এইসকলে হেলমেট নিপিন্ধিলেও ভৰিব নালাগে জৰিমনা

এইসকলে হেলমেট নিপিন্ধিলেও ভৰিব নালাগে জৰিমনা
Published on
Updated on

ডিজিটেল ডেস্ক : দেশৰ জনসাধাৰণ সুৰক্ষাৰ কথা বিবেচনা কৰি যান-বাহন চলাচলৰ ক্ষেত্ৰত পৰিবহন বিভাগে কেতবোৰ নিয়ম প্ৰণয়ন কৰিছে। বাহন চালকে এই নিয়মসমূহ ভংগ কৰিলে বিধি অনুসৰি জৰমণা বিহা হয়।

ন পাৰ্কিংত গাড়ী ৰখোৱা, পথ নিৰ্দেশনা ভংগ, অত্যাধিক বোজা কঢ়িওৱা, কাৰোবাক খুন্দিওৱা, প্ৰদূষণ, বীমা ফেইল ইত্যাদি নানা নিয়মৰ মাজৰ অন্যতম নিয়ম হৈছে চালক আৰু আৰোহীয়ে হেলমেট পৰিধান কৰা। কোনো লোকে যদি এই নিয়ম ভংগ কৰে তেন্তে ৫হাজাৰ টকাপৰ্যন্ত জৰিমনা তথা শাস্তিৰ সন্মুখীন হ’ব লগা হয়।  

পিছে আপোনালোকে জানি আচৰিত হ’ব যে এই নিয়মবোৰৰ মাজতে আছে অন্য এক সুকীয়া নিয়ম। এটা বিশেষ সম্প্ৰদায়ৰ লোকৰ ক্ষেত্ৰত হেলমেট পৰিধানৰ নিয়মৰ পৰা মুক্ত কৰি দিয়া হৈছে। এক কথাত সেই বিশেষ সম্প্ৰদায়ৰ লোকসকলে হেলমেট পৰিধান নকৰিলেও সন্মুখীন নহয় শাস্তি কিম্বা জৰিমনাৰ।

জানিব আচৰিত হ’ব যে শিখ সম্প্ৰদায়ৰ লোকসকলক হেলমেট অবিহনে গাড়ী চলাবলৈ অনুমতি দিয়া হৈছে। ইয়াৰ কাৰণ হ'ল শিখ সম্প্ৰদায়ৰ লোকসকলে পৰম্পৰা ৰক্ষা কৰি মূৰত পাগুৰি পিন্ধে।

যাৰ বাবে তেঁওলোকে হেলমেট পিন্ধিব নোৱাৰে। পাগুৰি পিন্ধিয়েই তেঁওলোকে যান-বাহন চলাই বা যাত্ৰা কৰে।

তেঁওলোকে পাগুৰিটো ইমানে টানকৈ মাৰে যে হেলমেটৰ সমানেই ই পৰিপূৰক হিচাপে কাম কৰে। যাৰ ফলত চালক বা আৰোহী দুৰ্ঘটনাৰ সন্মুখীন হ’লেও সাম্ভাৱ্য দুৰ্ঘটনাৰ পৰা মূৰটো ৰক্ষা পৰিব পাৰে !

এই কাৰণে, চৰকাৰে শিখ সম্প্ৰদায়ৰ লোকসকলক হেলমেট পৰিধান নকৰিলেও জৰিমনা বা শাস্তিৰ পৰা ৰেহাইৰ অনুমতি দিছে। ইয়াৰোপৰি যদি এজন ব্যক্তি চিকিৎসাজনিত অৱস্থাত থাকে, তেন্তে সেই নিৰ্দিষ্ট ব্যক্তিগৰাকীয়ে হেলমেট পৰিধান নকৰিলেও জৰিমনাৰ পৰা ৰেহাই দিয়া হয়। অৱশ্যে ৰেহাই পাবলৈ, তেওঁ প্ৰমাণ দেখুৱাব লাগিব।

এইসকলে হেলমেট নিপিন্ধিলেও ভৰিব নালাগে জৰিমনা
নলবাৰীত আৰক্ষীৰ গুলীচালনা: আহত মুকালমুৱাৰ ডকাইটি কাণ্ডৰ লগত জড়িত হামিদ আলী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in