অশান্ত জম্মু-কাশ্মীৰ ! অনন্তনাগৰ সংঘৰ্ষৰ মাজতে বাৰমুলাত সেনা-সন্ত্ৰাসবাদীৰ যুঁজ...
অশান্ত জম্মু-কাশ্মীৰ ! অনন্তনাগৰ সংঘৰ্ষৰ মাজতে বাৰমুলাত সেনা-সন্ত্ৰাসবাদীৰ যুঁজ...kashmir

অশান্ত জম্মু-কাশ্মীৰ ! অনন্তনাগৰ সংঘৰ্ষৰ মাজতে বাৰমুলাত সেনা-সন্ত্ৰাসবাদীৰ যুঁজ...

Published on

ডিজিটেল ডেস্কঃ যোৱা বুধবাৰৰ পৰা জম্মু-কাশ্মীৰৰ অনন্তনাগত সেনা-সন্ত্ৰাসবাদীৰ মাজত অব্যাহত আছে সংঘৰ্ষ। এই সংঘৰ্ষৰ মাজতেই শনিবাৰে বাৰমুলাত সন্ত্ৰাসবাদীৰ সৈতে নতুনকৈ সংঘৰ্ষৰ সূত্ৰপাত হৈছে।

দুয় পক্ষৰ মাজত চলিছে প্ৰচণ্ড গুলীয়াগুলী। সেনাৰ সূত্ৰত প্ৰকাশিত খবৰ অনুসৰি তিনিটাকৈ সন্ত্ৰাসবাদীয়ে নিয়ন্ত্ৰণ ৰেখা অতিক্ৰম কৰি উৰিত প্ৰৱেশ কৰাৰ চেষ্টা চলাইছিল।

কিন্তু সেই অনুপ্ৰৱেশৰ অপচেষ্টা ৰোধ কৰে ভাৰতীয় সেনাই। তিনিওটা সন্ত্ৰাসবাদীয়ে অনুপ্ৰেৱশৰ চেষ্টা কৰাৰ খবৰ পোৱাৰ মাত্ৰকে জম্মু-কাশ্মীৰ আৰক্ষীৰ সহায়ত সেনাই যৌথভাৱে অভিযান আৰম্ভ কৰে।

ইয়াৰ পাছতে এই তিনিওটা সন্ত্ৰাসবাদীয়ে ভাৰতীয় সুৰক্ষা বাহিনীলৈ লক্ষ্য কৰি গুলী চালনা কৰে। ভাৰতীয় সুৰক্ষা বাহিনীৰ ফালৰ পৰাও সন্ত্ৰাসবাদী কেইটাক প্ৰত্যুত্তৰ দিয়ে। কিছু সময় ধৰি চলা এই গুলীয়াগুলীত দুটাকৈ সন্ত্ৰাসবাদীৰ মৃত্যু হোৱাৰ লগতে আন এটা সন্ত্ৰাসবাদী গুৰুতৰ ভাৱে আহত হৈছে।

সেনাই উদ্ধাৰ কৰিছে নিহত দুই সন্ত্ৰাসবাদীৰ মৃতদেহ। ইফালে এই দুই সন্ত্ৰাসবাদীৰ মৃতদেহ উদ্ধাৰৰ বাবে যোৱাৰ সময়তে নিয়ন্ত্ৰণ ৰেখাৰ ওপৰৰ পৰা পাকিস্তানৰ সেনা বাহিনীয়ে গুলী চালনা কৰিছে বুলিও সেনাৰ সূত্ৰত প্ৰকাশ পাইছে।

উল্লেখ্য যে, বুধবাৰৰ পৰা অনন্তনাগত চলি আছে সেনা আৰু সন্ত্ৰাসবাদীৰ গুলী চালনা। এই সংঘৰ্ষতে এজন কৰ্ণেল, এজন মেজৰ আৰু এজন ডি এছ পিৰ মৃত্যু হৈছিল। নিখোঁজ হৈ আছে এজন সেনা জোৱান।

সেই সংঘৰ্ষ এতিয়াও অব্যাহত আছে। তাৰ মাজতেই বাৰমুলাত সংঘটিত হোৱা এই ঘটনাই ভূ-স্বৰ্গ জম্মু-কাশ্মীৰক অশান্ত কৰি তোলাৰ ইংগিত প্ৰদান কৰিছে।

অশান্ত জম্মু-কাশ্মীৰ ! অনন্তনাগৰ সংঘৰ্ষৰ মাজতে বাৰমুলাত সেনা-সন্ত্ৰাসবাদীৰ যুঁজ...
ধেমাজি জিলা স্বাস্থ্য বিভাগৰ 'আয়ুস্মান ভৱ' অভিযানৰ প্ৰস্তুতি সম্পন্ন...
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in