চমন দি ভাগৰিল ইডি, কাৰ্যালয়লৈ নাহিল কেজৰিৱালঃ এইবাৰ কাষ চাপিল আদালতৰ

চমন দি ভাগৰিল ইডি, কাৰ্যালয়লৈ নাহিল কেজৰিৱালঃ এইবাৰ কাষ চাপিল আদালতৰ
চমন দি ভাগৰিল ইডি, কাৰ্যালয়লৈ নাহিল কেজৰিৱালঃ এইবাৰ কাষ চাপিল আদালতৰ
Published on
Updated on

ডিজিটেল ডেস্কঃ দিল্লীৰ সুৰা নীতি কেলেংকাৰী সন্দৰ্ভত এখনৰ পাছত এখনকৈ মুঠ ৫ খন চমন জাৰি কৰাৰ পাছতো মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে ইডিলৈ সহাৰি নজনোৱাত অৱশেষত তেওঁৰ বিৰুদ্ধে আদালতৰ কাষ চাপিল তদন্তকাৰী সংস্থাটো। শনিবাৰে ইডিয়ে দিল্লীৰ ৰ'জ গাৰ্ডেন আদালতত তেওঁৰ বিৰুদ্ধে গোচৰ তৰে।

এই গোচৰৰ শুনানি অহা বুধবাৰে গ্ৰহণ কৰিব। উল্লেখ্যে যে, ইডিয়ে এই গোচৰ সন্দৰ্ভত তেওঁক ৫ খন চমন জাৰি কৰিলে যদিও তেওঁ ইডিয়ে এই জাননী অবৈধভাৱে প্ৰেৰণ কৰাৰ অভিযোগ তুলি ইডিৰ কাৰ্যালয়ত হাজিৰো হোৱাৰ পৰা বিৰত থাকে।

কেজৰিৱালৰ অভিযোগ দিল্লীৰ আপৰ চৰকাৰ ভংগৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু গৃহমন্ত্ৰী অমিত শ্বাহে ইডিক ব্যৱহাৰ কৰিছে। তেওঁলোকে বিচাৰিছে দিল্লীৰ চৰকাৰ ভংগ হোৱাটোৰ লগতে কেজৰিৱালৰ গ্ৰেপ্তাৰ।

ইতিমধ্যে দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনিষ চিছোদিয়া, সাংসদ সঞ্জয় সিং আৰু প্ৰাক্তন মন্ত্ৰী সত্যেন্দ্ৰ জৈনক ইডিয়ে গ্ৰেপ্তাৰ কৰি জে'ললৈ প্ৰেৰণ কৰিছে।

চমন দি ভাগৰিল ইডি, কাৰ্যালয়লৈ নাহিল কেজৰিৱালঃ এইবাৰ কাষ চাপিল আদালতৰ
অসম সাংস্কৃতিক মহাসংগ্ৰামত ভাগ লবলৈ আহি নিশা এপৰলৈ হোটেলৰ বাহৰিত থাকিল ৪০/৪৫ গৰাকী কিশোৰী...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in