ডিজিটেল ডেস্কঃ উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান। অসাংবিধানিক মোডী চৰকাৰৰ ইলেক্টৰেল বণ্ড। ইলেক্টৰেল বণ্ডৰ জৰিয়তে ৰাজনৈতিক দলসমূহক অনুদান দিয়াৰ প্ৰক্ৰিয়া অসাংবিধানিক। উচ্চতম ন্যায়ালয়ৰ সাংবিধানিক বেঞ্চে ইলেক্টৰেল বণ্ড সন্দৰ্ভত শুনানি গ্ৰহণ কৰি কয়, নৰেন্দ্ৰ মোডীৰ কাৰ্যকালত আৰম্ভ হোৱা ইলেক্টৰেল বণ্ড প্ৰণালী সংবিধানৰ অনুচ্ছেদ ১৯ 'এ' ধাৰাৰ বিৰোধী। এই ইলেক্টৰেল বণ্ড প্ৰণালী বন্ধ হোৱা উচিত। ইয়াৰোপৰি ২০১৯ চনৰ পৰা বৰ্তমানলৈকে সকলো ইলেক্টৰেল বণ্ডৰ তথ্য দিবলৈ ন্যায়ালয়ে নিৰ্দেশ দিছে ভাৰতীয় ষ্টেট বেংকক। অহা ৬ মাৰ্চৰ ভিতৰত দিব লাগিব এই তথ্য।
উল্লেখ্য যে, ৰাজনৈতিক দলসমূহক অনুদান দিয়াৰ ক্ষেত্ৰত নৰেন্দ্ৰ মোডী চৰকাৰে প্ৰৱৰ্তন কৰা নিৰ্বাচনী বণ্ড ব্যৱহাৰৰ ক্ষেত্ৰত স্বচ্ছতা আছেনে নাই সেই সন্দৰ্ভত বৃহস্পতিবাৰে গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰিলে। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড় নেতৃত্বাধীন ৫ জনীয়া বিচাৰপতিৰ সাংবিধানিক বেঞ্চে ২০২৩ ৰ ২ নৱেম্বৰত এই সংক্ৰান্তত গোচৰৰ শুনানি শেষ কৰি সংৰক্ষণ কৰি ৰাখিছিল।
বিগত বছৰত নিৰ্বাচনী বণ্ড প্ৰকল্পৰ বৈধতাক চেলেঞ্জ কৰি জনোৱা আৱেদনৰ শুনানিৰ সময়ত দেখা গৈছিল যে, নিৰ্বাচনী বণ্ডৰ জৰিয়তে শাসকীয় দলক কোনে পুঁজি যোগান ধৰিছে সেই বিষয়ে সমগ্ৰ তথ্য গোপনে থাকে যদিও একেটা পদ্ধতিৰেই বিৰোধী দলসমূহক যিসকলে নিৰ্বাচনী পুঁজি যোগান ধৰে সেইসকলৰ তথ্য প্ৰকাশ কৰিব পাৰি। শাসকীয় দলে উচ্চতম ন্যায়ালয়ত যুক্তি দিছিল, ৰাজনৈতিকদলসমূহৰ পুঁজিৰ উৎস কি সেয়া ভোটাৰসকলৰ জনাৰ কোনো অধিকাৰ নাই।
এই গোচৰৰ শুনানি গ্ৰহণ কৰা উচ্চতম ন্যায়ালয়ৰ পাঁচজনীয়া বিচাৰপীঠত আছে মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়, ন্যায়াধীশ সঞ্জীৱ খান্না, ন্যায়াধীশ বি আৰ গাভাই, ন্যায়াধীশ জে বি পাৰ্দিৱালা আৰু ন্যায়াধীশ মনোজ মিশ্ৰ। উল্লেখ্য যে, নৰেন্দ্ৰ মোডী নেতৃত্বাধীন বিজেপি চৰকাৰে নিৰ্বাচনত ক'লা ধন ব্যৱহাৰৰ বন্ধ কৰাৰ অচিলাৰে নিৰ্বাচনী বণ্ড প্ৰৱৰ্তন কৰিছিল।
২০১৮ ত অৰুণ জেটলী কেন্দ্ৰীয় বিত্তমন্ত্ৰী হিচাপে দায়িত্বত থকাৰ সময়তে নিৰ্বাচনী বণ্ড ঘোষণা কৰিছিল। ২০১৭ চনত কেন্দ্ৰীয় চৰকাৰে বিত্তীয় বিধেয়কৰ জৰিয়তে এই আইনত কেইবাটাও সংশোধন ঘটাই ২০১৮ চনৰ পৰা নিৰ্বাচনী বণ্ড প্ৰণালী প্ৰৱৰ্তন কৰিছিল।
ফলত কোনো ব্যক্তি, সংস্থাই যদি ৰাজনৈতিক দলক আৰ্থিক অনুদান প্ৰদান কৰিব বিচাৰে তেন্তে তেওঁলোকে বণ্ড ক্ৰয় কৰিব লাগে। এই বণ্ডসমূহ আছিল এক হাজাৰ, ১০ হাজাৰ, ১ লাখ, ১০ লাখ আৰু ১ কোটি টকাৰ। এই বণ্ডবোৰ ৰাজনৈতিক দলসমূহে লাভ কৰাৰ পাছতে তেওঁলোকে নিৰ্দিষ্ট একাউণ্টলৈ ৰিডিম কৰিব পাৰে। কিন্তু কোনে, কিমান টকা দিলে সেয়া জানিব নোৱাৰে।
এই ব্যৱস্থা প্ৰৱৰ্তন হোৱাৰ পাছতে সমগ্ৰ ব্যৱস্থাটোৰ স্বচ্ছতাক লৈ প্ৰশ্ন উত্থাপিত হৈছে। বিৰোধী দলসমূহৰ যুক্তি আছিল এই ব্যৱস্থাই স্বচ্ছতা দূৰ কৰা নাই, বৃদ্ধিহে কৰিছে। বিশ্বৰ কোনো দেশতে এনে ব্যৱস্থা নাই।
এক দীঘলীয়া আইনী যুঁজৰ অন্তত উচ্চতম ন্যায়ালয়ে আজি এই গোচৰৰ চূড়ান্ত ৰায় প্ৰদান কৰিলে। বিৰোধীৰ যুক্তি আছিল কেন্দ্ৰ আৰু বেছিভাগ ৰাজ্যত শাসনত থকা গেৰুৱা দলে অসাংবিধানিকভাৱে পুঁজি আমদানি কৰিবলৈ "চিৰস্থায়ী বন্দবস্ত"ৰ ব্যৱস্থা কৰিছে। সেয়েহে বিজেপিয়ে এই ব্যৱস্থা অটুট ৰাখিবলৈ চেষ্টা চলাই আহিছে।
এক পৰিসংখ্যা অনুসৰি নিৰ্বাচনী বণ্ড ক্ৰয়ৰ ক্ষেত্ৰত মূলতঃ ১০ লাখ আৰু ১ কোটি টকাৰ বণ্ডেই সৰ্বাধিক। যাৰ পৰা এটা কথা স্পষ্ট হৈছে, ব্যক্তি বিশেষৰ বিপৰীতে কৰ্পোৰেট সংস্থাসমূহেই ৰাজনৈতিক দলসমূহক সৰ্বাধিক অনুদান আগবঢ়াইছে। এই অনুদান লাভৰ ক্ষেত্ৰত শীৰ্ষত আছে বিজেপি। বিজেপি আৰু বিৰোধী ৰাজনৈতিক দলৰ মাজত নিৰ্বাচনী বণ্ড প্ৰাপ্যৰ প্ৰাৰ্থক্য আকাশ-পাতাল।
Also Read: লোকসভা এৰি ৰাজ্যসভাৰ দুৱাৰত টোকৰঃ ক্লান্ত হৈছে কোন- কংগ্ৰেছ নে ছোনিয়া গান্ধী?