ডিজিটেল ডেস্কঃ পুনৰ ইডিৰ চমন ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰনলৈ। ধন কেলেংকাৰীৰ গোচৰত ইডিয়ে তেওঁক এই চমন জাৰি কৰিছে। ইয়াৰ পূৰ্বে শনিবাৰে তেওঁৰ বাসগৃহত সোধা-পোছা কৰা হৈছিল। ইয়াৰ আগতে তেওঁ কেইবাটাও চমনত প্ৰশ্নৰ বাবে উপস্থিত হোৱা নাছিল।
এইবাৰ, তেওঁলোক ২৭ ৰ পৰা ৩১ জানুৱাৰীৰ ভিতৰত সংস্থাটোৰ আঞ্চলিক কাৰ্যালয়লৈ আহিবলৈ কোৱা হৈছে। হেমন্ত সোৰেনে দাবী কৰিছে যে তেওঁ ডাঙৰ ষড়যন্ত্ৰৰ বলি হৈছে।
মুখ্যমন্ত্ৰীক গৰাকীক শনিবাৰে প্ৰৱৰ্তন সঞ্চালকালয়ে (ইডি) য়ে ৭ ঘণ্টাতকৈও অধিক সময় ধৰি সোধা-পোছা কৰিছিল। সোৰেনক ৭ বাৰকৈ চমন জাৰি কৰাৰ পাছত এই সোধা পোছাত অংশ লৈছিল। এতিয়া পুনৰ ইডিয়ে জাৰি কৰিছে চমন।
Also Read: চীনত ৭.২ প্ৰাবল্যৰ ভূমিকম্পৰ জোকাৰণি, দিল্লীতো অনুভৱ কম্পন