ডিজিটেল ডেস্ক : আম আদমী পাৰ্টী শাসনত অহাৰ পৰাই শিক্ষাকেই প্ৰাধান্য দি আহিছে দলটোৰ শীৰ্ষ নেতা সকলে । ভাৰতৰ দৰে তৃতীয় বিশ্বৰ দেশ এখনত শিক্ষাৰ মাহাত্ম্য বুজি পোৱা নেতাৰ অভাৱ ভাৰতত । সফলতা, বিফলতা একাষৰীয়াকৈ থলেও নিৰ্বাচনী প্ৰচাৰৰ বাবে শিক্ষাক মূল গুৰুত্ব প্ৰদান কৰাতো এক প্ৰকাৰৰ সফলতাই ভাৰতীয় ৰাজনীতিৰ বাবে । শিক্ষাৰ গুৰুত্ব সকলোৱে বুজি পাবলৈ এতিয়াও বহু বাকী দেশত ।
এনে এক সময়তেই পঞ্জাৱৰ শিক্ষানুষ্ঠান সমূহৰ অধ্যক্ষ সকলৰ সৈতে হোৱা এক মত বিনিময় অনুষ্ঠানত দিল্লীৰ মুখ্যমন্ত্ৰী তথা আম আদমী পাৰ্টীৰ মুৰব্বী গৰাকীয়ে কৰিলে এক বিৰল ঘোষণা । পঞ্জাৱ আৰু দিল্লীৰ শিক্ষানুষ্ঠান সমূহ কেৱল আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়লৈ লৈ যোৱাই নহয় বৰং বিশ্বৰ ভিতৰতেই সৰ্বশ্ৰেষ্ঠ ৰূপে গঢ় দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে অৰৱিন্দ কেজৰিৱালে ।
ইয়াৰ সৈতেই দিল্লীৰ মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, দিল্লীৰ শিক্ষা ব্যৱস্থাৰ দ্বায়িত্ব হাতত লোৱাৰে পৰা বৰ্তমানৰ অৱস্থালৈ আনিবলৈ কৰিব লগীয়া হৈছিল যথেষ্ট কষ্ট । যাৰ বাবে দিল্লীত প্ৰয়োজন হৈছিল ৭ বছৰৰ । কিন্তু ইতিমধ্যে শিক্ষা লাভ কৰা আম আদমি পাৰ্টীক পাঞ্জাৱত ইয়াতকৈ কম সময়ৰ প্ৰয়োজন হ'ব বুলিও জনাই অৰৱিন্দ কেজৰিৱালে ।
উল্লেখ্য যে, দেশত বিনামূলীয়া ঋণ, ৰাজসাহাজ্যতকৈ প্ৰয়োজন শিক্ষা আৰু সংস্থাপনৰ । কোনো ৰাজনৈতিক দলে এই কথাটো অনুধাৱণ কৰি ইয়াত গুৰুত্ব আৰোপ কৰাতো সচাকৈয়ে প্ৰশংসনীয় । এতিয়া অপেক্ষা মাথো এই ঘোষণা কেৱল আগন্তুক নিৰ্বাচনকেন্দ্ৰিক অথবা মদগৰ্বী ভাষণ নে সচাকৈয়ে ভাৰতীয় শিক্ষা ব্যৱস্থাত কোনো সলনি অনাৰ পক্ষত অৰৱিন্দ কেজৰিৱালৰ দল আম আদমী পাৰ্টী...
আৰু পঢ়ক : অন্ত পৰা নাই স্পেনিছ ফুটবলত বৰ্ণ বৈষম্যৰ...