ছাৰোগেচী সন্দৰ্ভত সজাগতা বৃদ্ধিৰ লক্ষ্যৰে প্ৰস্তুতি কলিকতাৰ এক ব্যতিক্ৰমী পূজা মণ্ডপৰ...

author-image
Asomiya Pratidin
New Update
ছাৰোগেচী সন্দৰ্ভত সজাগতা বৃদ্ধিৰ লক্ষ্যৰে প্ৰস্তুতি কলিকতাৰ এক ব্যতিক্ৰমী পূজা মণ্ডপৰ...

ডিজিটেল ডেস্ক : এক নতুন চিন্তাধাৰাৰে দুৰ্গাপূজাক এক নতুন ৰূপ দিয়াৰ দিশে আগবাঢ়িছে কলিকতাৰ এখনি পূজা মণ্ডপ । প্ৰতি বছৰেই পূজা মণ্ডপ সমূহৰ মাজত অনুষ্ঠিত হৈ অহা প্ৰতিযোগিতাৰ দৌৰৰ পৰা আতঁৰি কলিকতাৰ এখন পূজা মণ্ডপ কমিটীয়ে লৈছে এক অনন্য সিদ্ধান্ত । দুৰ্গা দেৱীৰ প্ৰতিমাক দিছে এক নতুন ৰূপ । ভাৰতত ক্ৰমাগতভাৱে বৃদ্ধি পায় অহা ছাৰোগেচীৰ ঋণাত্মক দিশ সমূহৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ ৰাইজক সজাগ কৰাৰ সিদ্ধান্ত শ্ব্যামবজাৰ পল্লী শংখ দুৰ্গাপূজা কমিটীৰ ।

এই সন্দৰ্ভত কমিটীখনৰ সম্পাদক সুমান্ত দেʼৰ ভাষ্য অনুসৰি, এইবেলি এগৰাকী ছাৰোগেট মাতৃৰ বেদনাক দাঙি ধৰিবলৈ চেষ্টা কৰা হৈছে মণ্ডপটোত । প্ৰায় ৯ মাহ গৰ্ভত কঢ়িয়াই ফুৰা সন্তানটিক কেইটিমান ধনৰ বাবদ কোনো অচিনাকী লোকক বিক্ৰী কৰি দিয়াৰ বেদনা অনুভৱ কেৱল এগৰাকী মাতৃয়েহে কৰিব পাৰে । নিজৰ আঁচলৰ তলত লুকুৱাই ৰখা সন্তানটিক বিক্ৰী কৰি দিয়াৰ বেদনা হৃদয় বিদাৰক।

কমিটীখনে চলিত বৰ্ষৰ আয়োজনৰ মাজেৰেই সেইখিনি কথা সমাজক জনোৱাৰ তাগিদাত কৰিলে এই পৰিকল্পনা ।

কমিটীখনে জনোৱা অনুসৰি, সমগ্ৰ মণ্ডপটি তৈয়াৰ কৰা হৈছে দুখন হাতৰ তলুৱাৰ আৰ্হিত যি সন্তান এটিক অচিনাকী লোকক গতাই দিয়াৰ আৰু তাৰ বিনিময়ত ধন লাভ কৰা সূচাব ।

Also Read: ঢকুৱাখনা চৰকাৰী মজলীয়া বিদ্যালয়ৰ ১৫০ বছৰীয়া জয়ন্তীৰ প্ৰস্তুতি

durga puja kolkata