আজি মহা অষ্টমী আৰু মহা নৱমীৰো পূজাঃ কামাখ্যা ধামত দিব মুঠ ১৮ টা ম'হ বলি...

সেমেকা বতৰৰ মাজতে ৰাজ্যত শাৰদীয় দুৰ্গা পূজাৰ মাদকতা
আজি মহা অষ্টমী আৰু মহা নৱমীৰো পূজাঃ কামাখ্যা ধামত দিব মুঠ ১৮ টা ম'হ বলি...
আজি মহা অষ্টমী আৰু মহা নৱমীৰো পূজাঃ কামাখ্যা ধামত দিব মুঠ ১৮ টা ম'হ বলি...
Published on
Updated on

ডিজিটেল ডেস্কঃ সেমেকা বতৰৰ মাজত ৰাজ্যবাসীয়ে লৈছে শাৰদীয় দুৰ্গা পূজাৰ মাদকতা। সপ্তমীৰ পুৱাৰ বৰষুণৰ পাছত দিনটোলৈ বতৰ মুকলি কৰাৰ পাছত সন্ধিয়া অহা আন এজাক বৰষুণে কিছু অসুবিধাৰ সৃষ্টি কৰিলে যদিও সপ্তমী পূজা চোৱাৰ মাদকতাত ম্লান পেলাব নোৱাৰিলে। আজিও পুৱাৰে পৰা বতৰ সেমেকা যদিও অষ্টমী পূজাক লৈ পুৱাৰে পৰা আৰম্ভ হৈছে ব্যস্ততা।

পূজা মণ্ডপসমূহৰ পৰা ভাঁহি আহিছে পুৰোহিতৰ মন্ত্ৰোচাৰণ। উল্লেখ্য যে, এইবাৰ দুৰ্গা পূজাৰ একেটা দিনতে দুটাকৈ তিথি মিলাৰ বাবে একেটা দিনতে দুটাকৈ তিথিৰ যথাবিহিত পূজা সম্পন্ন কৰা হৈছে।

সেয়ে মহাসপ্তমীৰ লগত কালিৰ দিনটোতেই আৰম্ভ হৈছে মহা অষ্টমীৰো পূজা। অৱশ্যে ভক্তগণে আজিহে মহা অষ্টমী হিচাপে পূজা, অৰ্চনা কৰিব। গৰিষ্ঠ সংখ্যক পূজা মণ্ডপতেই আজিয়েই অনুষ্ঠিত হৈছে অষ্টমীৰ বিহীত পূজা আৰু সন্ধি পূজা।

জানিব পৰা মতা মহা অষ্টমী পূজা উপলক্ষে আজি কামাখ্যা ধামত ১১ টাকৈ ম'হ বলি দিয়া হ'ব। কালিৰ দিনটোত মন্দিৰ পৰিচালনা সমিতিৰ ফালৰ পৰা ১টা আৰু ভক্তৰ ফালৰ পৰা ৭ টা ম'হ বলি দিয়া হৈছিল।

পূজাৰ তিনিওটা দিনতে কামাখ্যা ধামত মুঠ ১৮ টা ম'হ বলি সম্পন্ন হ'ব। অৱশ্যে এই সংখ্যা বৃদ্ধিৰো সম্ভাৱনা আছে। কামাখ্যা ধামৰ উপৰিও নলবাৰী জিলাৰ বেলশৰৰ বিল্বেশ্বৰ দেৱালয়, গুৱাহাটীৰ উগ্রতাৰা দেৱালয়, বগৰীবাৰীৰ মহামায়া দেৱালয়, বঙাইগাঁৱৰ বাঘেশ্বৰী মন্দিৰ, যোৰহাটৰ ঐতিহ্যমণ্ডিত বুঢ়ী গোঁসানীৰ থান, লখিমপুৰৰ পঞ্চানন দেৱালয়ৰ লগতে আন একাংশ থান-দেৱালয়তো অষ্টমী পূজা উপলক্ষে কোমোৰা, হাঁহ আৰু ছাগলী আদিক বলি শক্তিদায়িনী দেৱী দুর্গালৈ আগবঢ়োৱা হয়। ইফালে আজিয়েই মহা নৱমীৰো তিথি মিলাৰ বাবে বিভিন্ন মথ, মন্দিৰ তথা পূজা মণ্ডপত মহা নৱমীৰো যথাবিহিত পূজা অনুষ্ঠিত হ'ব।

আজি মহা অষ্টমী আৰু মহা নৱমীৰো পূজাঃ কামাখ্যা ধামত দিব মুঠ ১৮ টা ম'হ বলি...
টেনিছক বিদায় জনালে ৰাফেল নাডালে...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in