহসী আৰক্ষী বিষয়াৰ শেহতীয়াকৈ বিবাহ সম্পন্ন হৈছিল। তেওঁৰ এগৰাকী দুমহীয়া কন্যা সন্তানো আছিল। কন্যা সন্তানটিৰ মুখৰ পৰা আব্বা শব্দটো শুনাৰ পূৰ্বেই তেওঁ সন্ত্ৰাসবাদীৰে সংঘৰ্ষত দেশৰ বাবে ছহিদ হয়।

তেওঁৰ এই ত্যাগক সন্মান জনায় জম্মু-কাশ্মীৰ আৰক্ষী সঞ্চালক প্ৰধান দিলবাগ সিঙে কয়, কৰ্নেল মনপ্ৰীত সিং, মেজৰ আশীষ ধোনচাক আৰু ডি এছ পি হুমায়ুন ভাটৰ বিয়োগত যথেষ্ট দুখী হৈছো।  

স্মৰ্তব্য, অনন্তনাগৰ গাৰোল অঞ্চলত মঙ্গলবাৰে সেনা, আৰক্ষীয়ে তালাচী অভিযান আৰম্ভ কৰিছিল। ইয়াৰ পাছতে নিশাৰ ভাগত সেনাৰ দ্বাৰা চলোৱা এই অভিযান বন্ধ কৰি দিয়া হৈছিল।

কিন্তু শীৰ্ষ বিষয়াসকলে সেই অঞ্চলটোৰে এটা নিৰ্দিষ্ট স্থানত সন্ত্ৰাসবাদীৰ উপস্থিতিৰ খবৰ লাভ কৰে। ইয়াৰ পাছতে সেনা আৰু আৰক্ষীয়ে বুধবাৰে পুৱাই এই সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰে।

প্ৰথমে সন্ত্ৰাসবাদীৰ গোটটোৱে সুৰক্ষা কৰ্মীৰ এই দলটোক আক্ৰমণৰ লক্ষ্য কৰি লয়। ইয়াৰ পাছতে কৰ্নেল মনপ্ৰীত সিঙৰ নেতৃত্ব সুৰক্ষাকৰ্মীৰ দলটোৱেও প্ৰত্যাক্ৰমণ কৰে।

ইয়াৰ মাজতে সন্ত্ৰাসবাদীৰ গুলীত মনপ্ৰীত সিং প্ৰথমে গুৰুতৰভাৱে আহত হয়। সেইদৰে মেজৰ আশীষ ধোনচাক আৰু ডি এছ পি হুমায়ুন ভাটৰ দেহতো গুলীয়ে আঘাত কৰে। আৰু পৰৱৰ্তী সময়ত এই তিনিওগৰাকী শীৰ্ষ বিষয়া ছহিদ হয়।

https://x.com/JmuKmrPolice/status/1701995472859316533?s=20
দুমহীয়া কন্যা সন্তানটিৰ মুখৰ পৰা নুশুনিলে আব্বা শব্দঃ দেশৰ বাবে ছহিব হ'ল হুমায়ুন...
পত্নী, আত্মীয়ৰ বেংক একাউণ্টালৈ লাখে লাখে চৰকাৰী ধন হস্তান্তৰ সমবায় পৰিদৰ্শকৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in