অনুশীলনৰ বাবে খেলপথাৰত নামিল ধোনী, আনন্দত আত্মহাৰা সমগ্ৰ ষ্টেডিয়াম

author-image
Asomiya Pratidin
New Update
অনুশীলনৰ বাবে খেলপথাৰত নামিল ধোনী, আনন্দত আত্মহাৰা সমগ্ৰ ষ্টেডিয়াম

ডিজিটেল ডেস্ক : ভাৰতীয় ক্ৰিকেটৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ নহ'লেও নিজস্ব এক পৰিচয় আছে প্ৰাক্তন অধিনায়ক, খেলুৱৈ মহেন্দ্ৰ সিং ধোনীৰ । যেন এক ব্ৰেণ্ড হে । মহেন্দ্ৰ সিং ধোনীৰ বেটিং সম্পৰ্কে কাৰোবাৰ কিবা দ্বিমত থাকিলেও অধিনায়ক হিচাপে ধোনীৰ সফলতালৈ কোনেও আঙুলিয়াব নোৱাৰে । একেমুখেই স্বীকাৰ কৰিব লাগিব ধোনীৰ অধিনায়কত্বৰ সফলতাত । ইয়াৰ ওপৰিও ২০১১ বিশ্বকাপৰ ফাইনেলত কৰা পৰাক্ৰমী বেটিঙো সকলোৰে মনত জীপাল হৈ থাকি যাব চিৰদিনৰ বাবে ।

একে সময়তেই ক্ৰিকেটৰ জনপ্ৰিয় টি-২০ সংস্কৰণৰ প্ৰতিযোগিতা আই পি এলতো চেন্নাই চুপাৰ কিংছৰ হৈ বিগত বৰ্ষ কেইটাত কৰা প্ৰদৰ্শনে দৰ্শকৰ অন্যতম প্ৰিয় খেলুৱৈ ৰূপে গঢ়ি তুলিছিল ধোনীক । সেই ধোনীয়ে আন্তৰ্জাতিক ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিলেও যেন শেষবাৰৰ বাবে খেলপথাৰত অৱতীৰ্ণ হ'ব বিচাৰিছে চেন্নাই চুপাৰ কিংছৰ হৈ ।

চেন্নাই চুপাৰ কিংছৰ সৰ্বকালৰ প্ৰিয় খেলুৱৈ জনে কেৱল খেলপথাৰত অনুশীলনৰ বাবে আহোতেই সমগ্ৰ ষ্টেডিয়ামত দেখা গ'ল এক উৎসৱমুখৰ পৰিৱেশ । চৌদিশে কেৱল ধোনীৰ নাম । আকাশে বতাহে গুঞ্জৰিত হ'ল 'থালা'ক অভিবাদন জনাই আনন্দত উৎফুল্লিত হৈ পৰা দৰ্শকৰ মাত । এয়াই ভাৰতীয় ক্ৰিকেটপ্ৰেমীৰ প্ৰিয় অধিনায়ক গৰাকীৰ প্ৰতি থকা সন্মান আৰু আৱেগৰ প্ৰতীক ।

Also Read: চীনৰ নিৰ্দেশনাক অমান্য কৰি তিব্বতৰ তৃতীয় সৰ্বোচ্চ ধৰ্মীয় পদত ৮ বছৰীয়া এটি শিশু

IPL 2023 mahendra singh dhoni