পুনৰ দিল্লীত আহিল ভূমিকম্পঃ চিন্তিত সৰ্বসাধাৰণ...

পুনৰ দিল্লীত আহিল ভূমিকম্পঃ চিন্তিত সৰ্বসাধাৰণ...
পুনৰ দিল্লীত আহিল ভূমিকম্পঃ চিন্তিত সৰ্বসাধাৰণ...
Published on
Updated on

ডিজিটেল ডেস্কঃ পুনৰ এবাৰ ভূমিকম্প অনুভূত হ'ল ৰাষ্ট্ৰীয় ৰাজধানী নতুন দিল্লীত। ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য আছিল ২.৬। ভূমিকম্পৰ তীব্ৰতা অতি কম হোৱাৰ বাবে কোনো ক্ষয় ক্ষতি হোৱা নাই।

বিয়লি ৩.৩৬ মিনিটত এই ভূমিকম্প অনুভূত হয়। পৰাপক্ষত এনে কম প্ৰাবল্যৰ ভূমিকম্প সাধাৰণ মানুহে অনুভৱ নকৰে। কিন্তু ধাৰাবাহিকভাৱে ৰাষ্ট্ৰীয় ৰাজধানীত ভূমিকম্প আহি থকা বিষয়টোৱে সাধাৰণ লোকক চিন্তিত কৰি তুলিছে।

বিগত মাত্ৰ এটা সপ্তাহত দিল্লী, এন চি আৰত এয়া আছিল তৃতীয়টো ভূমিকম্পৰ ঘটনা। ৩ নৱেম্বৰৰ নিশা দিল্লী, এন চি আৰৰ লগতে সমগ্ৰ উত্তৰ ভাৰতত ভূমিকম্প আহিছিল। ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য আছিল ৫.৬।

এই ভূমিকম্পৰ কেন্দ্ৰবিন্দু আছিল নেপাল। এই ভূমিকম্পতেই নেপালত ১৫০ ৰো অধিক লোকৰ মৃত্যু হৈছিল। এই সপ্তাহৰ আৰম্ভণিতে দিল্লী, এন চি আৰত আন এক ভূমিকম্পৰ কম্পন অনুভৱ কৰা হৈছিল। সেই ভূমিকম্পৰ কেন্দ্ৰবিন্দুও আছিল অৱশ্যে, এই ভূমিকম্পৰ তীব্ৰতা ৩ নৱেম্বৰৰ ভূমিকম্পতকৈ কম আছিল।

পুনৰ দিল্লীত আহিল ভূমিকম্পঃ চিন্তিত সৰ্বসাধাৰণ...
দেশৰ প্ৰথমখন ৰাজ্য হিচাপে উত্তৰাখণ্ডত কাৰ্যকৰী হ'বলৈ আগবাঢ়িছে ইউনিয়ন চিভিল কোড...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in