ডিজিটেল ডেস্কঃ অভিনেতা প্ৰকাশ ৰাজক ইডিৰ চমন। পঞ্জি আঁচনিৰ ১০০ কোটি টকৰা কেলেংকাৰী সন্দৰ্ভত অভিনেতাগৰাকীলৈ চমন জাৰি কৰিছে ইডিয়ে। এই বিষয়টো অলংকাৰৰ লগত জড়িত হৈ আছে। বৃহস্পতিবাৰে ইডিৰ বিষয়াই জনাই এই কথা।
তামিলনাডুত ৰুজু হোৱা এক গোচৰৰ পাছত এই সকলোবোৰ ঘটনা পোহৰলৈ আহিছে। অভিযোগ অনুসৰি প্ৰণৱ জুৱেলাৰ্ছ আৰু ইয়াৰ লগত জড়িত একাংশই উচ্চ লাভৰ প্ৰতিশ্ৰুতিৰে সোনৰ বিনিয়োগ আঁচনিৰ অধীনত বিভিন্ন জনৰ পৰা ১০০ কোটি টকা জমা কৰিছিল।
অভিনেতা প্ৰকাশ ৰাজ প্ৰণৱ জুৱেলাৰছৰ ব্ৰেণ্ড এম্বাছাদৰ আছিল। যাৰ বাবে এই কেলেংকাৰীত তেওঁৰ নাম সাঙোৰ খাই পৰিছে। ইডিয়ে ট্ৰাইচিৰ অধীনত থকা বিভিন্ন জুৱেলাৰী শাখাত অভিযান চলাইছিল। এই শাখাসমূহ তামিলনাডু, পণ্ডুচেৰী, চেন্নাইত আছে। ২০ নৱেম্বৰত অভিযান চলাই ইডিয়ে প্ৰায় ২৩ লাখ টকা আৰু সোনৰ আ-অলংকাৰ জব্দ কৰিছিল।
অভিনেতাগৰাকীয়ে অহা সপ্তাহত ইডি কাৰ্যালয়ত উপস্থিত হ'ব লাগিব। অৱশ্যে বৰ্তমান পৰ্যন্ত এই সন্দৰ্ভত অভিনেতাগৰাকীয়ে কোনো মন্তব্য প্ৰদান কৰা নাই।
Also Read: বোকাজানত হাতীৰ আক্ৰমণত নিহত শিশুসহ ৪ জন...