EPFO ৰ তথ্যঃ ছেপ্টেম্বৰত নতুন সংস্থাপনৰ সংখ্যা বৃদ্ধি পালে ৯.৩ শতাংশ

ভাৰতীয় শ্ৰম মন্ত্ৰণালয়ৰ শেহতীয়া তথ্য অনুসৰি ২০২৪ চনত দেশত কৰ্ম সংস্থাপনৰ দিশত যথেষ্ট উন্নতি দেখা পোৱা গৈছে। চলিত বছৰৰ ছেপ্টেম্বৰ মাহত EPFO ই প্ৰকাশ কৰা মতে দেশত ১৮.৮ লাখ নতুন চাকৰি সৃষ্টি হৈছে। বিগত বছৰৰ এই সময়ৰ তুলনাত ৯.৩ শতাংশ অধিক। 

author-image
Asomiya Pratidin
New Update
নতুন সংস্থাপন

ডিজিটেল ডেস্কঃ ভাৰতীয় শ্ৰম মন্ত্ৰণালয়ৰ শেহতীয়া তথ্য অনুসৰি ২০২৪ চনত দেশত কৰ্ম সংস্থাপনৰ দিশত যথেষ্ট উন্নতি দেখা পোৱা গৈছে। চলিত বছৰৰ ছেপ্টেম্বৰ মাহত এম্পপ্লয়িজ প্ৰভিডেণ্ট ফাণ্ড অৰ্গেনাইজেছন চমুকৈ EPFO ই প্ৰকাশ কৰা মতে দেশত ১৮.৮ লাখ নতুন চাকৰি সৃষ্টি হৈছে। বিগত বছৰৰ এই সময়ৰ তুলনাত ৯.৩ শতাংশ অধিক। 

এই পৰিসংখ্যা অনুসৰি চলিত বছৰৰ আগষ্ট মাহৰ তুলনাত ছেপ্টেম্বৰত চাকৰি সৃষ্টিৰ সংখ্যা বৃদ্ধি হৈছে ১.৬ শতাংশ। এই সময়ছোৱাত EPFO ত ৯৫০,০০০ নতুন সদস্য অন্তৰ্ভুক্ত হৈছে। যোৱা বছৰৰ ছেপ্টেম্বৰৰ তুলনাত এই সংখ্যা ৬.২ শতাংশ অধিক।

মন্ত্ৰণলায়ে জনাইছে EPFO ত এইদৰে সদস্য বৃদ্ধিৰ প্ৰধান কাৰণ হ’ল কৰ্ম সংস্থাপনৰ সুযোগ বৃদ্ধি আৰু কৰ্মচাৰীৰ সুবিধাসমূহৰ প্ৰতি সচেতনতা আৰু EPFO ৰ সফলৰ প্ৰচাৰ কাৰ্যক্ৰম।

ইয়াৰোপৰি ২০২৪ ৰ ছেপ্টেম্বৰত EPFO ত অন্তৰ্ভুক্ত হোৱা ৮৪০,০০০ সদস্য অৰ্থাত ৪৪.৬ শতাংশই হৈছে ১৮ ৰ পৰা ২৫ বছৰৰ মাজৰ। যিয়ে প্ৰমাণ কৰে সংগঠিত কৰ্ম সংস্থাপন যোগানদাৰীৰ বেছি ভাগেই যুৱক। এইসকল বিশেষকৈ প্ৰথমবাৰৰ বাবে চাকৰি বিচাৰি চাকৰি পোৱা ব্যক্তি।

মহিলা সদস্যসকলৰ ক্ষেত্ৰতো ইতিবাচক প্ৰবণতা দেখিবলৈ পোৱা গৈছে। ছেপ্টেম্বৰ মাহত ৩৭০,০০০ মহিলা সদস্য EPFO ত যোগদান কৰিছে। ২০২৩ ৰ ছেপ্টেম্বৰৰ তুলনাত এই সংখ্যা ১২.১ শতাংশ অধিক। এই বৃদ্ধিয়ে কৰ্মক্ষেত্ৰ আৰু অধিক বৈচিত্ৰময় আৰু অন্তুৰ্ভুক্তিৰ ইংগিত প্ৰদৰ্শন কৰিছে।

মহাৰাষ্ট্ৰ, কৰ্ণাটক, তামিলনাডু, হাৰিয়ানা আৰু গুজৰাট এই পাঁচ ৰাজ্যত মুঠ ১.১৩ কোটি নতুন সদস্যই EPFOত যোগদান কৰিছে। এই সংখ্যা ছেপ্টেম্বৰত EPFO ত যোগদান কৰা মুঠ সদস্যৰ ৫৯.৮১ শতাংশ। ইয়াৰ ভিতৰত মহাৰাষ্ট্ৰৰ অকলেই অৱদান হৈছে ২১.২ শতাংশ।

EPFOৰ নতুন সদস্যসকলৰ ভিতৰত বেছি ভাগ সদস্যই বিভিন্ন সেৱা খণ্ড যেনে নিৰাপত্তা, গাৰ্মেণ্টছ, হাস্পতাল আদিৰ দৰে খণ্ডত নিয়োগ হৈছে। এই পৰিসংখ্যা প্ৰাথমিক আৰু নিয়মিত আপডেটৰ জৰিয়তে সংগ্ৰহ কৰা হৈছে। EPFO য়ে ২০১৮ ৰ এপ্ৰিলৰ পৰা প্ৰতি মাহে এই তথ্য প্ৰকাশ কৰি আহিছে।

 

 

সংস্থাপন চাকৰি EPFO