মোডী, শ্বাহ আৰু ৰাহুল গান্ধীয়ে ভংগ কৰিছে নিৰ্বাচনী আচৰণবিধি !

মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ড বিধানসভা নিৰ্বাচনত নিৰ্বাচনী আচৰণবিধি উলংঘন কৰাৰ অভিযোগত বিজেপি আৰু কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বলৈ জাননী জাৰি কৰিছে নিৰ্বাচন আয়োগে। জানিব পৰা মতে কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গে আৰু বিজেপি সভাপতি জে পি নড্ডালৈ জাননী জাৰি কৰিছে আয়োগে। 

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
নিৰ্বাচন আয়োগৰ জাননী

ডিজিটেল ডেস্কঃ মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ড বিধানসভা নিৰ্বাচনত নিৰ্বাচনী আচৰণবিধি উলংঘন কৰাৰ অভিযোগত বিজেপি আৰু কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বলৈ জাননী জাৰি কৰিছে নিৰ্বাচন আয়োগে। জানিব পৰা মতে কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গে আৰু বিজেপি সভাপতি জে পি নড্ডালৈ জাননী জাৰি কৰিছে আয়োগে। 

দুয়োটা দলৰ দুয়োগৰাকী নেতাই অহা ১৮ নৱেম্বৰৰ ভিতৰত এই জাননীৰ উত্তৰ দিব লাগিব। উল্লেখ্য যে, কংগ্ৰেছৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ বিৰুদ্ধে নিৰ্বাচনী আচৰণবিধি উলংঘনৰ অভিযোগ উত্থাপন কৰিছিল।

যোৱা ১৪ নৱেম্বৰত জয়ৰাম ৰমেশে নিৰ্বাচন আয়োগত মোডী,শ্বাহৰ বিৰুদ্ধে লিখিত অভিযোগো দাখিল কৰিছিল। এই অভিযোগ পত্ৰত তেওঁ লিখিছিল ৮ নৱেম্বৰত মহাৰাষ্ট্ৰৰ নাছিক আৰু ধুলেত অনুষ্ঠিত হোৱা নিৰ্বাচনী প্ৰচাৰত অসত্য আৰু বিভাজনমূলক, আপত্তিজনক ভাষণ দিছিল মোডী আৰু শ্বাহে। 

প্ৰাক্তন প্ৰধানমন্ত্ৰী জৱহৰলাল নহেৰু, ইন্দিৰা গান্ধী আৰু ৰাজীৱ গান্ধীৰ বিৰুদ্ধে দুই নেতাই আপত্তিজনক মন্তব্য কৰাৰ তেওঁ অভিযোগ কৰিছিল। এনে আপত্তিজনক ভাষণৰ বাবে দুই নেতাৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ দাখিলৰো নিৰ্দেশ দিয়াৰ দাবী কৰিছিল।

আনহাতে কংগ্ৰেছ সাংসদ তথা বিৰোধী দলপতি ৰাহুল গান্ধীৰ বিৰুদ্ধে নিৰ্বাচনী আচৰণ বিধি উলংঘনৰ অভিযোগ তুলি আয়োগত অভিযোগ দাখিল কৰিছিল বিজেপি নেতা অৰ্জুন ৰাম মেঘৱালে। গেৰুৱা শিবিৰৰ অভিযোগ আছিল ৰাহুল গান্ধীয়ে ৰাজ্যসমূহৰ মাজত সংঘাত সৃষ্টিৰ চেষ্টা কৰিছে।

সংবিধানৰ বিৰুদ্ধে ভাষণ দিয়াৰ লগতে বিজেপিয়ে সংবিধানৰ বিৰুদ্ধে কাম কৰাৰ অসত্য কথা ভাষণত উল্লেখ কৰাৰ অভিযোগ দিছিল। বিজেপিয়ে অভিযোগ কৰিছে ৰাহুল গান্ধীক বাৰে বাৰে সতৰ্ক কৰি দিয়াৰ পিছতো তেওঁ এনে মন্তব্য কৰি আহিছে। সেয়েহে তেওঁৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে।

সেয়ে নিৰ্বাচন আয়োগে এই দুই অভিযোগৰ সন্দৰ্ভতে দুয়োটা দলৰ নেতালৈ জাননী জাৰি কৰিছে। অহা ১৮ নৱেম্বৰৰ ভিতৰত দুয়োটা দলে এই জাননীৰ উত্তৰ দিব লাগিব। তাৰোপৰি দুয়োটা দলকে সতৰ্ক কৰি দিছে আগন্তুক সময়ত যাতে তেওঁলোকে নিৰ্বাচনী আচৰণবিধি মানি চলে।

ৰাহুল গান্ধী নৰেন্দ্ৰ মোডী নিৰ্বাচন আয়োগ অমিত শ্বাহ