নিবনুৱা সমস্যাই ৰেকৰ্ড গঢ়াৰ সময়তে ৰিজাৰ্ভ বেংকৰ বিভ্ৰান্তিকৰ প্ৰতিবেদন !

চিটিগ্ৰুপৰ প্ৰতিবেদনৰ পাছতে ৰিজাৰ্ভ বেংকে প্ৰকাশ কৰা তথ্যক লৈ চৰ্চা
নিবনুৱা সমস্যাই ৰেকৰ্ড গঢ়াৰ সময়তে ৰিজাৰ্ভ বেংকৰ বিভ্ৰান্তিকৰ প্ৰতিবেদন !
নিবনুৱা সমস্যাই ৰেকৰ্ড গঢ়াৰ সময়তে ৰিজাৰ্ভ বেংকৰ বিভ্ৰান্তিকৰ প্ৰতিবেদন !
Published on
Updated on

ডিজিটেল ডেস্কঃ মাত্ৰ দুদিন পূৰ্বে ভাৰতৰ নিবনুৱাক লৈ চিটিগ্ৰুপৰ এক প্ৰতিবেদন প্ৰকাশ পাইছিল। বেচৰকাৰী সংস্থা চিটিগ্ৰুপৰ এই প্ৰতিবেদনত উল্লেখ কৰা হৈছিল অহা এটা দশকত ভাৰতে আৰ্থিক বৃদ্ধিৰ হাৰৰ লক্ষ্য অতিক্ৰম কৰিবলৈ সক্ষম হ’ব যদিও নিবনুৱা সমস্যাই এক ভয়াৱহ ৰূপ ধাৰণ কৰিব।

চিটিগ্ৰুপৰ এই প্ৰতিবেদনৰ পাছতেই কেন্দ্ৰীয় চৰকাৰক ৰক্ষা কৰিবলৈ উঠিপৰি লাগিছে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া। চিটিগ্ৰুপৰ প্ৰতিবেদনক এক প্ৰকাৰে নস্যাৎ কৰি ৰিজাৰ্ভ বেংকে প্ৰকাশ কৰিছে আন এক প্ৰতিবেদন।

এই প্ৰতিবেদনে এতিয়া সকলোৰে চকু কপালত তুলিছে। যিসময়ত দেশত বৰ্ধিত নিবনুৱাই ভয়াৱহ সমস্যাৰ সৃষ্টি কৰিছে সংস্থাপনৰ অভাৱত যুঁদ্ধতো জপিয়াই পৰিবলৈ নিবনুৱা সাজু হৈছে সেই সময়তে ৰিজাৰ্ভ বেংকৰ এই প্ৰতিবেদনে দাবী কৰিছে যোৱা এটা বছৰত দেশত কৰ্ম সংস্থাপন দুগুণে বৃদ্ধি হৈছে।

ৰিজাৰ্ভ বেংকৰ দাবী ২০২৩-২৪ অৰ্থনৈতিক বৰ্ষত দেশত ৪ কোটি ৭০ লাখ নতুন কৰ্মসংস্থাপন তৈয়াৰ হৈছে। ৰিজাৰ্ভ বেংকৰ দাবী তথ্যভাণ্ডাৰৰ পৰিসংখ্যা অনুসৰি ২০২২-২৩ অৰ্থভাণ্ডাৰে দেশত মুঠ কৰ্মসংস্থাপনৰ সুযোগ দিছিল ৫৯ কোটি ৯৭ লাখ।

২০২৩-২৪ বৰ্ষত এই সংখ্যা বৃদ্ধি হৈছে ৬৪ কোটি ৩৩ লাখলৈ। এই পৰিসংখ্যা অনুসৰি দেশত এবছৰত কৰ্ম সংস্থাপন বৃদ্ধি পাইছে ৬ শতাংশ। ৰিজাৰ্ভ বেংকে দাবী কৰিছে যোৱা এবছৰত দেশৰ মুঠ ২৭ টা ক্ষেত্ৰত কৰ্মসংস্থাপনৰ সুযোগ বৃদ্ধি পাইছে।

ৰিজাৰ্ভ বেংকে এই প্ৰতিবেদন প্ৰকাশ কৰি চিটিগ্ৰুপৰ প্ৰতিবেদনক এক প্ৰকাৰে নস্যাৎ কৰিলে। চিটিগ্ৰুপে তেওঁলোকৰ প্ৰতিবেদনত উল্লেখ কৰিছিল অহা এটা দশকত ভাৰতৰ আৰ্থিক বৃদ্ধিৰ লক্ষ্য পূৰণ হ'ব।

কিন্তু সেই লক্ষ্য পূৰণ হলেও নিবনুৱাৰ সমস্যা হ্ৰাস নাপায়। বৰ্তমান দেশৰ আৰ্থিক বৃদ্ধিৰ হাৰ কমবেছি ৭ শতাংশ। অহা ১০ বছৰত এই হাৰ বৃদ্ধিৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে নৰেন্দ্ৰ মোডী চৰকাৰে।

কিন্তু চিটিগ্ৰুপৰ প্ৰতিবেদনে দাবী কৰিছে আৰ্থিক বৃদ্ধি সম্ভৱ হলেও নিবনুৱা সমস্যা হ্ৰাস কৰাতো সম্ভৱ নহয়। ভাৰতৰ বৰ্ধিত জনসংখ্যাৰ মাজত চাকৰিৰ চাহিদা দূৰ কৰিবলৈ বছৰে অন্ততঃ ১ কোটি ২০ লাখ নতুন চাকৰিৰ সুযোগ তৈয়াৰ কৰাৰ প্ৰয়োজন। কিন্তু বৰ্তমানৰ হাৰত আৰ্থিক বৃদ্ধি হলে ৮০ৰ পৰা ৯০ লাখৰ অধিক চাকৰিৰ সুযোগ তৈয়াৰ কৰাৰ সম্ভৱ নহয়।  

উল্লেখ্য যে, কেন্দ্ৰীয় শ্ৰম মন্ত্ৰণালয়েও ইতিমধ্যে চিটিগ্ৰুপৰ এই প্ৰতিবেদনক নস্যাৎ কৰিছে। বহুতৰ মতে ৰিজাৰ্ভ বেংকে প্ৰকাশ কৰা তথ্যই চিটিগ্ৰুপৰ প্ৰতিবেদনক সম্পূৰ্ণৰূপে নস্যাৎ কৰিছে। কিন্তু ৰিজাৰ্ভ বেংকে কোৱাৰ দৰে দেশত সংস্থাপনৰ সংখ্যা দুগুণ বৃদ্ধি হোৱা বিষয়টোকো সহজে মানি ল’ব পৰা নাই এই লোকসকলে।

নিবনুৱা সমস্যাই ৰেকৰ্ড গঢ়াৰ সময়তে ৰিজাৰ্ভ বেংকৰ বিভ্ৰান্তিকৰ প্ৰতিবেদন !
টকা থাকিলেই নহ'ব, নিৰামিষভোজী হ'লেহে ফ্লেট কিনিব পাৰিব !

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in