ৰাজহুৱা সভাৰ মাজতেই ইডিয়ে আটক কৰিলে আপৰ বিধায়কক...

ৰাজহুৱা সভাৰ মাজতেই ইডিয়ে আটক কৰিলে আপৰ বিধায়কক...

author-image
Asomiya Pratidin
New Update
ৰাজহুৱা সভাৰ মাজতেই ইডিয়ে আটক কৰিলে আপৰ বিধায়কক...

ডিজিটেল ডেস্কঃ ইডিৰ জালত এইবাৰ আপৰ বিধায়ক। সোমবাৰে ইডিয়ে আটক কৰে পঞ্জাৱৰ আম আদমী পাৰ্টীৰ বিধায়ক যশৱন্ত সিং গজ্জন মাজৰাক। ৰাজহুৱা সভাৰ মাজৰ পৰাই অমৰগাহৰ বিধায়কগৰাকীক কিয় আটক কৰা হয় এতিয়ালৈকে জানিব পৰা হোৱা নাই।

যোৱা বছৰ ছেপ্টেম্বৰত আপৰ এইগৰাকী নেতাৰ কেইবাটাও স্থানত চিবিআইয়ে তালাচী চলাইছিল। বেংক জালিয়াতিৰ গোচৰৰ সন্দৰ্ভত তালাচী চলাইছিল আৰু অনুসন্ধানত নগদ ১৬.৫৭লাখ টকা, বিদেশী মুদ্ৰা, বেংক আৰু সম্পত্তিৰ আপত্তজনক নথিপত্ৰ লাভ কৰিছিল।

চিবিআইৰ মতে পঞ্জাৱৰ লুধিয়ানাত বেংক অফ ইণ্ডিয়াৰ এটা শাখাৰ অভিযোগৰ ভিত্তিত মাজৰা আৰু তাৰা কৰ্পোৰেচন লিমিটেডকে ধৰি বিভিন্নজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছিল।

উল্লেখ্য যে, আপৰ কেইবাগৰাকী নেতাৰ বিৰুদ্ধে ইডিৰ অভিযান চলি আছে। আপৰ দুই গৰাকী মন্ত্ৰী কাৰাগাৰত থকাৰ উপৰি দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাললৈও চমন জাৰি কৰিছিল ইডিয়ে। এই সময়তে আপৰ এইগৰাকী নেতাক আটক কৰা হয়।

Also Read: সংঘত বদৰক আদৰ...

punjab