Advertisment

মহাৰাষ্ট্ৰত এটা পৰ্যায়ত, ঝাৰখণ্ডত দুটা পৰ্যায়ত হ'ব নিৰ্বাচনঃ ২৩ নৱেম্বৰত ভোটগণনা...

নিৰ্বাচন আয়োগে আজি ঘোষণা কৰিলে নিৰ্বাচনৰ দিন

author-image
Asomiya Pratidin
New Update
অসমসহ দেশৰ ৯ ৰাজ্যৰ ১২ খন ৰাজ্যসভা আসনৰ নিৰ্বাচনৰ দিন ঘোষণা...

মহাৰাষ্ট্ৰত এটা পৰ্যায়ত, ঝাৰখণ্ডত দুটা পৰ্যায়ত হ'ব নিৰ্বাচনঃ ২৩ নৱেম্বৰত ভোটগণনা... ELECTION COMMISSION OF INDIA

ডিজিটেল ডেস্কঃ আজি ঘোষণা হ'ল মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ দিন। নিৰ্বাচন আয়োগে নতুন দিল্লীৰ বিজ্ঞান ভৱনত সংবাদ মেল সম্বোধন কৰি নিৰ্বাচনৰ দিন ঘোষণা কৰিলে।

Advertisment

সেই অনুসৰি ঝাৰখণ্ড বিধানসভাৰ নিৰ্বাচন মুঠ দুটা পৰ্যায়ত অনুষ্ঠিত হ'ব। প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ ১৩ নৱেম্বৰত আৰু দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ ২০ নৱেম্বৰত অনুষ্ঠিত হ'ব।

৮১ খন আসনৰ ঝাৰখণ্ড বিধানসভাৰ এই নিৰ্বাচনত মুঠ ভোটাৰ ২.৬০ কোটি। ইয়াৰে ১.৩১ কোটি পুৰুষ আৰু ১.২৯ কোটি মহিলা ভোটাৰ। ৰাজ্যখনত এইবাৰ প্ৰথমবাৰৰ বাবে ভোট দিব ১১.৮৪ লাখ ভোটাৰে। তাৰোপৰি যুৱ ভোটাৰৰ সংখ্যা হৈছে ৬৬.৮৪ লাখ।

ৰাজ্যখনত মনোনয়ন দাখিলৰ অন্তিম তাৰিখ প্ৰথম পৰ্যায়ৰ বাবে ২৫ অক্টোবৰ আৰু দ্বিতীয় পৰ্যায়ৰ বাবে ২৯ অক্টোবৰ। সেইদৰে মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম তাৰিখ ক্ৰমে ৩০ অক্টোবৰ আৰু ১ নৱেম্বৰ।

সেইদৰে মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচন এটা পৰ্যায়তে ২০ নৱেম্বৰত অনুষ্ঠিত হ'ব। ৰাজ্যখনত ২২ অক্টোবৰত অধিসূচনা জাৰি কৰা হ'ব। প্ৰাৰ্থীসকলৰ মনোনয়ন দাখিলৰ অন্তিম তাৰিখ ২৯ অক্টোবৰ। মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম তাৰিখ ৪ নৱেম্বৰ। দুয়োখন ৰাজ্যৰে ভোটগণনা হ'ব ২৩ নৱেম্বৰত।

Also Read: অসমৰ পাঁচ বিধানসভা সমষ্টিত ১৩ নৱেম্বৰত ভোটগ্ৰহণ...

মহাৰাষ্ট্ৰ নিৰ্বাচন আয়োগ বিধানসভা নিৰ্বাচন ঝাৰখণ্ড