ডিজিটেল ডেস্কঃ আজি দেশৰ নিৰ্বাচন আয়োগে মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা কৰিব। আয়োগে বিয়লি ৩-৩০ বজাত নতুন দিল্লীৰ বিজ্ঞান ভৱনত এই সন্দৰ্ভত এক সংবাদ মেল সম্বোধন কৰিব।
উল্লেখ্য যে, অহা ২৬ নৱেম্বৰত মহাৰাষ্ট্ৰ বিধানসভা আৰু ২৫ জানুৱাৰীত ঝাৰখণ্ড বিধানসভাৰ ম্যাদ সম্পূৰ্ণ হ'ব। দুয়োখন ৰাজ্যতে ইতিমধ্যে নিৰ্বাচনী বতাহ তীব্ৰতৰ হৈছে। ৰাজ্যদুখনত ৰাজনৈতিক দলসমূহে নিৰ্বাচনী প্ৰচাৰ ইতিমধ্যে আৰম্ভ কৰিছে।
মহাৰাষ্ট্ৰত এইবাৰৰ নিৰ্বাচনত মূল যুঁজখন দুটা গোট ক্ৰমে শাসকীয় বিজেপি, শিৱ সেনা (একনাথ সিন্দে), এন চি পি (অজিত পাৱাৰ)ৰ মহায়ুটি এলায়েন্স আৰু শিৱসেনা (উদ্ধৱ থাকৰে), এন চি পি (শাৰদ পাৱাৰ), কংগ্ৰেছৰ মহা বিকাশ আঘাড়ী মিত্ৰজোঁটৰ মাজতে হ'ব।
সদ্য সমাপ্ত লোকসভা নিৰ্বাচনত বিজেপি নেতৃত্বাধীন MYA য়ে মহাৰাষ্ট্ৰৰ ৪৮ খন লোকসভা আসনৰ ভিতৰত মাত্ৰ ১৭ খন হে জয় কৰিবলৈ সক্ষম হৈছিল। বিজেপিৰ আসন ২৩ খনৰ পৰা ৯ খনলৈ হ্ৰাস পাইছিল। ইয়াৰ বিপৰীত মহা বিকাশ অঘড়ীয়ে ৩০ খন আসন দখল কৰিবলৈ সক্ষম হৈছিল। সেয়ে এই বিৰোধী শক্তি এই নিৰ্বাচনক লৈ আত্মবিশ্বাসী হৈ আছে।
২৮৮ গৰাকী আসনৰ মহাৰাষ্ট্ৰ বিধানসভাত ২০১৯ ৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে ১০৫ খন, শিৱ সেনাই ৫৬ খন, এন চি পিয়ে ৫৪ খন, কংগ্ৰেছে ৪৪ খন, বহুজন বিকাশ আঘাড়ীয়ে ৩ খন, এ আই এম আই এমে ২ খন, সমাজবাদী পাৰ্টীয়ে ২ খন, প্ৰহাৰ জনশক্তি পাৰ্টীয়ে ২ খন আৰু অন্যান্যই ২০ খন আসন লাভ কৰিছিল।
সেইদৰে ৮১ খন আসনৰ ঝাৰখণ্ড বিধানসভাৰ ম্যাদো অহা ৫ জানুৱাৰীত অন্ত পৰিব। যোৱা ২৪ ছেপ্টেম্বৰত ৰাজ্যখনলৈ নিৰ্বাচন আয়োগৰ মুখ্য নিৰ্বাচনী আয়ুক্ত ৰাজীৱ কুমাৰৰ নেতৃত্বত এটা দল গৈ পৰিস্থিতি পৰ্যবেক্ষণ কৰিছিল। তাৰোপৰি বিভিন্ন ৰাজনৈতিক দল, সংস্থাৰ সৈতে মত বিনিময়ো কৰিছিল।
২০১৯ ত মুঠ ৫ টা পৰ্যায়ত অনুষ্ঠিত হোৱা ঝাৰখণ্ড বিধানসভা নিৰ্বাচন এইবাৰো ঠিক সেইদৰেই অনুষ্ঠিত হ'ব বুলি আশা কৰা হৈছে। সদ্য সমাপ্ত হাৰিয়ানা নিৰ্বাচনৰ ফলাফলক লৈ উৎসাহী হৈ থকা বিজেপিয়ে ঝাৰখণ্ড আৰু মহাৰাষ্ট্ৰ নিৰ্বাচনক লৈয়ো উৎসাহী হৈ আছে।
দলটোৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ প্ৰদীপ ভাণ্ডাৰীয়ে সংবাদ মাধ্যমৰ আগত ৰাজ্য দুখনৰ বিধানসভা নিৰ্বাচনৰ প্ৰসংগত কয়, বিজেপি আৰু এন ডি এ নিৰ্বাচনক লৈ সম্পূৰ্ণ সাজু হৈ আছো। হাৰিয়ানাৰ দৰেই মহাৰাষ্ট্ৰৰো জনতাই আমাক বিশ্বাসত লৈ ভোট প্ৰদান কৰিব।
তেওঁ পুনৰ কয়, ঝাৰখণ্ডৰ জনতা হেমন্ত চোৰণৰ দুৰ্নীতি, ভোট বেংকৰ ৰাজনীতিক লৈ ক্ষোভিত হৈ আছে। তেওঁলোকে এইবাৰ উন্নয়নৰ সপক্ষে ভোটদান কৰিব। বিজেপিৰ নেতৃত্বত ৰাজ্যখনত এইবাৰ এখন 'প্ৰ-ট্ৰাইবেল' চৰকাৰ গঠন কৰিব। আমি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ডত বিজেপিৰ চৰকাৰ হ'ব বুলি বিশ্বাসী।
স্মৰ্তব্য যে, নিৰ্বাচন আয়োগে অসমকে ধৰি আন কেইবাখনো ৰাজ্যৰ উপ-নিৰ্বাচনৰ দিনো আজিৰ সংবাদ মেলৰ জৰিয়তে ঘোষণা কৰিব বুলিও এক চৰ্চা চলি আছে যদিও নিৰ্বাচন আয়োগে অৱশ্যে সেই বিষয়ে কোনো কথা প্ৰকাশ কৰা নাই। আয়োগে সংবাদ মেলৰ বাবে প্ৰেৰণ কৰা পত্ৰত কেৱল ঝাৰখণ্ড আৰু মহাৰাষ্ট্ৰৰহে নিৰ্বাচনৰ দিন ঘোষণা কৰিব বুলিহে উল্লেখ কৰিছে।
Also Read: দিল্লীৰ পৰা ভূপেন বৰাই ক'লে- সলনি নহয় APCC ৰ সভাপতি...